--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • গৰু বিহু উপলক্ষে পৰম্পৰাগতভাৱে চাট প্রস্তুত কৰিবলৈ বিভিন্ন প্ৰকাৰৰ পাচলি ক্ৰয় কৰা দেখিবলৈ পোৱা গৈছে।

ডিজিটেল ডেস্ক : চৌদিশে নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে সন্তর্পণে আহিছে অসমীয়াৰ কৃষিভিত্তিক উৎসৱ বহাগৰ বিহুটি। বিহুৰ আয়োজনত নির্বাচনে কিছু অসুবিধাত পেলালে যদিও গাঁওসমূহত এতিয়া ঢেঁকীৰ মাত শুনিবলৈ পোৱা গৈছে। 


ভোট গ্রহণৰ পাছৰে পৰা বিহুৰ সকলোৱে প্রস্তুতি চলাইছে। গ্রামাঞ্চলত বিভিন্ন প্ৰকাৰৰ খাদ্যসম্ভাৰ তৈয়াৰ কৰাৰ লগতে দৈ, ক্রীম আদিও প্ৰস্তুত কৰিছে। বহাগক আদৰাৰ প্ৰস্তুতি চলাইছে প্রতিজন অসমীয়াই। 


গৰু বিহু উপলক্ষে পৰম্পৰাগতভাৱে চাট প্রস্তুত কৰিবলৈ বিভিন্ন প্ৰকাৰৰ পাচলি ক্ৰয় কৰা দেখিবলৈ পোৱা গৈছে। যোৰহাট নগৰৰ জগন্নাথ বৰুৱা পথ আৰু মেলেং বজাৰত আজি বহু লোকৰ সমাগম হয়। নগৰৰ জে বি ৰ'ডৰ বজাৰৰ বিভিন্নপ্ৰকাৰৰ পাছলিৰ ঊর্ধ্বগামী দাম যদিও সকলোৱে ক্ৰয় কৰা দেখা যায়। 


দাম বৃদ্ধিয়ে জনসাধাৰণক কোঙা কৰিছে যদিও বিহুটো পালনৰ উদ্দেশ্যে ৰাইজে কম পৰিমাণে হ'লেও ক্রয় কৰিছে পাচলি। ইফালে গৰুবিহু উপলক্ষে গৰুক নতুনকৈ পিন্ধোৱা পঘাৰ দামো দুগুণে বৃদ্ধি পাইছে।


যোৰহাট আৰু মেলেঙৰ বজাৰত সামগ্ৰীৰ দৰবৃদ্ধি সত্ত্বেও ৰাইজে চেনেহৰ বিহুটি পালনৰ বাবে দৈ, চিৰা, মুৰি, পাচলি আদি সকলো সামগ্রী কিনা দেখা গ'ল। বাঁহৰ চাকৰ পৰা এশবিধ শাকলৈকে সকলো উপলব্ধ হৈছে বজাৰত। লক্ষণীয় যে গাঁও অঞ্চলসমূহত শিপিনীসকলে মাটিশালত গামোচা বৈ উলিয়াইছে। 


প্ৰতিগৰাকী শিপিনীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে চেনেহৰ বিহুৱানখন। আপোনজনক নিজে হাতে বোৱা বিহুৱানখন দিয়াৰ হেঁপাহ প্ৰতিগৰাকী শিপিনীৰে আছে। শিপিনীসকলে হাতে বোৱা এটা ফুলৰ গামোচা ২০০-২২০ টকা পর্যন্ত বিক্ৰী কৰা দেখা গৈছে। 


অতি পৰিতাপৰ কথা যে শিপিনীসকলে অতি কষ্টৰে তাঁতশালত গামোচা বৈ উলিয়াইছে যদিও যোৰহাটৰ বজাৰত পাৱাৰলুমত বোৱা গামোচাৰে ভৰি পৰিছে। বহিঃৰাজ্যৰ পৰা অহা এই গামোচা যোৰহাট নগৰৰ লগতে গ্রাম্য এলেকাৰ বজাৰ ভৰি পৰিছে যদিও ৰাজ্য চৰকাৰৰৰ হস্ততাঁত বস্তশিল্প বিভাগৰ কোনো গুৰুত্ব নাই। ৰাজ্যৰ শিপিনীসকলক সকাহ দিয়াৰ উদ্দেশ্যে বহিঃৰাজ্যৰ পাৱাৰলুমত প্ৰস্তুত কৰা গামোচাৰ বিক্ৰী নিষিদ্ধ কৰিছিল।


মাজে-সময়ে হস্ত তাঁত বস্ত্র শিল্প বিভাগে বহিঃৰাজ্যৰ গামোচা বিক্ৰী কৰা দোকানসমূহত অভিযান চলাই গামোচাসমূহ জব্দ কৰিছিল বাবে তাঁতশালত বোৱা গামোচাৰ আদৰ বৃদ্ধি পাইছিল। কিন্তু এইবাৰ বিধানসভাৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নগৰৰ কাপোৰৰ ব্যৱসায়ীসকলে বহিঃৰাজ্যৰ গামোচাৰে ভৰাই পেলায় দোকানসমূহ। 


জিলা প্রশাসনৰ সংশ্লিষ্ট বিভাগে এই ক্ষেত্ৰত কোনোধৰণৰ বিভাগীয় ব্যৱস্থা গ্রহণ নকৰাৰ পৰিপ্ৰেক্ষিতত কম দামত পোৱা বহিঃৰাজ্যৰ গামোচাই তাঁতশালৰ গামোচাৰ আদৰ কমাইছে। যোৰহাট প্রশাসনে এই ক্ষেত্ৰত নীতিগত ব্যৱস্থা গ্ৰহণ নকৰাৰ ফল ভোগ কৰিছে তাঁতশালৰ শিপিনীসকলে। কাইলৈ উৰুকাৰ দিনা বিভাগীয়ভাৱে পাৱাৰলুমৰ গামোচাৰ সন্দৰ্ভত অভিযান চলালে বহু ব্যৱসায়ী জালত পৰাটো নিশ্চিত হৈছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement