--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ (বি এছ এন এল) ৰূপালী জয়ন্তী উপলক্ষে এই সুবিধাৰ শুভাৰম্ভ কৰা প্রধানমন্ত্রী মোদীয়ে বি এছ এন এলৰ ৯২,৬০০টা ৪ জি প্রযুক্তি ক্ষেত্ৰকে ধৰি ৯৭,৫০০টাতকৈ অধিক ৪ জি ম'বাইল টাৱাৰৰ কাৰ্যাৰম্ভ কৰে।

ডিজিটেল ডেস্ক : দূৰসংযোগ (টেলিকমিউনিকেশ্যন) আন্তঃগাঁথনিৰ এক গুৰুত্বপূর্ণ উন্নয়ন ঘটাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে বি এছ এন এলৰ 'স্বদেশী' ৪ জি নেটৱৰ্কৰ শুভাৰম্ভ কৰে।


ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ (বি এছ এন এল) ৰূপালী জয়ন্তী উপলক্ষে এই সুবিধাৰ শুভাৰম্ভ কৰা প্রধানমন্ত্রী মোদীয়ে বি এছ এন এলৰ ৯২,৬০০টা ৪ জি প্রযুক্তি ক্ষেত্ৰকে ধৰি ৯৭,৫০০টাতকৈ অধিক ৪ জি ম'বাইল টাৱাৰৰ কাৰ্যাৰম্ভ কৰে। এই টাৱাৰবোৰ 'স্বদেশী' প্রযুক্তিৰে নিৰ্মাণ কৰা হৈছে আৰু ইয়াত খৰচ পৰিছে ৩৭,০০০ কোটি টকা। প্রধানমন্ত্রী মোদীয়ে বি এছ এন এল আৰু তেওঁলোকৰ অংশীদাৰসকলক প্রশংসা কৰি কয় যে 'স্বদেশী' ৪ জি নেটৱৰ্কৰ শুভাৰম্ভই ভাৰতক পাঁচখন দেশৰ তালিকাভুক্ত কৰিলে যাৰ ওচৰত ৪ জি সেৱা আৰম্ভ কৰিবলৈ সম্পূর্ণ স্বদেশী প্রযুক্তি আছে। 


উল্লেখযোগ্য যে ইয়াৰ আগতে ডেনমার্ক, ছুইডেন, দক্ষিণ কোৰিয়া আৰু চীনৰ ওচৰত ৪ জি সেৱাৰ নিজৰ দেশীয় প্রযুক্তি আছিল। প্রধানমন্ত্রীয়ে কয়, '২ জি, ৩ জি, ৪ জি সেৱাৰ প্রযুক্তিৰ বাবে ভাৰত বিদেশৰ ওপৰত নিৰ্ভৰশীল আছিল। এনে অৱস্থা দেশৰ বাবে ভাল নাছিল। সেয়ে সংকল্প লোৱা হ'ল যে টেলিকম খণ্ডৰ এই প্রয়োজনীয় প্রযুক্তিৰ দেশতে বিকাশ হওক। আমাৰ বাবে গৌৰৱৰ কথা যে আমাৰ বি এছ এন এলে নিজৰ দেশতে স্বদেশী ৪ জি প্রযুক্তিৰ বিকাশ ঘটালে।' প্রধানমন্ত্রীয়ে আৰু কয় যে ৪ জি প্রযুক্তিৰ সম্প্ৰসাৰণে দেশজুৰি প্রত্যক্ষভাৱে ২ কোটিতকৈ অধিক লোকক লাভান্বিত কৰিব। মোদীয়ে কয়, 'পূর্বতে হাই-স্পীড ইণ্টাৰনেটৰ সুবিধা নথকা প্রায় ৩০,০০০ গাঁও এতিয়া এই ব্যৱস্থাৰ দ্বাৰা সংযুক্ত হ'ব।' তেওঁ আৰু কয় যে ৪ জি সেবাই জনজাতীয় অঞ্চল, আওহতীয়া গাঁও আৰু পাহাৰীয়া অঞ্চলক আটাইতকৈ বেছি লাভান্বিত কৰিব। 


প্রধানমন্ত্রীয়ে আৰু কয়, 'এতিয়া গাঁও অঞ্চলৰ শিশুৱে অনলাইন ক্লাছ কৰিবলৈ সুবিধা পাব, দূৰ দূৰণিৰ কৃষকে নিজৰ ফচলৰ দাম জানিব পাৰিব আৰু টেলিমেডিচিনৰ যোগেদি ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ ল'ব পাৰিব।' বিভাগীয় বিজ্ঞপ্তি মতে এই স্বদেশী ৪ জি নেটৱৰ্কৰ শুভাৰম্ভৰ পাছত প্রান্তীয়, সীমান্ত আৰু বাঁও-উগ্রপন্থী অধ্যুষিত অঞ্চলত পূর্বে সংযোগ নথকা ২৬,৭০০ গাঁৱক সংযোগ কৰা হ'ব। এই নতুন ব্যৱস্থাই ২০ লাখতকৈ অধিক নতুন গ্রাহকলৈ সেৱা আগবঢ়াব। ইয়াৰ উপৰি প্রধানমন্ত্রীয়ে ডিজিটেল ভাৰত নিধিৰ ভাৰতৰ ১০০ শতাংশ ৪ জি ছেছুৰেশ্যন নেটৱৰ্ক মুকলি কৰে, যাৰদ্বাৰা ২৯০০০ৰ পৰা ৩০,০০০ গাঁও সংযুক্ত হ'ব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
মই সেই মুহূৰ্ততে এতিয়াও আবদ্ধ হৈ আছোঁ; আহমেদাবাদ বিমান দুৰ্ঘটনাৰ একমাত্ৰ জীৱিত ব্যক্তি বিশ্বাস কুমাৰ ৰমেশে যুঁজি আছে গুৰুতৰ ৰোগৰ সৈতে
জুবিন গাৰ্গৰ ন্যায় বিচাৰি দুখত ভাগি পৰিছে এগৰাকী আইতা
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী