--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বনতাৰা অভয়াৰণ্যৰ সৈতে জড়িত এটা গোচৰৰ শুনানি লৈ এছ আই টি গঠন কৰাৰ লগতে ন্যায়ালয়ে তদন্তৰ প্ৰতিবেদন ১২ ছেপ্টেম্বৰৰ ভিতৰত দাখিল কৰাৰ নিৰ্দেশ দিয়ে।

ডিজিটেল ডেস্কঃ গুজৰাটৰ জামনগৰত বিলায়েন্স ফাউণ্ডেশ্যনে পৰিচালনা কৰা বনতাৰা ৱাইল্ড লাইফ ৰেছকিউ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰৰ কাম-কাজ স্বতন্ত্ৰভাৱে তদন্ত কৰিবৰ বাবে উচ্চতম ন্যায়ালয়ে চাৰিগৰাকী সদস্যক লৈ এক বিশেষ তদন্তকাৰী গোট (এছ আই টি) গঠন কৰিছে।


বনতাৰা অভয়াৰণ্যৰ সৈতে জড়িত এটা গোচৰৰ শুনানি লৈ এছ আই টি গঠন কৰাৰ লগতে ন্যায়ালয়ে তদন্তৰ প্ৰতিবেদন ১২ ছেপ্টেম্বৰৰ ভিতৰত দাখিল কৰাৰ নিৰ্দেশ দিয়ে।


ইয়াৰ পাছত ১৫ ছেপ্টেম্বৰত এই গোচৰৰ পুনৰ শুনানি লোৱা হ'ব। এছ আই টিৰ নেতৃত্ব দিব উচ্চতম ন্যায়ালয়ৰ প্রাক্তন ন্যায়াধীশ জে চেলামেশ্বৰে। এছ আই টিত প্রাক্তন ন্যায়াধীশ ৰাঘৱেন্দ্ৰ চৌহান, মুম্বাই পুলিচৰ প্রাক্তন আয়ুক্ত হেমন্ত নাগৰালে আৰু সীমা শুল্ক বিভাগৰ বিষয়া অনিশ গুপ্তাও আছে। উচ্চতম ন্যায়ালয়ে দুখন ৰাজহুৱা স্বার্থজড়িত আৱেদনৰ শুনানি লৈ এই নির্দেশ দিয়ে। জুলাই মাহত কোলহাপুৰৰ মন্দিৰৰ পৰা মাধুৰী নামৰ এজনী হাতীক বনতাৰালৈ লৈ যোৱাৰ পাছত সৃষ্টি হোৱা বিতৰ্কক লৈ এই আৱেদন দুখন দাখিল কৰা হৈছিল।


এছ টিয়ে বিশেষকৈ পাঁচটা বিষয়ক লৈ তদন্ত কৰিব। তাৰ ভিতৰত ভাৰত আৰু বিদেশৰ পৰা বন্যপ্রাণী বনতাৰালৈ অনাৰ সময়ত বন্যপ্রাণী সংৰক্ষণ আইন, চিৰিয়াখানাৰ নিয়ম, আন্তঃৰাষ্ট্ৰীয় প্রজাতি বাণিজ্য সন্ধি, আমদানি-ৰপ্তানি আইন আৰু আন সাংবাধিনিক তথা নীতি-নিয়মসমূহ পালন কৰা হৈছিল নে নাই সেয়াও আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত