--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিগত তিনি-চাৰি বছৰ ধৰি লিভ ইন ৰিলেচনত থকা এই প্ৰেমিক-প্ৰেমিকাই ভাৰতীয় সংস্কৃতিৰ প্ৰতি আপ্লুত হোৱাৰ পিছতেই পৰম্পৰাগত ভাৰতীয় বিয়া পাতিবলৈ সিদ্ধান্ত লয়।

ডিজিটেল ডেস্কঃ  ৰাজস্থানৰ জোধপুৰত হিন্দু ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ হ'ল ইউক্ৰেইনৰ এহাল প্ৰেমিক-প্ৰেমিকা। ৰাজকীয় বিবাহ সম্পন্ন কৰে তেওঁলোকে। ভাৰতীয় পৰম্পৰাৰ প্ৰতি অনুপ্ৰাণিত হৈ ইউক্ৰেইনৰ প্ৰেমিক-প্ৰেমিকাহালে হিন্দু বৈদিক ৰীতি-নীতি অনুসৰি বিয়া পতাৰ সিদ্ধান্ত লয়।


বিগত তিনি-চাৰি বছৰ ধৰি লিভ-ইন ৰিলেচনত থকা এই প্ৰেমিক-প্ৰেমিকাই ভাৰতীয় সংস্কৃতিৰ প্ৰতি আপ্লুত হোৱাৰ পিছতেই পৰম্পৰাগত ভাৰতীয় বিয়া পাতিবলৈ সিদ্ধান্ত লয়। ৭২ বছৰীয়া দৰা ষ্টেনিছলাভে পাণি গ্ৰহণ কৰিলে ২৭ বছৰীয়া আনহেলিনাৰ।


বিয়াৰ পূ্ৰ্বে দুয়ো ভাৰত ভ্ৰমণ কৰি ভাৰতৰ প্ৰেমত পৰে। ভাৰতীয় আচাৰ-ব্যৱহাৰ আৰু পৰম্পৰাত তেওঁলোক ইমানেই আপ্লুত হৈছিল যে ভাৰততে দুয়ো বিয়া পতাৰ সিদ্ধান্ত লয়।


দম্পতীহালৰ বিয়াৰ সমন্বয়ক কোম্পানীটোৰ প্ৰতিনিধি ৰোহিত আৰু দীপকে কয় যে কইনা আনহেলিনা ভাৰতীয় ৰীতি-নীতি আৰু পৰম্পৰাৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈছিল, সেয়েহে তেওঁলোকে প্ৰতিটো পৰম্পৰা মানি চলিছিল।


বুধবাৰে জোধপুৰত উপস্থিত হোৱাৰ পিছতে আৰম্ভ হ’ল বিবাহ অনুষ্ঠান। বিয়াৰ শোভাযাত্ৰাৰ নেতৃত্ব দি ৰাজকীয় দৰাৰ সাজ পিন্ধি  ঘোঁৰাত উঠি আহিল দৰা।  বিবাহ অনুষ্ঠানৰ পিছতে বৈদিক গীতৰ লগত দুয়ো সাত ফেৰে লয়। দৰাই কইনাক মংগলসূত্ৰ পিন্ধোৱাৰ লগতে শিৰত সেন্দূৰ দিয়ে। ভাৰতীয় সাজ-পোছাক পৰিধান কৰা দৰা-কইনাহালে অতি আন্তৰিকতাৰে বিয়াৰ সকলো ৰীতি-নীতি পালন কৰে। তেওঁলোকে সংগীতৰ লগত নৃত্যও কৰে।


উল্লেখ্য যে ৰাজস্থানৰ জোধপুৰ সদায় বিদেশী পৰ্যটকৰ বাবে এক প্ৰধান আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে। ইয়াৰ স্থাপত্য, মেহৰনগড় দুৰ্গ, আৰু ৰঙীন বজাৰে পৰ্যটকক মোহিত কৰে। এই কাৰণেই বহু বিদেশীয়ে এই ঠাইখন বিয়া পাতিবলৈ বাছি লয়।


ইউক্ৰেইনৰ এই দম্পতীয়ে ভাৰতীয় সংস্কৃতিৰ প্ৰতি গভীৰ ভক্তি প্ৰদৰ্শন কৰি ভাৰতীয় বিবাহ পৰম্পৰাক হৃদয়ৰে আঁকোৱালি লোৱা দেখি আনন্দিত হৈ পৰিছে জোধপুৰবাসী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক