--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • স্থানীয় জনসাধাৰণৰ লগতে স্থানীয় সংগঠনৰ সৈতে আলোচনাৰ অন্তত আৰু কমাৰকুছিৰ হাতীমূৰাত থকা কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ সমাধিস্থলীৰ পুণ্যতা আৰু পৱিত্ৰতা বজাই ৰখাৰ স্বাৰ্থত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে জিলা আয়ুক্ত সুমিত সত্তাৱানে।

ডিজিটেল ডেস্কঃ শিল্পী জুবিন গাৰ্গৰ সমাধিস্থলীত শ্রদ্ধাঞ্জলি জনাবলৈ গৈ একাংশ লোকে পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছত সমাধিস্থল দৰ্শনৰ বাবে সময় বান্ধি দিলে কামৰূপ মহানগৰ জিলা প্রশাসনে। উল্লেখযোগ্য যে বিশেষকৈ নিশাৰ ভাগত সমাধিস্থলীত জুবিন অনুৰাগীৰ নামত একাংশই মদ্যপান কৰাৰ লগতে উদ্ভণ্ডালি কৰাৰ অভিযোগ উত্থাপন হৈ আহিছিল।


সেয়েহে স্থানীয় জনসাধাৰণৰ লগতে স্থানীয় সংগঠনৰ সৈতে আলোচনাৰ অন্তত আৰু কমাৰকুছিৰ হাতীমূৰাত থকা কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ সমাধিস্থলীৰ পুণ্যতা আৰু পৱিত্ৰতা বজাই ৰখাৰ স্বাৰ্থত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে জিলা আয়ুক্ত সুমিত সত্তাৱানে। পুৱা ৬ বজাৰ পৰা দৰ্শনার্থীয়ে কিংবদন্তি গায়ক জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি জনোৱাৰ বাবে সমাধিস্থলী খোলা থাকিব।


নিশা ১০ বজাৰ পাছত সমাধিস্থলীত প্ৰৱেশৰ অনুমতি দর্শনার্থীক দিয়া নহ'ব। মদ্যপান কৰা ব্যক্তিক সমাধিস্থলীৰ চৌহদত প্ৰৱেশ কৰিবলৈ বা থাকিবলৈ দিয়া নহ'ব। সমাধিস্থলীত চৌহদৰ ভিতৰতে কোনো ধৰণৰ মাদক দ্রব্য সেৱন, পৰিৱেশন বা বিতৰণ কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ