--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই খেৰকটা হজত জামুগুৰিহাটৰ বাকোলা গাঁৱৰ শতাধিক ইছলাম ধর্মীয় ৰাইজেও অংশগ্ৰহণ কৰে । শংকৰ সংঘৰ অধিৱেশনৰ বাবে নিজকে নিয়োজিত কৰি বাকোলা গাঁৱৰ ইছলাম ধর্মীয় ৰাইজে পুণ্য লাভ কৰা বুলিও মন্তব্য কৰে বাকোলা গাঁও উন্নয়ন সমিতিৰ সভাপতি ছাহজাহান আহমেদে।

ডিজিটেল ডেস্কঃ অহা ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত জামুগুৰিহাটৰ চৈবাৰী-ধলাইবিলত অনুষ্ঠিত হ'ব শ্রীমন্তশংকৰদেৱ সংঘৰ ৯৫সংখ্যক ৰাজ্যিক অধিৱেশন। 


এই উদ্দেশ্যৰে বৃহস্পতিবাৰে জীয়া ভৰলী কন্যকা বহুমুখী কৃষি পামত ৰাজহুৱা খেৰ কটা হজ সম্পন্ন কৰে সহস্রাধিক ভক্তপ্রাণ লোকে। 'জুবিন গাৰ্গ অমৰ হওক', 'জয় জুবিন গাৰ্গ' ধ্বনিৰে আকাশ-বতাহ কঁপাই তুলি খেৰ কটাত ব্যস্ত হৈ পৰা দেখা গ'ল শংকৰ সংঘৰ তেজপুৰ জিলা শাখাৰ সাতটা আঞ্চলিকৰ ভক্তপ্ৰাণ ৰাইজে। এই খেৰেৰে অধিৱেশনৰ মূল মঞ্চ, প্রতিনিধি শিবিৰ আৰু ভোজনালয় নিৰ্মাণ কৰিব বুলি জানিবলৈ দিয়ে ৯৫সংখ্যক ৰাজ্যিক অধিৱেশনৰ আদৰণী সমিতিৰ সম্পাদক বিপুল বৰাই। 


 এই খেৰকটা হজত জামুগুৰিহাটৰ বাকোলা গাঁৱৰ শতাধিক ইছলাম ধর্মীয় ৰাইজেও অংশগ্ৰহণ কৰে । শংকৰ সংঘৰ অধিৱেশনৰ বাবে নিজকে নিয়োজিত কৰি বাকোলা গাঁৱৰ ইছলাম ধর্মীয় ৰাইজে পুণ্য লাভ কৰা বুলিও মন্তব্য কৰে বাকোলা গাঁও উন্নয়ন সমিতিৰ সভাপতি ছাহজাহান আহমেদে। খেৰকটা হজত জিলাখনৰ সাতখন আঞ্চলিকৰ কেইবা শতাধিক মহিলা তথা আইমাতৃয়েও অংশগ্রহণ কৰে। আদৰণী সমিতিৰ সম্পাদক বিপুল বৰাই জানিবলৈ দিয়া মতে, জামুগুৰিহাটৰ ধলাইবিল-চৈবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ প্ৰায় সহস্রাধিক বিঘা ভূমিত এই অধিৱেশন অনুষ্ঠিত হ'ব। 


ইতিমধ্যে জ্যোতি-বিষ্ণুস্থলী হিচাপে এই অধিৱেশনস্থলীৰ নামকৰণ কৰি প্ৰতিখন উপ-সমিতিয়ে প্রস্তুতি আৰম্ভ কৰাৰ লগতে অহা ১৬ নৱেম্বৰত লাইখুঁটা স্থাপন কৰা হ'ব বুলিও জানিবলৈ দিয়ে আদৰণী সমিতিৰ সম্পাদক বিপুল বৰা আৰু তেজপুৰ জিলা শাখাৰ সম্পাদক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ