--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সূৰ্যকুমাৰ যাদৱে নিজেই এই তথ্য তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ পৰা শ্বেয়াৰ কৰিছে। ইয়াৰ লগতে তেওঁ চিকিৎসালয়ৰ পৰা অস্ত্ৰোপচাৰৰ পিছৰ ফটো এখনো শ্বেয়াৰ কৰিছে

ডিজিটেল ডেস্ক : ভাৰতীয় টি-২০ ক্ৰিকেট দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱ বৰ্তমান জাৰ্মানীত আছে, য’ত তেওঁৰ স্প’ৰ্টছ হাৰ্নিয়াৰ অস্ত্ৰোপচাৰ কৰা হৈছে। অস্ত্ৰোপচাৰৰ অন্তত সুস্থ হৈ উঠিছে সূৰ্য্যকুমাৰ যাদৱ।


সূৰ্যকুমাৰ যাদৱে নিজেই এই তথ্য তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ পৰা শ্বেয়াৰ কৰিছে। ইয়াৰ লগতে তেওঁ চিকিৎসালয়ৰ পৰা অস্ত্ৰোপচাৰৰ পিছৰ ফটো এখনো শ্বেয়াৰ কৰিছে।


সূৰ্যকুমাৰ যাদৱে দিলে লাইফ আপডেট


ভাৰতৰ টি-২০ দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে ইনষ্টাগ্ৰামৰ জৰিয়তে লাইফ আপডেট দিছে। ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে লিখিছে যে ‘মোৰ পেটৰ সোঁফালৰ তলৰ অংশত স্প’ৰ্টছ হাৰ্নিয়াৰ অস্ত্ৰোপচাৰ কৰা হৈছে। মই আপোনালোকক জনাবলৈ পাই সুখী যে অস্ত্ৰোপচাৰ সফল হ'ল আৰু মই সুস্থ হৈ উঠিছো’। সূৰ্যকুমাৰ যাদৱে আৰু লিখিছে যে ‘এতিয়া মই ক্ৰিকেটলৈ পুনৰ ঘূৰি আহিম’।


স্প’ৰ্টছ হাৰ্নিয়া কি?


স্প’ৰ্টছ হাৰ্নিয়া হ’ল পেটৰ তলৰ অংশ বা গ্ৰাইন অংশৰ যিকোনো পেশী বা টেণ্ডনৰ টান বা ফাটি যোৱা। ই এক বেদনাদায়ক ৰোগ। এনে খেল খেলিলে প্ৰায়ে এনেকুৱা হয় যিবোৰত বহুত শাৰীৰিক পৰিশ্ৰমৰ প্ৰয়োজন হয় আৰু ক্ৰিকেট এনেকুৱা এটা খেল, য’ত খেলুৱৈয়ে প্ৰায়ে দৌৰি থাকিবলগীয়া হয়। একে সময়তে শ্বট খেলি বা কেচ লোৱাৰ সময়ত পেশীবোৰ বিভিন্ন ধৰণে টান হয়।


সূৰ্যকুমাৰ যাদৱেও যোৱা বছৰ ২০২৪ চনত স্প’ৰ্টছ হাৰ্নিয়াৰ অস্ত্ৰোপচাৰ কৰিছিল।এতিয়া ২০২৫ চনত খেলুৱৈগৰাকীয়ে আকৌ এবাৰ অস্ত্ৰোপচাৰ কৰিব লগা হৈছে। সূৰ্যকুমাৰ যাদৱক প্ৰায়ে খেলপথাৰত অতি সক্ৰিয় হৈ থকা দেখা যায়। ভাৰতৰ এজন উন্নত বেটছমেন হোৱাৰ লগতে তেওঁক অন্যতম শ্ৰেষ্ঠ ফিল্ডাৰ হিচাপে গণ্য কৰা হয়। স্প’ৰ্টছ হাৰ্নিয়াৰ পূৰ্বে ২০২৩ চনত সূৰ্য্যকুমাৰ যাদৱৰো গোৰোহাৰ অস্ত্ৰোপচাৰ কৰা হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ