--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰিবলৈ যোৱা ২০ অক্টোবৰত ছিংগাপুৰলৈ ৰাওনা হৈছিল অসম আৰক্ষীৰ এছ আই টিৰ দলটো।

ডিজিটেল ডেস্কঃ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল মৃত্যুৰ তদন্ত সামৰি ছিংগাপুৰৰ পৰা কালি এছ আই টিৰ দুজনীয়া দলটো অসমলৈ ঘূৰি আহে।


জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰিবলৈ যোৱা ২০ অক্টোবৰত ছিংগাপুৰলৈ ৰাওনা হৈছিল অসম আৰক্ষীৰ এছ আই টিৰ দলটো। এছ আই টিৰ মুৰব্বী তথা অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্রধান মুন্না প্রসাদ গুপ্তা আৰু আই পি এছ তৰুণ গোৱেলে ছিংগাপুৰৰ বিভিন্ন পক্ষৰ সৈতে সাক্ষাৎ কৰাৰ লগতে জুবিন গাৰ্গ থকা হোটেল, তাৰ কৰ্মচাৰী, য়ট আৰু তাৰ কৰ্মচাৰী আদি বিভিন্ন স্থানলৈ গৈ আৰু মানুহৰ সাক্ষ্য গ্রহণ কৰে।


আনহাতে আজি এছ আই টিৰ মুৰব্বী গুপ্তাই ছিংগাপুৰত তেওঁলোকে কি কি আৰু কিদৰে তদন্ত কৰিলে তাৰ সবিশেষ ৰাজহুৱা কৰিলে । 


এছ আই টিৰ মুৰব্বী গুপ্তাই আজি সংবাদমেলত কয় যে ২১ তাৰিখে ছিংগাপুৰৰ পাঁচজন বিষয়াৰ সৈতে SITৰ বৈঠক হৈছিল । সেই বৈঠকতে ছিংগাপুৰৰ মৰণোত্তৰ প্ৰতিবেদন SIT ক দিছে ছিংগাপুৰ আৰক্ষীয়ে। জুবিন গাৰ্গৰ মৃত্যু হোৱা ঘটনাস্থলীও SIT য়ে পৰিদৰ্শন কৰিছে বুলিও মন্তব্য প্ৰকাশ মুন্না প্ৰসাদ গুপ্তাৰ।


আনহাতে ছিংগাপুৰ আৰক্ষীকো খৰটকীয়াকৈ তদন্ত কৰিবলৈ অনুৰোধ কৰিছে এছ আই টিৰ দলটোৱে । ছিংগাপুৰত জুবিন গাৰ্গ থকা হোটেল পেচিফিকৰ CCTV ভিডিঅ’ সংগ্ৰহ কৰিবলৈ ছিংগাপুৰ আৰক্ষীক অনুৰোধ কৰিছে SITৰ দলটোৱে।

ছিংগাপুৰত থকা কেইবাগৰাকী অসমীয়াৰ ভাষ্য সংগ্ৰহ কৰি SITক দিব ছিংগাপুৰ আৰক্ষীয়ে । অহা ১০ দিনৰ ভিতৰত ছিংগাপুৰ আৰক্ষীয়ে CCTV ভিডিঅ' আৰু ছিংগাপুৰত থকা অসমীয়া লোকৰ সাক্ষ্য লৈ পঠিয়াব SITক। প্ৰয়োজনত য়টত থকা প্ৰৱাসী অসমীয়াসকলক পুনৰ তলব কৰা হ'ব বুলিও মন্তব্য মুন্না প্ৰসাদ গুপ্তাৰ।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ