--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • উচ্চতম ন্যায়ালয়ে কয় যে আৰক্ষীৰ কাৰ্যপন্থাৰ ধৰণ-কৰণসহ বর্তমানে চলি থকা সামাজিক, ৰাজনৈতিক আৰু প্ৰশাসনিক ব্যৱস্থাৰ প্ৰেক্ষাপটত অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাটো অত্যাৱশ্যকীয় হৈ পৰিছে।

ডিজিটেল ডেস্ক : দেশৰ অপৰাধমূলক গোচৰসমূহৰ বিষয়ত উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। দেশৰ উচ্চ ন্যায়ালয়সমূহলৈ আদেশ দি শীর্ষতম আদালতখনে কয় যে দৈনন্দিন হিচাপত অপৰাধমূলক গোচৰবোৰৰ বিচাৰ প্ৰক্ৰিয়া চলোৱাটো সু-নিশ্চিত কৰিব লাগে। বিশেষকৈ গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া প্রতিদিনে চলাব লাগে বুলি উচ্চতম ন্যায়ালয়ে মন্তব্য কৰে। 


উচ্চতম ন্যায়ালয়ে কয় যে আৰক্ষীৰ কাৰ্যপন্থাৰ ধৰণ-কৰণসহ বর্তমানে চলি থকা সামাজিক, ৰাজনৈতিক আৰু প্ৰশাসনিক ব্যৱস্থাৰ প্ৰেক্ষাপটত অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাটো অত্যাৱশ্যকীয় হৈ পৰিছে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ জে বি পর্দিৱালা আৰু কে ভি বিশ্বনাথনৰে গঠিত বিচাৰপীঠখনে কয় যে এটা বিচাৰ প্ৰক্ৰিয়াত সাক্ষীৰ ভাষ্য লোৱাৰ প্ৰক্ৰিয়া এবাৰ আৰম্ভ হোৱাৰ পাছত অধিবক্তাসকলৰ অসুবিধাৰ দোহাই দি আদালতে বিচাৰ প্ৰক্ৰিয়া স্থগিত ৰাখিব নালাগে। 


যোৱা ২২ ছেপ্টেম্বৰত বিচাৰপীঠখনে দিয়া আদেশটোত কয় যে সাক্ষীৰ প্ৰমাণৰ শুনানি আদালতে লওঁতে লওঁতে কেইবামাহ, কেইবাবছৰো পাৰ হৈ যায় আৰু ইয়াৰ বাবে বিচাৰ প্ৰক্ৰিয়া অন্ত হ'বলৈ বহু দিন লয়। দেশৰ উচ্চ ন্যায়ালয়বোৰলৈ এটা আদেশ জাৰি কৰি বিচাৰপীঠখনে কয় যে এই অধিসূচনাখন প্ৰতিখন জিলাৰ আইন প্ৰাধিকৰণলৈ জাৰি কৰিব লাগে। বিচাৰপীঠখনে এইটোও কয় যে অধিবক্তাজনৰ পৰিয়ালৰ কেনো লোকৰ মৃত্যু হোৱাৰ ক্ষেত্ৰতহে বিচাৰ প্ৰক্ৰিয়া স্থগিত ৰাখিব লাগে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত