--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • নিৰ্বাচনকেন্দ্ৰিক সংঘাতৰ বাবেই দুৰ্বৃত্তই পুখুৰীত বিহ দিয়াৰ অভিযোগ উত্থাপন হৈছে।

ডিজিটেল ডেস্ক: কলিয়াবৰৰ কুঁৱৰীটোল মাধৱগাঁৱত সংঘটিত হৈছে এক অমানৱীয় ঘটনা। এটা ফিছাৰীত বিহ দি মাছ নিধন কৰিলে কোনো দুৰ্বৃত্তই। 


নিৰ্বাচনকেন্দ্ৰিক সংঘাতৰ বাবেই দুৰ্বৃত্তই পুখুৰীত বিহ দিয়াৰ অভিযোগ উত্থাপন হৈছে। সৌভাগ্য মাধৱ দেৱালয়ৰ পুখুৰীটোত মৎস্যপালন কৰি আহিছিল কুঁৱৰীটোলৰ মুন্না শৰ্মা নামৰ যুৱকজনে। 


কলিয়াবৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জিতেন গৌড়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবেই কোনো দুৰ্বৃত্তই আক্ৰোশমূলকভাৱে পুখুৰীত বিহ দিয়াৰ অভিযোগ উত্থাপন কৰিছে মুন্না শৰ্মাই। পুৱাৰ ভাগতে বৃহৎ পৰিমাণৰ মাছ ইতিমধ্যে পানীত উপঙি উঠা প্ৰত্যক্ষ কৰে স্থানীয় লোকসকলে। মৃত মাছকেইটাৰ আকাৰ যথেষ্ট ডাঙৰ আছিল।


নিৰ্বাচনৰ প্ৰাকক্ষণত সংঘটিত এই ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। দুৰ্বৃত্তৰ দৃষ্টান্তমূলক শাস্তি কামনা কৰিছে অঞ্চলবাসীয়ে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ