--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আহত ছাত্ৰী পায়েল বৈষ্ণৱে ভৰ্তি পৰীক্ষাত অংশ ল’বলৈ গৈ থকা সময়ত এখন বেগী স্কুটীৰ খুন্দাত আঘাতপ্ৰাপ্ত হয়।

ডিজিটেল ডেস্কঃ আজি কাছাৰ জিলাৰ কালাইনত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । কালাইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ১০ বছৰীয়া এগৰাকী স্কুলছাত্ৰী গুৰুতৰভাৱে আহত হয়। 


আহত ছাত্ৰী পায়েল বৈষ্ণৱে ভৰ্তি পৰীক্ষাত অংশ ল’বলৈ গৈ থকা সময়ত এখন বেগী স্কুটীৰ খুন্দাত আঘাতপ্ৰাপ্ত হয়। দুৰ্ঘটনাৰ পিছতে স্কুটী চালকে ঘটনাস্থলিতে বাহনটো এৰি পলাই যায়, যাৰ ফলত স্থানীয় লোকসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হয়।


গুৰুতৰ অৱস্থাত প্ৰথমে তেওঁক কালাইন চিকিৎসালয়লৈ নিয়াৰ পিছত অৱস্থাৰ অৱনতি হোৱাত শিলচৰ মেডিকেল কলেজ আৰু হাস্পতাললৈ স্থানান্তৰ কৰা হয়। চিকিৎসকসকলৰ মতে, তেওঁৰ মূৰত গুৰুতৰ আঘাত লাগিছে আৰু বৰ্তমান অৱস্থা সংকটজনক। ঘটনাৰ পিছতে অঞ্চলটোত চাঞ্চল্য সৃষ্টি হৈছে। স্থানীয় লোকসকলৰ অভিযোগ মতে দ্ৰুতগতি আৰু অপ্ৰাপ্তবয়স্ক চালকৰ বাবে এনে দুৰ্ঘটনা দিনক দিন বৃদ্ধি পাইছে। তেওঁলোকে প্ৰশাসনিক হস্তক্ষেপ আৰু কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ