--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই খেৰকটা হজত জামুগুৰিহাটৰ বাকোলা গাঁৱৰ শতাধিক ইছলাম ধর্মীয় ৰাইজেও অংশগ্ৰহণ কৰে । শংকৰ সংঘৰ অধিৱেশনৰ বাবে নিজকে নিয়োজিত কৰি বাকোলা গাঁৱৰ ইছলাম ধর্মীয় ৰাইজে পুণ্য লাভ কৰা বুলিও মন্তব্য কৰে বাকোলা গাঁও উন্নয়ন সমিতিৰ সভাপতি ছাহজাহান আহমেদে।

ডিজিটেল ডেস্কঃ অহা ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত জামুগুৰিহাটৰ চৈবাৰী-ধলাইবিলত অনুষ্ঠিত হ'ব শ্রীমন্তশংকৰদেৱ সংঘৰ ৯৫সংখ্যক ৰাজ্যিক অধিৱেশন। 


এই উদ্দেশ্যৰে বৃহস্পতিবাৰে জীয়া ভৰলী কন্যকা বহুমুখী কৃষি পামত ৰাজহুৱা খেৰ কটা হজ সম্পন্ন কৰে সহস্রাধিক ভক্তপ্রাণ লোকে। 'জুবিন গাৰ্গ অমৰ হওক', 'জয় জুবিন গাৰ্গ' ধ্বনিৰে আকাশ-বতাহ কঁপাই তুলি খেৰ কটাত ব্যস্ত হৈ পৰা দেখা গ'ল শংকৰ সংঘৰ তেজপুৰ জিলা শাখাৰ সাতটা আঞ্চলিকৰ ভক্তপ্ৰাণ ৰাইজে। এই খেৰেৰে অধিৱেশনৰ মূল মঞ্চ, প্রতিনিধি শিবিৰ আৰু ভোজনালয় নিৰ্মাণ কৰিব বুলি জানিবলৈ দিয়ে ৯৫সংখ্যক ৰাজ্যিক অধিৱেশনৰ আদৰণী সমিতিৰ সম্পাদক বিপুল বৰাই। 


 এই খেৰকটা হজত জামুগুৰিহাটৰ বাকোলা গাঁৱৰ শতাধিক ইছলাম ধর্মীয় ৰাইজেও অংশগ্ৰহণ কৰে । শংকৰ সংঘৰ অধিৱেশনৰ বাবে নিজকে নিয়োজিত কৰি বাকোলা গাঁৱৰ ইছলাম ধর্মীয় ৰাইজে পুণ্য লাভ কৰা বুলিও মন্তব্য কৰে বাকোলা গাঁও উন্নয়ন সমিতিৰ সভাপতি ছাহজাহান আহমেদে। খেৰকটা হজত জিলাখনৰ সাতখন আঞ্চলিকৰ কেইবা শতাধিক মহিলা তথা আইমাতৃয়েও অংশগ্রহণ কৰে। আদৰণী সমিতিৰ সম্পাদক বিপুল বৰাই জানিবলৈ দিয়া মতে, জামুগুৰিহাটৰ ধলাইবিল-চৈবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ প্ৰায় সহস্রাধিক বিঘা ভূমিত এই অধিৱেশন অনুষ্ঠিত হ'ব। 


ইতিমধ্যে জ্যোতি-বিষ্ণুস্থলী হিচাপে এই অধিৱেশনস্থলীৰ নামকৰণ কৰি প্ৰতিখন উপ-সমিতিয়ে প্রস্তুতি আৰম্ভ কৰাৰ লগতে অহা ১৬ নৱেম্বৰত লাইখুঁটা স্থাপন কৰা হ'ব বুলিও জানিবলৈ দিয়ে আদৰণী সমিতিৰ সম্পাদক বিপুল বৰা আৰু তেজপুৰ জিলা শাখাৰ সম্পাদক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত