--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই সন্দৰ্ভত ৱেষ্ট ইণ্ডিজ ক্ৰিকেট ব’ৰ্ডেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। যদিও সেই ক্ৰিকেটাৰজনৰ নাম এতিয়াও প্ৰকাশ হোৱা নাই, তথাপিও কোৱা হৈছে যে তেওঁ বৰ্তমানৰ দলটোৰ এটা অংশ, অৰ্থাৎ তেওঁ এতিয়াও অৱসৰ লোৱা নাই

ডিজিটেল ডেস্কঃ বৰ্তমান ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট মেচ (AUS vs WI Test) খেলি আছে। ইফালে এক বাতৰিয়ে আলোড়নৰ সৃষ্টি কৰিছে সমগ্ৰ দেশতে। ৱেষ্ট ইণ্ডিজৰ এগৰাকী ক্ৰিকেটাৰৰ বিৰুদ্ধে ১১ গৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ।


এই সন্দৰ্ভত ৱেষ্ট ইণ্ডিজ ক্ৰিকেট ব’ৰ্ডেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। যদিও সেই ক্ৰিকেটাৰজনৰ নাম এতিয়াও প্ৰকাশ হোৱা নাই, তথাপিও কোৱা হৈছে যে তেওঁ বৰ্তমানৰ দলটোৰ এটা অংশ, অৰ্থাৎ তেওঁ এতিয়াও অৱসৰ লোৱা নাই।


স্প’ৰ্টছ মেক্স চেনেলে নিজৰ প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি ৱেষ্ট ইণ্ডিজৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ অংশও থকা গিয়ানাৰ স্থানীয় খেলুৱৈগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সন্দৰ্ভত তেওঁলোকে ক্ৰিকেট ৱেষ্ট ইণ্ডিজক প্ৰশ্ন কৰে। এই অভিযোগৰ বিষয়ে ব’ৰ্ডে অৱগত নেকি বুলি সোধা হৈছিল। যদি সচেতন, তেন্তে ব’ৰ্ডে কি ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু খেলুৱৈক বচাবলৈ ইয়াত ব’ৰ্ডৰ নাম নাহিব বুলি আপুনি কিমান আত্মবিশ্বাসী?


ক্ৰিকেট ৱেষ্ট ইণ্ডিজৰ সভাপতি কিশোৰ শ্বেলো (CWI President Kishore Shallow)। এক প্ৰতিবেদনত তেওঁ কৈছে যে, “ব’ৰ্ডৰ হাতত বৰ্তমান এই বিষয়টোৰ কোনো তথ্য নাই, গতিকে ইয়াৰ ওপৰত কোনো মন্তব্য দিব নোৱাৰে।”


এই খবৰটো প্ৰথম প্ৰকাশ পাইছিল গায়ানাৰ স্থানীয় বাতৰি কাকত কাইটেৰ স্প’ৰ্টছত। শেহতীয়া প্ৰতিবেদনত ক্ৰিকেটাৰগৰাকীক ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰা কমেও ১১ গৰাকী মহিলাৰ বক্তব্য তেওঁলোকে শুনিছে বুলি দাবী কৰিছে। ইয়াৰ ভিতৰত কিশোৰী এগৰাকীও অন্তৰ্ভুক্ত। কাকতখনে এই বাতৰিৰ শিৰোনাম মনষ্টাৰ ইন মেৰুণ ৰাখিছিল।


গায়ানাৰ এজন অধিবক্তা নাইজেল হিউজে স্প’ৰ্টছ মেক্স টিভিৰ সৈতে হোৱা সাক্ষাত্‍কাৰত কয় যে, "২ বছৰৰ আগতে এজন ভুক্তভোগী মোৰ ওচৰলৈ আহিছিল। সেই খেলুৱৈজন ২০২৪ চনৰ জানুৱাৰী মাহত ব্রিজবেনৰ গাবাত অষ্ট্ৰেলিয়াক পৰাস্ত কৰা ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ অংশ আছিল। ভুক্তভোগীয়ে ক্ৰিকেটাৰজনৰ বিৰুদ্ধে কোনো অভিযোগ উত্থাপন কৰা নাই।"


অধিবক্তাগৰাকীয়ে দাবী কৰে যে অষ্ট্ৰেলিয়া ভ্ৰমণৰ পৰা গায়ানালৈ উভতি অহাৰ পিছত খেলুৱৈগৰাকীৰ এই কাৰ্যক লৈ আলোচনা বন্ধ হৈ যায়। কিছুদিন পূৰ্বে এই বিষয়ত পুনৰ প্ৰশ্ন উত্থাপন হৈছে। লগতে তেওঁ কয় যে অষ্ট্ৰেলিয়াৰ পৰা উভতি অহাৰ পিছত খেলুৱৈগৰাকীক গায়ানাত নায়কৰ দৰে আদৰণি জনোৱা হৈছিল।


ৱেষ্ট ইণ্ডিজ ভ্ৰমণত আছে অষ্ট্ৰেলিয়া দল


বৰ্তমান ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৩খন মেচ ছিৰিজৰ প্ৰথমটো টেষ্ট খেলি আছে। বাৰ্বাডোছত অনুষ্ঠিত হৈছে প্ৰথমখন টেষ্ট। দ্বিতীয় দিনৰ খেলৰ শেষলৈকে অষ্ট্ৰেলিয়াই দ্বিতীয় ইনিংছত ৪টা উইকেট হেৰুৱাই ৯২ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ পূৰ্বে ৱেষ্ট ইণ্ডিজৰ দলটোৱে ১৯০ ৰানত অল আউট হৈছিল, প্ৰথম ইনিংছৰ ভিত্তিত ১০ ৰানৰ অগ্ৰগতি লাভ কৰিছিল কাৰণ অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছ ১৮০ ৰানলৈ হ্ৰাস পাইছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ