--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বিশেষকৈ তথ্য প্রযুক্তিয়ে আনি দিয়া কৃষি-সঁজুলিয়ে হালবোৱা বলধ গৰুৰ সংখ্যা নগণ্য কৰি আনিছে। তেনেস্থলত গৰুবিহু পাতিবলৈও পূৰ্বৰ তুলনাত গৰু-গাই নাইকিয়া হ'ল।

ডিজিটেল ডেস্ক: সাম্প্ৰতিক সময়ত গাঁৱে-ভূঞে গৰু-গাইৰ সংখ্যা কমি আহিছে। হাল বাবলৈ বলধ গৰুৰ পৰিৱৰ্তে ট্ৰেক্টৰ ব্যৱহাৰ কৰে। গাই গৰু পোহাও এৰিছে গ্রামাঞ্চলত।


বিশেষকৈ তথ্য প্রযুক্তিয়ে আনি দিয়া কৃষি-সঁজুলিয়ে হালবোৱা বলধ গৰুৰ সংখ্যা নগণ্য কৰি আনিছে। তেনেস্থলত গৰুবিহু পাতিবলৈও পূৰ্বৰ তুলনাত গৰু-গাই নাইকিয়া হ'ল। 


তেনে সময়তো যোৰহাটৰ উত্তৰ-পশ্চিম দিশৰ মনাইমাজি গাঁৱৰ ভোগদৈ নৈৰ ঘাটত প্ৰতি বছৰে ৰূপায়ণ কৰি অহা সমূহীয়া গৰু বিহুৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে। স্বেচ্ছাসেৱী অনুষ্ঠান শংকৰদেৱ কলা-কৃষ্টি গৱেষণা কেন্দ্ৰৰ উদ্যোগত, মনাইমাজি গাঁও আৰু ইয়াৰ দাঁতি-কাষৰীয়া ৰাইজৰ সহযোগত উলহ-মালহেৰে অনুষ্ঠিত কৰি অহা সমূহীয়া গৰু বিহুৱে এইবাৰ অষ্টাদশ বৰ্ষত ভৰি দিছে। সমগ্ৰ ৰাজ্যৰ লগতে নির্দিষ্ট দিনটোত যথা সময়ত ঐতিহ্য আৰু পৰম্পৰাৰে ৰূপায়ণ কৰি অহা ভোগদৈ নৈৰ ঘাটত সমূহীয়া গৰু গা-ধুওৱা কাৰ্যসূচী উপভোগ কৰিবলৈ বহু লোকৰ সমাগম ঘটে। 


শংকৰদেৱ কলা-কৃষ্টি গৱেষণা কেন্দ্ৰই ব্যতিক্রমীভাৱে অসমীয়া বাপতি সাহোন বহাগ বিহুৰ অন্যতম গৰু বিহু স্বকীয় বৈশিষ্ট্য আৰু পৰম্পৰাৰে ধাৰাবাহিকভাৱে বিগত সোতৰটা বছৰে অনুষ্ঠিত কৰি অনুষ্ঠিত আহিছে। কাৰ্যসূচী অনুসৰি, পুৱা নির্দিষ্ট সময়ত অঞ্চলবাসীয়ে গৰু-গাই নদীৰ ঘাটলৈ লৈ যায়। তাৰ পাছতে হৰিধ্বনি দি একেলগে গৰুক গা-ধুৱাই 'লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা...' আদি পৰম্পৰাগত বচন আওৰাই, পঘা সাল-সলনি কৰি চাট সলায়। প্রায় ডেৰ-দুই ঘণ্টা এই অনুষ্ঠান চলি থাকে। ভোগদৈ ঘাটত ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি আজিৰ প্ৰজন্ময়ো সমূহীয়া গৰু বিহু উদযাপন কৰি সুন্দৰ নিদর্শন দাঙি ধৰিছে। আজিও ইয়াৰ ব্যতিক্রম নহয়। 


উল্লেখযোগ্য যে ভোগদৈৰ দাঁতি-কাষৰীয়া মনাইমাজি গাঁৱৰ বিহুৰ বিষয়ে সুধাকণ্ঠ ড° ভূপেন হাজৰিকায়ো তেওঁৰ গীতত উল্লেখ কৰি থৈ গৈছে। শংকৰদেৱ কলা-কৃষ্টি গৱেষণা কেন্দ্রই কৃষ্টি-সংস্কৃতি সংৰক্ষণ আৰু সংবর্ধনৰ লগতে ভোগদৈ নদীখনো পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাত গুৰুত্ব প্রদান কৰি আহিছে। সেই অনুসৰি নদীখন সুৰক্ষাৰ বাবে সজাগতা সৃষ্টিৰ লক্ষ্যৰে বেনাৰ-ফলক আঁৰি কাৰ্যক্ষেত্ৰত আগবাঢ়িছে। তদুপৰি মনাইমাজিস্থিত সমূহীয়া গৰু গা ধুওৱা ঘাটটো এটা সুন্দৰ আৰু স্থায়ী ঘাটলৈ ৰূপান্তৰ কৰাৰ বাবে আঁচনি গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত প্ৰশাসন তথা চৰকাৰৰ সহযোগিতা কামনা কৰিছে। 


উল্লেখযোগ্য যে ক্রমে হেৰাই যাবলৈ যোৱা গৰু বিহু অর্থাৎ সমূহীয়া গৰু গা-ধুওৱা দৃশ্যক জীয়াই ৰাখিবলৈ এনেধৰণৰ সংগঠিত ৰূপত উদযাপন কৰা অনুষ্ঠানৰ বৰ্তমান সময়ত অতিকে প্রয়োজন। তেনেস্থলত মনাইমাজি গাঁৱৰ ভোগদৈ ঘাটৰ সমূহীয়া গৰুবিহু উদযাপন অন্যতম বাটকটীয়া হিচাপে চিহ্নিত।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ