--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰিবলৈ যোৱা ২০ অক্টোবৰত ছিংগাপুৰলৈ ৰাওনা হৈছিল অসম আৰক্ষীৰ এছ আই টিৰ দলটো।

ডিজিটেল ডেস্কঃ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল মৃত্যুৰ তদন্ত সামৰি ছিংগাপুৰৰ পৰা কালি এছ আই টিৰ দুজনীয়া দলটো অসমলৈ ঘূৰি আহে।


জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰিবলৈ যোৱা ২০ অক্টোবৰত ছিংগাপুৰলৈ ৰাওনা হৈছিল অসম আৰক্ষীৰ এছ আই টিৰ দলটো। এছ আই টিৰ মুৰব্বী তথা অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্রধান মুন্না প্রসাদ গুপ্তা আৰু আই পি এছ তৰুণ গোৱেলে ছিংগাপুৰৰ বিভিন্ন পক্ষৰ সৈতে সাক্ষাৎ কৰাৰ লগতে জুবিন গাৰ্গ থকা হোটেল, তাৰ কৰ্মচাৰী, য়ট আৰু তাৰ কৰ্মচাৰী আদি বিভিন্ন স্থানলৈ গৈ আৰু মানুহৰ সাক্ষ্য গ্রহণ কৰে।


আনহাতে আজি এছ আই টিৰ মুৰব্বী গুপ্তাই ছিংগাপুৰত তেওঁলোকে কি কি আৰু কিদৰে তদন্ত কৰিলে তাৰ সবিশেষ ৰাজহুৱা কৰিলে । 


এছ আই টিৰ মুৰব্বী গুপ্তাই আজি সংবাদমেলত কয় যে ২১ তাৰিখে ছিংগাপুৰৰ পাঁচজন বিষয়াৰ সৈতে SITৰ বৈঠক হৈছিল । সেই বৈঠকতে ছিংগাপুৰৰ মৰণোত্তৰ প্ৰতিবেদন SIT ক দিছে ছিংগাপুৰ আৰক্ষীয়ে। জুবিন গাৰ্গৰ মৃত্যু হোৱা ঘটনাস্থলীও SIT য়ে পৰিদৰ্শন কৰিছে বুলিও মন্তব্য প্ৰকাশ মুন্না প্ৰসাদ গুপ্তাৰ।


আনহাতে ছিংগাপুৰ আৰক্ষীকো খৰটকীয়াকৈ তদন্ত কৰিবলৈ অনুৰোধ কৰিছে এছ আই টিৰ দলটোৱে । ছিংগাপুৰত জুবিন গাৰ্গ থকা হোটেল পেচিফিকৰ CCTV ভিডিঅ’ সংগ্ৰহ কৰিবলৈ ছিংগাপুৰ আৰক্ষীক অনুৰোধ কৰিছে SITৰ দলটোৱে।

ছিংগাপুৰত থকা কেইবাগৰাকী অসমীয়াৰ ভাষ্য সংগ্ৰহ কৰি SITক দিব ছিংগাপুৰ আৰক্ষীয়ে । অহা ১০ দিনৰ ভিতৰত ছিংগাপুৰ আৰক্ষীয়ে CCTV ভিডিঅ' আৰু ছিংগাপুৰত থকা অসমীয়া লোকৰ সাক্ষ্য লৈ পঠিয়াব SITক। প্ৰয়োজনত য়টত থকা প্ৰৱাসী অসমীয়াসকলক পুনৰ তলব কৰা হ'ব বুলিও মন্তব্য মুন্না প্ৰসাদ গুপ্তাৰ।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অভিযানত কাম কৰি আছে দেশৰ উদ্যোগপতিয়ে, দেশত ১২ লাখ কোটি বিনিয়োগ কৰিব আদানিয়ে
তিৰুপতি মন্দিৰত ৫৪ কোটিৰ শ্বল কেলেংকাৰি, ছিল্কৰ পৰিৱৰ্তে যোগান ধৰিছিল পলিয়েষ্টাৰ সামগ্ৰী
পুনৰ জনমত অসমক জন্ম ঠাই হিচাপে বাছি ল'ব ছনু নিগমে
চৰকাৰী কাৰ্যালয়ত অসমীয়া ভাষা ব্যৱহাৰৰ বিষয়ত ড° বসন্ত কুমাৰ গোস্বামী, অসমীয়াৰ লগতহে ইংৰাজী ব্যৱহাৰ কৰিব লাগে
শ্বহীদৰ প্ৰতি সন্মান জনাই উন্মোচিত হ’ল লেখক মলয় বৰুৱাৰ পঞ্চমখন গ্ৰন্থ ‘শ্বহীদ প্ৰণামো তোমাক’
দীপাৱলীক মানৱ জাতিৰ অমূৰ্ত সাংস্কৃতিক ঐতিহ্য ঘোষণা
জেমছ ৱেব মহাকাশ দূৰবীণৰ জৰিয়তে আৱিষ্কাৰ 'অলকানন্দা' তাৰকাৰাজ্য
আজি সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস ; এই দিৱসৰ ইতিহাস আৰু তাৎপৰ্য কি
প্ৰসংগঃ গোৱা চিলিণ্ডাৰ বিস্ফোৰণ ; ক্লাবৰ মালিকক গ্ৰেপ্তাৰ, এতিয়ালৈকে ২৫ জন লোকৰ মৃত্যু
ছিপাঝাৰত ভাৰতীয় যুৱ মৰ্চাৰ শ্বহীদ প্ৰণামো অনুষ্ঠান ; শ্ৰদ্ধা নিবেদন অসম আন্দোলনৰ অমৰ শ্বহীদক
ইমৰান খানক 'মানসিকভাৱে অসুস্থ' আখ্যা পাকিস্তানী সেনাৰ
বিশ্ব জয় কৰি নিজ গৃহত উপস্থিত ভাৰতীয় দলৰ খেলুৱৈ চিমু দাস
বাংলাদেশ দখল কৰিব জামাত-এ-ইছলামীয়ে!
পাহৰণি গৰ্ভত Greetings Card ! যান্ত্ৰিকতাই যেন কাঢ়ি নিছে মানুহৰ মাজৰ ঐক্যতা