--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে, মানৱীয়তাৰ খাতিৰত নতুন দিল্লীয়ে ইছলামাবাদক সতৰ্ক কৰি দিয়ে।

ডিজিটেল ডেস্কঃ ভাৰতৰ উত্তৰৰ ৰাজ্যসমূহত হৈ থকা নেৰানেপেৰা প্ৰবল বৰষুণৰ ফলত টাৱী নদীৰ বাঢ়নী পানীয়ে পাকিস্তানত প্ৰবল বানৰ সৃষ্টি কৰিব বুলি ভাৰতে নতুনকৈ পাকিস্তানক বুধবাৰে সতৰ্ক কৰি দিছে।


উত্তৰ দিশত থকা ৰাজ্যসমূহত প্রবল বৰষুণৰ বাবে নদীসমূহৰ বান্ধসমূহৰ পৰা অতিৰিক্ত পানী উলিয়াই দিয়াৰ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ বাবেই ভাৰতে মানৱীয় দিশৰ প্ৰতি লক্ষ্য ৰাখি পাকিস্তানৰ কৰ্তৃপক্ষক বুধবাৰে পুনৰ সতৰ্ক কৰি দিয়ে।


ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে, মানৱীয়তাৰ খাতিৰত নতুন দিল্লীয়ে ইছলামাবাদক সতৰ্ক কৰি দিয়ে।


উল্লেখযোগ্য যে পহলগাম-কাণ্ডৰ প্ৰত্যুত্তৰত ভাৰতে সিন্ধু জল চুক্তিত স্থগিতাদেশ জাৰি কৰাৰ পাছত প্ৰথমবাৰৰ বাবে সোমবাৰে সম্ভাব্য বান পৰিস্থিতিক লৈ পাকিস্তানক সতৰ্ক কৰি দিছিল ভাৰতে। বিদেশ ম্যালয়ে মঙলবাৰেও পাকিস্তানক এনেধৰণৰ সতর্কবাণী প্ৰেৰণ কৰিছিল। উল্লেখযোগ্য যে হিমালয়ৰ পৰা সৃষ্টি হোৱা টাৱী নদী জম্মু সংমণ্ডলেৰে বৈ গৈ পাকিস্তানক চেনাব নদীৰে সংযোগ কৰে। ইফালে, জন্মৰ টাৱী নদীৰ সম্ভাব্য বানৰ বিষয়ে ভাৰতৰ পৰা তথ্য লাভ কৰি পাকিস্তান ইতিমধ্যে সতর্ক হৈছিল। আগতীয়া সতর্কতামূলক ব্যৱস্থা হিচাপে পাকিস্তানে তিনিখন নদীৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ পৰা ২ লাখ লোকক মঙলবাৰে নিৰাপদ ঠাইলৈ স্থানান্তৰ কৰে।


আনহাতে, পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ তিনিওখন নদী আৰু ইয়াৰ উপনৈসমূহ প্ৰবল বৰষুণৰ বাবে বাঢ়নী পানীৰে উফন্দি পৰে। আনহাতে, ভাৰতে সতৰ্ক দিয়াৰ বাবেহে পাকিস্তানৰ পঞ্জাব প্রদেশৰ প্ৰায় ২ লাখ লোকৰ প্ৰাণৰক্ষা পৰিল ।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ