--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • উচ্চতম ন্যায়ালয়ে কয় যে আৰক্ষীৰ কাৰ্যপন্থাৰ ধৰণ-কৰণসহ বর্তমানে চলি থকা সামাজিক, ৰাজনৈতিক আৰু প্ৰশাসনিক ব্যৱস্থাৰ প্ৰেক্ষাপটত অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাটো অত্যাৱশ্যকীয় হৈ পৰিছে।

ডিজিটেল ডেস্ক : দেশৰ অপৰাধমূলক গোচৰসমূহৰ বিষয়ত উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। দেশৰ উচ্চ ন্যায়ালয়সমূহলৈ আদেশ দি শীর্ষতম আদালতখনে কয় যে দৈনন্দিন হিচাপত অপৰাধমূলক গোচৰবোৰৰ বিচাৰ প্ৰক্ৰিয়া চলোৱাটো সু-নিশ্চিত কৰিব লাগে। বিশেষকৈ গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া প্রতিদিনে চলাব লাগে বুলি উচ্চতম ন্যায়ালয়ে মন্তব্য কৰে। 


উচ্চতম ন্যায়ালয়ে কয় যে আৰক্ষীৰ কাৰ্যপন্থাৰ ধৰণ-কৰণসহ বর্তমানে চলি থকা সামাজিক, ৰাজনৈতিক আৰু প্ৰশাসনিক ব্যৱস্থাৰ প্ৰেক্ষাপটত অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাটো অত্যাৱশ্যকীয় হৈ পৰিছে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ জে বি পর্দিৱালা আৰু কে ভি বিশ্বনাথনৰে গঠিত বিচাৰপীঠখনে কয় যে এটা বিচাৰ প্ৰক্ৰিয়াত সাক্ষীৰ ভাষ্য লোৱাৰ প্ৰক্ৰিয়া এবাৰ আৰম্ভ হোৱাৰ পাছত অধিবক্তাসকলৰ অসুবিধাৰ দোহাই দি আদালতে বিচাৰ প্ৰক্ৰিয়া স্থগিত ৰাখিব নালাগে। 


যোৱা ২২ ছেপ্টেম্বৰত বিচাৰপীঠখনে দিয়া আদেশটোত কয় যে সাক্ষীৰ প্ৰমাণৰ শুনানি আদালতে লওঁতে লওঁতে কেইবামাহ, কেইবাবছৰো পাৰ হৈ যায় আৰু ইয়াৰ বাবে বিচাৰ প্ৰক্ৰিয়া অন্ত হ'বলৈ বহু দিন লয়। দেশৰ উচ্চ ন্যায়ালয়বোৰলৈ এটা আদেশ জাৰি কৰি বিচাৰপীঠখনে কয় যে এই অধিসূচনাখন প্ৰতিখন জিলাৰ আইন প্ৰাধিকৰণলৈ জাৰি কৰিব লাগে। বিচাৰপীঠখনে এইটোও কয় যে অধিবক্তাজনৰ পৰিয়ালৰ কেনো লোকৰ মৃত্যু হোৱাৰ ক্ষেত্ৰতহে বিচাৰ প্ৰক্ৰিয়া স্থগিত ৰাখিব লাগে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ