--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • স্থানীয় জনসাধাৰণৰ লগতে স্থানীয় সংগঠনৰ সৈতে আলোচনাৰ অন্তত আৰু কমাৰকুছিৰ হাতীমূৰাত থকা কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ সমাধিস্থলীৰ পুণ্যতা আৰু পৱিত্ৰতা বজাই ৰখাৰ স্বাৰ্থত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে জিলা আয়ুক্ত সুমিত সত্তাৱানে।

ডিজিটেল ডেস্কঃ শিল্পী জুবিন গাৰ্গৰ সমাধিস্থলীত শ্রদ্ধাঞ্জলি জনাবলৈ গৈ একাংশ লোকে পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছত সমাধিস্থল দৰ্শনৰ বাবে সময় বান্ধি দিলে কামৰূপ মহানগৰ জিলা প্রশাসনে। উল্লেখযোগ্য যে বিশেষকৈ নিশাৰ ভাগত সমাধিস্থলীত জুবিন অনুৰাগীৰ নামত একাংশই মদ্যপান কৰাৰ লগতে উদ্ভণ্ডালি কৰাৰ অভিযোগ উত্থাপন হৈ আহিছিল।


সেয়েহে স্থানীয় জনসাধাৰণৰ লগতে স্থানীয় সংগঠনৰ সৈতে আলোচনাৰ অন্তত আৰু কমাৰকুছিৰ হাতীমূৰাত থকা কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ সমাধিস্থলীৰ পুণ্যতা আৰু পৱিত্ৰতা বজাই ৰখাৰ স্বাৰ্থত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে জিলা আয়ুক্ত সুমিত সত্তাৱানে। পুৱা ৬ বজাৰ পৰা দৰ্শনার্থীয়ে কিংবদন্তি গায়ক জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি জনোৱাৰ বাবে সমাধিস্থলী খোলা থাকিব।


নিশা ১০ বজাৰ পাছত সমাধিস্থলীত প্ৰৱেশৰ অনুমতি দর্শনার্থীক দিয়া নহ'ব। মদ্যপান কৰা ব্যক্তিক সমাধিস্থলীৰ চৌহদত প্ৰৱেশ কৰিবলৈ বা থাকিবলৈ দিয়া নহ'ব। সমাধিস্থলীত চৌহদৰ ভিতৰতে কোনো ধৰণৰ মাদক দ্রব্য সেৱন, পৰিৱেশন বা বিতৰণ কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত