--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ (বি এছ এন এল) ৰূপালী জয়ন্তী উপলক্ষে এই সুবিধাৰ শুভাৰম্ভ কৰা প্রধানমন্ত্রী মোদীয়ে বি এছ এন এলৰ ৯২,৬০০টা ৪ জি প্রযুক্তি ক্ষেত্ৰকে ধৰি ৯৭,৫০০টাতকৈ অধিক ৪ জি ম'বাইল টাৱাৰৰ কাৰ্যাৰম্ভ কৰে।

ডিজিটেল ডেস্ক : দূৰসংযোগ (টেলিকমিউনিকেশ্যন) আন্তঃগাঁথনিৰ এক গুৰুত্বপূর্ণ উন্নয়ন ঘটাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে বি এছ এন এলৰ 'স্বদেশী' ৪ জি নেটৱৰ্কৰ শুভাৰম্ভ কৰে।


ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ (বি এছ এন এল) ৰূপালী জয়ন্তী উপলক্ষে এই সুবিধাৰ শুভাৰম্ভ কৰা প্রধানমন্ত্রী মোদীয়ে বি এছ এন এলৰ ৯২,৬০০টা ৪ জি প্রযুক্তি ক্ষেত্ৰকে ধৰি ৯৭,৫০০টাতকৈ অধিক ৪ জি ম'বাইল টাৱাৰৰ কাৰ্যাৰম্ভ কৰে। এই টাৱাৰবোৰ 'স্বদেশী' প্রযুক্তিৰে নিৰ্মাণ কৰা হৈছে আৰু ইয়াত খৰচ পৰিছে ৩৭,০০০ কোটি টকা। প্রধানমন্ত্রী মোদীয়ে বি এছ এন এল আৰু তেওঁলোকৰ অংশীদাৰসকলক প্রশংসা কৰি কয় যে 'স্বদেশী' ৪ জি নেটৱৰ্কৰ শুভাৰম্ভই ভাৰতক পাঁচখন দেশৰ তালিকাভুক্ত কৰিলে যাৰ ওচৰত ৪ জি সেৱা আৰম্ভ কৰিবলৈ সম্পূর্ণ স্বদেশী প্রযুক্তি আছে। 


উল্লেখযোগ্য যে ইয়াৰ আগতে ডেনমার্ক, ছুইডেন, দক্ষিণ কোৰিয়া আৰু চীনৰ ওচৰত ৪ জি সেৱাৰ নিজৰ দেশীয় প্রযুক্তি আছিল। প্রধানমন্ত্রীয়ে কয়, '২ জি, ৩ জি, ৪ জি সেৱাৰ প্রযুক্তিৰ বাবে ভাৰত বিদেশৰ ওপৰত নিৰ্ভৰশীল আছিল। এনে অৱস্থা দেশৰ বাবে ভাল নাছিল। সেয়ে সংকল্প লোৱা হ'ল যে টেলিকম খণ্ডৰ এই প্রয়োজনীয় প্রযুক্তিৰ দেশতে বিকাশ হওক। আমাৰ বাবে গৌৰৱৰ কথা যে আমাৰ বি এছ এন এলে নিজৰ দেশতে স্বদেশী ৪ জি প্রযুক্তিৰ বিকাশ ঘটালে।' প্রধানমন্ত্রীয়ে আৰু কয় যে ৪ জি প্রযুক্তিৰ সম্প্ৰসাৰণে দেশজুৰি প্রত্যক্ষভাৱে ২ কোটিতকৈ অধিক লোকক লাভান্বিত কৰিব। মোদীয়ে কয়, 'পূর্বতে হাই-স্পীড ইণ্টাৰনেটৰ সুবিধা নথকা প্রায় ৩০,০০০ গাঁও এতিয়া এই ব্যৱস্থাৰ দ্বাৰা সংযুক্ত হ'ব।' তেওঁ আৰু কয় যে ৪ জি সেবাই জনজাতীয় অঞ্চল, আওহতীয়া গাঁও আৰু পাহাৰীয়া অঞ্চলক আটাইতকৈ বেছি লাভান্বিত কৰিব। 


প্রধানমন্ত্রীয়ে আৰু কয়, 'এতিয়া গাঁও অঞ্চলৰ শিশুৱে অনলাইন ক্লাছ কৰিবলৈ সুবিধা পাব, দূৰ দূৰণিৰ কৃষকে নিজৰ ফচলৰ দাম জানিব পাৰিব আৰু টেলিমেডিচিনৰ যোগেদি ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ ল'ব পাৰিব।' বিভাগীয় বিজ্ঞপ্তি মতে এই স্বদেশী ৪ জি নেটৱৰ্কৰ শুভাৰম্ভৰ পাছত প্রান্তীয়, সীমান্ত আৰু বাঁও-উগ্রপন্থী অধ্যুষিত অঞ্চলত পূর্বে সংযোগ নথকা ২৬,৭০০ গাঁৱক সংযোগ কৰা হ'ব। এই নতুন ব্যৱস্থাই ২০ লাখতকৈ অধিক নতুন গ্রাহকলৈ সেৱা আগবঢ়াব। ইয়াৰ উপৰি প্রধানমন্ত্রীয়ে ডিজিটেল ভাৰত নিধিৰ ভাৰতৰ ১০০ শতাংশ ৪ জি ছেছুৰেশ্যন নেটৱৰ্ক মুকলি কৰে, যাৰদ্বাৰা ২৯০০০ৰ পৰা ৩০,০০০ গাঁও সংযুক্ত হ'ব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ