--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিগত তিনি-চাৰি বছৰ ধৰি লিভ ইন ৰিলেচনত থকা এই প্ৰেমিক-প্ৰেমিকাই ভাৰতীয় সংস্কৃতিৰ প্ৰতি আপ্লুত হোৱাৰ পিছতেই পৰম্পৰাগত ভাৰতীয় বিয়া পাতিবলৈ সিদ্ধান্ত লয়।

ডিজিটেল ডেস্কঃ  ৰাজস্থানৰ জোধপুৰত হিন্দু ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ হ'ল ইউক্ৰেইনৰ এহাল প্ৰেমিক-প্ৰেমিকা। ৰাজকীয় বিবাহ সম্পন্ন কৰে তেওঁলোকে। ভাৰতীয় পৰম্পৰাৰ প্ৰতি অনুপ্ৰাণিত হৈ ইউক্ৰেইনৰ প্ৰেমিক-প্ৰেমিকাহালে হিন্দু বৈদিক ৰীতি-নীতি অনুসৰি বিয়া পতাৰ সিদ্ধান্ত লয়।


বিগত তিনি-চাৰি বছৰ ধৰি লিভ-ইন ৰিলেচনত থকা এই প্ৰেমিক-প্ৰেমিকাই ভাৰতীয় সংস্কৃতিৰ প্ৰতি আপ্লুত হোৱাৰ পিছতেই পৰম্পৰাগত ভাৰতীয় বিয়া পাতিবলৈ সিদ্ধান্ত লয়। ৭২ বছৰীয়া দৰা ষ্টেনিছলাভে পাণি গ্ৰহণ কৰিলে ২৭ বছৰীয়া আনহেলিনাৰ।


বিয়াৰ পূ্ৰ্বে দুয়ো ভাৰত ভ্ৰমণ কৰি ভাৰতৰ প্ৰেমত পৰে। ভাৰতীয় আচাৰ-ব্যৱহাৰ আৰু পৰম্পৰাত তেওঁলোক ইমানেই আপ্লুত হৈছিল যে ভাৰততে দুয়ো বিয়া পতাৰ সিদ্ধান্ত লয়।


দম্পতীহালৰ বিয়াৰ সমন্বয়ক কোম্পানীটোৰ প্ৰতিনিধি ৰোহিত আৰু দীপকে কয় যে কইনা আনহেলিনা ভাৰতীয় ৰীতি-নীতি আৰু পৰম্পৰাৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈছিল, সেয়েহে তেওঁলোকে প্ৰতিটো পৰম্পৰা মানি চলিছিল।


বুধবাৰে জোধপুৰত উপস্থিত হোৱাৰ পিছতে আৰম্ভ হ’ল বিবাহ অনুষ্ঠান। বিয়াৰ শোভাযাত্ৰাৰ নেতৃত্ব দি ৰাজকীয় দৰাৰ সাজ পিন্ধি  ঘোঁৰাত উঠি আহিল দৰা।  বিবাহ অনুষ্ঠানৰ পিছতে বৈদিক গীতৰ লগত দুয়ো সাত ফেৰে লয়। দৰাই কইনাক মংগলসূত্ৰ পিন্ধোৱাৰ লগতে শিৰত সেন্দূৰ দিয়ে। ভাৰতীয় সাজ-পোছাক পৰিধান কৰা দৰা-কইনাহালে অতি আন্তৰিকতাৰে বিয়াৰ সকলো ৰীতি-নীতি পালন কৰে। তেওঁলোকে সংগীতৰ লগত নৃত্যও কৰে।


উল্লেখ্য যে ৰাজস্থানৰ জোধপুৰ সদায় বিদেশী পৰ্যটকৰ বাবে এক প্ৰধান আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে। ইয়াৰ স্থাপত্য, মেহৰনগড় দুৰ্গ, আৰু ৰঙীন বজাৰে পৰ্যটকক মোহিত কৰে। এই কাৰণেই বহু বিদেশীয়ে এই ঠাইখন বিয়া পাতিবলৈ বাছি লয়।


ইউক্ৰেইনৰ এই দম্পতীয়ে ভাৰতীয় সংস্কৃতিৰ প্ৰতি গভীৰ ভক্তি প্ৰদৰ্শন কৰি ভাৰতীয় বিবাহ পৰম্পৰাক হৃদয়ৰে আঁকোৱালি লোৱা দেখি আনন্দিত হৈ পৰিছে জোধপুৰবাসী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ