--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে, মানৱীয়তাৰ খাতিৰত নতুন দিল্লীয়ে ইছলামাবাদক সতৰ্ক কৰি দিয়ে।

ডিজিটেল ডেস্কঃ ভাৰতৰ উত্তৰৰ ৰাজ্যসমূহত হৈ থকা নেৰানেপেৰা প্ৰবল বৰষুণৰ ফলত টাৱী নদীৰ বাঢ়নী পানীয়ে পাকিস্তানত প্ৰবল বানৰ সৃষ্টি কৰিব বুলি ভাৰতে নতুনকৈ পাকিস্তানক বুধবাৰে সতৰ্ক কৰি দিছে।


উত্তৰ দিশত থকা ৰাজ্যসমূহত প্রবল বৰষুণৰ বাবে নদীসমূহৰ বান্ধসমূহৰ পৰা অতিৰিক্ত পানী উলিয়াই দিয়াৰ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ বাবেই ভাৰতে মানৱীয় দিশৰ প্ৰতি লক্ষ্য ৰাখি পাকিস্তানৰ কৰ্তৃপক্ষক বুধবাৰে পুনৰ সতৰ্ক কৰি দিয়ে।


ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে, মানৱীয়তাৰ খাতিৰত নতুন দিল্লীয়ে ইছলামাবাদক সতৰ্ক কৰি দিয়ে।


উল্লেখযোগ্য যে পহলগাম-কাণ্ডৰ প্ৰত্যুত্তৰত ভাৰতে সিন্ধু জল চুক্তিত স্থগিতাদেশ জাৰি কৰাৰ পাছত প্ৰথমবাৰৰ বাবে সোমবাৰে সম্ভাব্য বান পৰিস্থিতিক লৈ পাকিস্তানক সতৰ্ক কৰি দিছিল ভাৰতে। বিদেশ ম্যালয়ে মঙলবাৰেও পাকিস্তানক এনেধৰণৰ সতর্কবাণী প্ৰেৰণ কৰিছিল। উল্লেখযোগ্য যে হিমালয়ৰ পৰা সৃষ্টি হোৱা টাৱী নদী জম্মু সংমণ্ডলেৰে বৈ গৈ পাকিস্তানক চেনাব নদীৰে সংযোগ কৰে। ইফালে, জন্মৰ টাৱী নদীৰ সম্ভাব্য বানৰ বিষয়ে ভাৰতৰ পৰা তথ্য লাভ কৰি পাকিস্তান ইতিমধ্যে সতর্ক হৈছিল। আগতীয়া সতর্কতামূলক ব্যৱস্থা হিচাপে পাকিস্তানে তিনিখন নদীৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ পৰা ২ লাখ লোকক মঙলবাৰে নিৰাপদ ঠাইলৈ স্থানান্তৰ কৰে।


আনহাতে, পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ তিনিওখন নদী আৰু ইয়াৰ উপনৈসমূহ প্ৰবল বৰষুণৰ বাবে বাঢ়নী পানীৰে উফন্দি পৰে। আনহাতে, ভাৰতে সতৰ্ক দিয়াৰ বাবেহে পাকিস্তানৰ পঞ্জাব প্রদেশৰ প্ৰায় ২ লাখ লোকৰ প্ৰাণৰক্ষা পৰিল ।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
মই সেই মুহূৰ্ততে এতিয়াও আবদ্ধ হৈ আছোঁ; আহমেদাবাদ বিমান দুৰ্ঘটনাৰ একমাত্ৰ জীৱিত ব্যক্তি বিশ্বাস কুমাৰ ৰমেশে যুঁজি আছে গুৰুতৰ ৰোগৰ সৈতে
জুবিন গাৰ্গৰ ন্যায় বিচাৰি দুখত ভাগি পৰিছে এগৰাকী আইতা
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী