--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সূৰ্যকুমাৰ যাদৱে নিজেই এই তথ্য তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ পৰা শ্বেয়াৰ কৰিছে। ইয়াৰ লগতে তেওঁ চিকিৎসালয়ৰ পৰা অস্ত্ৰোপচাৰৰ পিছৰ ফটো এখনো শ্বেয়াৰ কৰিছে

ডিজিটেল ডেস্ক : ভাৰতীয় টি-২০ ক্ৰিকেট দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱ বৰ্তমান জাৰ্মানীত আছে, য’ত তেওঁৰ স্প’ৰ্টছ হাৰ্নিয়াৰ অস্ত্ৰোপচাৰ কৰা হৈছে। অস্ত্ৰোপচাৰৰ অন্তত সুস্থ হৈ উঠিছে সূৰ্য্যকুমাৰ যাদৱ।


সূৰ্যকুমাৰ যাদৱে নিজেই এই তথ্য তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ পৰা শ্বেয়াৰ কৰিছে। ইয়াৰ লগতে তেওঁ চিকিৎসালয়ৰ পৰা অস্ত্ৰোপচাৰৰ পিছৰ ফটো এখনো শ্বেয়াৰ কৰিছে।


সূৰ্যকুমাৰ যাদৱে দিলে লাইফ আপডেট


ভাৰতৰ টি-২০ দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে ইনষ্টাগ্ৰামৰ জৰিয়তে লাইফ আপডেট দিছে। ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে লিখিছে যে ‘মোৰ পেটৰ সোঁফালৰ তলৰ অংশত স্প’ৰ্টছ হাৰ্নিয়াৰ অস্ত্ৰোপচাৰ কৰা হৈছে। মই আপোনালোকক জনাবলৈ পাই সুখী যে অস্ত্ৰোপচাৰ সফল হ'ল আৰু মই সুস্থ হৈ উঠিছো’। সূৰ্যকুমাৰ যাদৱে আৰু লিখিছে যে ‘এতিয়া মই ক্ৰিকেটলৈ পুনৰ ঘূৰি আহিম’।


স্প’ৰ্টছ হাৰ্নিয়া কি?


স্প’ৰ্টছ হাৰ্নিয়া হ’ল পেটৰ তলৰ অংশ বা গ্ৰাইন অংশৰ যিকোনো পেশী বা টেণ্ডনৰ টান বা ফাটি যোৱা। ই এক বেদনাদায়ক ৰোগ। এনে খেল খেলিলে প্ৰায়ে এনেকুৱা হয় যিবোৰত বহুত শাৰীৰিক পৰিশ্ৰমৰ প্ৰয়োজন হয় আৰু ক্ৰিকেট এনেকুৱা এটা খেল, য’ত খেলুৱৈয়ে প্ৰায়ে দৌৰি থাকিবলগীয়া হয়। একে সময়তে শ্বট খেলি বা কেচ লোৱাৰ সময়ত পেশীবোৰ বিভিন্ন ধৰণে টান হয়।


সূৰ্যকুমাৰ যাদৱেও যোৱা বছৰ ২০২৪ চনত স্প’ৰ্টছ হাৰ্নিয়াৰ অস্ত্ৰোপচাৰ কৰিছিল।এতিয়া ২০২৫ চনত খেলুৱৈগৰাকীয়ে আকৌ এবাৰ অস্ত্ৰোপচাৰ কৰিব লগা হৈছে। সূৰ্যকুমাৰ যাদৱক প্ৰায়ে খেলপথাৰত অতি সক্ৰিয় হৈ থকা দেখা যায়। ভাৰতৰ এজন উন্নত বেটছমেন হোৱাৰ লগতে তেওঁক অন্যতম শ্ৰেষ্ঠ ফিল্ডাৰ হিচাপে গণ্য কৰা হয়। স্প’ৰ্টছ হাৰ্নিয়াৰ পূৰ্বে ২০২৩ চনত সূৰ্য্যকুমাৰ যাদৱৰো গোৰোহাৰ অস্ত্ৰোপচাৰ কৰা হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ