--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • গৰু বিহুৰ দিনা অসমীয়া মানুহৰ একাংশই পৰম্পৰাগত খাদ্য হিচাপে আমৰলি পৰুৱাৰ টোপ খায়।

ডিজিটেল ডেস্কঃ আজি অসমীয়াৰ হেঁপাহৰ গৰু বিহু৷ চ’ত আৰু ব’হাগৰ সংক্ৰান্তি দিনা পালন কৰা এই গৰু বিহুত অসমীয়া মানুহে বহু নিয়ম পালন কৰে। এই বিহুৰ লগত বহুতো পৰম্পৰা জড়িত হৈ আছে। যি পৰম্পৰাই সমৃৃদ্ধিশালী কৰি ৰাখিছে অসমীয়া সমাজখনক। 


গৰু বিহুৰ দিনা অসমীয়া মানুহৰ একাংশই পৰম্পৰাগত খাদ্য হিচাপে আমৰলি পৰুৱাৰ টোপ খায়। আমৰলি পৰুৱাৰ টোপ জনগোষ্ঠীয় খাদ্য হিচাপে জনপ্ৰিয়। উৰুকা বজাৰত ব্যৱসায়ীয়ে চৰা দামতো বিক্ৰী কৰে আমৰলি পৰুৱাৰ টোপ৷


গৰুবিহু দিনা গ্ৰামাঞ্চলৰ বহুতে আমৰলি পৰুৱাৰ বাহৰ সন্ধানত পুৱাই ওলাই য়ায়৷ যিহেতু আমৰলি পৰুৱাই বাহ বান্ধে ওখ গছৰ ডালত৷ সেয়ে ইয়াক সংগ্ৰহ কৰাটোও অত্যন্ত কষ্টকৰ কাম৷ 


লোকবিশ্বাস অনুসৰি গৰু বিহুৰ দিনা আমৰলি পৰুৱা টোপ খালে বছৰটোলৈ নিৰোগী হৈ থাকে৷ উচ্চ প্ৰটিনযুক্ত উৎকৃষ্ট খাদ্য হিচাপে বিবেচিত এই আমৰলি টোপে সু-স্বাস্থ্য অটুট ৰখাত সহায় কৰে৷ 


ধেমাজিৰ তুলসীবাৰী গাঁৱৰ লোকঔষধি চিকিৎসক দেৱকান্ত কোচে কয় যে জনগোষ্ঠীৰ মাজত পৰম্পৰা চলি আহিছে যে আমৰলি পৰুৱা টোপ পাৰি খাব লাগে ৷ইয়াৰ কথাটো হ’ল যে আমাৰ শৰীৰ যিবিলাক Toxin আছে৷ বিভিন্ন ধৰণৰ খাদ্য খাওঁতে দূষিত পদাৰ্থ জমা হ’ব পাৰে। আমৰলি টোপত এবিধ এচিড থাকে৷ সেই এচিডটোৰ কাৰণে এবছৰলৈ ৰোগ মুক্ত হৈ থাকে৷ এই কথাটো জনবিশ্বাসমতে চলি আহিছে আৰু ই বৈজ্ঞানিকভাৱেও সত্য ৷


জনবিশ্বাস অনুসৰি গৰু বিহুৰ দিনা এই আমৰলি পৰুৱাৰ টোপ খালে বছৰটোলৈ মানুহ নিৰোগী হৈ সু-স্বাস্থ্যৰ গৰাকী হ’ব পাৰে ৷ বিভিন্ন বেমাৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা লাভ কৰে৷ বসন্তত আমৰলি টোপ ভক্ষণ কৰিলে বসন্ত ৰোগৰ উপৰি আন বহু ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি৷ তদুপৰি আমৰলি টোপৰ খাদ্যগুণো লেখত ল’বলগীয়া। প্ৰ’টিন, ফাইবাৰ, মেগনেছিয়াম, ক্ল’ৰিণ, ভিটামিন বি, ফেট, ফছফৰাছ, ছ’ডিয়াম, জিংক আদি উপাদানেৰে সমৃদ্ধ আমৰলি পৰুৱাৰ টোপ। 


চ’ত-ব’হাগ মাহত এইবিধ পৰুৱাৰ বাহত যথেষ্ট কণী থাকে৷ এই কণীকে টোপ বুলি কোৱা হয়৷ আমৰলি পৰুৱাৰ টোপ হাঁহ বা কুকুৰাৰ কণী, ৰঙালাওৰ ফুল, কণ বিলাহী আদিৰ সৈতে ভাজি খোৱা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ