--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্ৰাৰম্ভিক উৎপাদন পৰীক্ষাৰ অংশ হিচাপে মাজে মাজে হোৱা গেছ প্ৰৱাহৰ সময়ত সংগৃহীত গেছ নমুনাৰ প্ৰাথমিক বিশ্লেষণত প্রাকৃতিক গেছৰ উপস্থিতি নিশ্চিত হৈছে।

ডিজিটেল ডেস্ক : পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ৰ অধীনস্থ এক মহাৰত্ন প্রতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে অ'পেন এক্রিয়েজ লাইচেন্সিং পলিচি (অ' এ এল পি)ৰ অধীনত অফশ্ব'ৰ আন্দামান ব্লক AN-OSHP-2018/1 ত খনন কৰা দ্বিতীয় অন্বেষণমূলক কূপ বিজয়াপুৰাম-২ (Loc. OAEA)ত প্রাকৃতিক গেছৰ উপস্থিতিৰ তথ্য লাভ কৰিছে। 


প্ৰাৰম্ভিক উৎপাদন পৰীক্ষাৰ অংশ হিচাপে মাজে মাজে হোৱা গেছ প্ৰৱাহৰ সময়ত সংগৃহীত গেছ নমুনাৰ প্ৰাথমিক বিশ্লেষণত প্রাকৃতিক গেছৰ উপস্থিতি নিশ্চিত হৈছে। এই গেছ নমুনাৰ উৎস বুজিবলৈ গেছ আইছ'ট'প অধ্যয়ন বর্তমান চলাই থকা হৈছে। প্ৰাৰম্ভিক মূল্যায়ন অনুসৰি, এই ফলাফলটো উৎসৰ উপস্থিতি, গেছৰ স্থানান্তৰৰ পথ অথবা হাইড্র'কাৰ্বনৰ সঞ্চয়ৰ সূচক হ'ব পাৰে, যি ভৱিষ্যতৰ অনুসন্ধান আৰু খনন কৌশল নির্ধাৰণত সহায়ক হ'ব। 


ইয়াৰ উপৰি, গেছৰ এই সন্ধান অধিক মূল্যায়ন কৰিবলৈ বৰ্তমান উচ্চ সম্ভাব্য ক্ষেত্ৰসমূহত অতিৰিক্ত পৰীক্ষাও আৰম্ভ কৰিছে। উল্লেখযোগ্য যে আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত চলি থকা অন্বেষণ অভিযানত প্ৰথমবাৰৰ বাবে হাইড্ৰ'কাৰ্বনৰ উপস্থিতিৰ তথ্য লাভ কৰিছে।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ