--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বনতাৰা অভয়াৰণ্যৰ সৈতে জড়িত এটা গোচৰৰ শুনানি লৈ এছ আই টি গঠন কৰাৰ লগতে ন্যায়ালয়ে তদন্তৰ প্ৰতিবেদন ১২ ছেপ্টেম্বৰৰ ভিতৰত দাখিল কৰাৰ নিৰ্দেশ দিয়ে।

ডিজিটেল ডেস্কঃ গুজৰাটৰ জামনগৰত বিলায়েন্স ফাউণ্ডেশ্যনে পৰিচালনা কৰা বনতাৰা ৱাইল্ড লাইফ ৰেছকিউ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰৰ কাম-কাজ স্বতন্ত্ৰভাৱে তদন্ত কৰিবৰ বাবে উচ্চতম ন্যায়ালয়ে চাৰিগৰাকী সদস্যক লৈ এক বিশেষ তদন্তকাৰী গোট (এছ আই টি) গঠন কৰিছে।


বনতাৰা অভয়াৰণ্যৰ সৈতে জড়িত এটা গোচৰৰ শুনানি লৈ এছ আই টি গঠন কৰাৰ লগতে ন্যায়ালয়ে তদন্তৰ প্ৰতিবেদন ১২ ছেপ্টেম্বৰৰ ভিতৰত দাখিল কৰাৰ নিৰ্দেশ দিয়ে।


ইয়াৰ পাছত ১৫ ছেপ্টেম্বৰত এই গোচৰৰ পুনৰ শুনানি লোৱা হ'ব। এছ আই টিৰ নেতৃত্ব দিব উচ্চতম ন্যায়ালয়ৰ প্রাক্তন ন্যায়াধীশ জে চেলামেশ্বৰে। এছ আই টিত প্রাক্তন ন্যায়াধীশ ৰাঘৱেন্দ্ৰ চৌহান, মুম্বাই পুলিচৰ প্রাক্তন আয়ুক্ত হেমন্ত নাগৰালে আৰু সীমা শুল্ক বিভাগৰ বিষয়া অনিশ গুপ্তাও আছে। উচ্চতম ন্যায়ালয়ে দুখন ৰাজহুৱা স্বার্থজড়িত আৱেদনৰ শুনানি লৈ এই নির্দেশ দিয়ে। জুলাই মাহত কোলহাপুৰৰ মন্দিৰৰ পৰা মাধুৰী নামৰ এজনী হাতীক বনতাৰালৈ লৈ যোৱাৰ পাছত সৃষ্টি হোৱা বিতৰ্কক লৈ এই আৱেদন দুখন দাখিল কৰা হৈছিল।


এছ টিয়ে বিশেষকৈ পাঁচটা বিষয়ক লৈ তদন্ত কৰিব। তাৰ ভিতৰত ভাৰত আৰু বিদেশৰ পৰা বন্যপ্রাণী বনতাৰালৈ অনাৰ সময়ত বন্যপ্রাণী সংৰক্ষণ আইন, চিৰিয়াখানাৰ নিয়ম, আন্তঃৰাষ্ট্ৰীয় প্রজাতি বাণিজ্য সন্ধি, আমদানি-ৰপ্তানি আইন আৰু আন সাংবাধিনিক তথা নীতি-নিয়মসমূহ পালন কৰা হৈছিল নে নাই সেয়াও আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ