--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • মুম্বাইৰ টাটা থিয়েটাৰত দেশৰ তাৰকা শিল্পীৰ সমাগমেৰে যোৱানিশা উদযাপন কৰা হয় সুধাকণ্ঠৰ জন্ম শতবর্ষ।

ডিজিটেল ডেস্ক : সুধাকণ্ঠৰ জন্ম শতবৰ্ষত কেৱল অসমৰে নহয় দেশ-বিদেশৰ বিভিন্ন স্থানত প্রতিধ্বনিত হ'ল সুধাকণ্ঠৰ সুৰ। অন্য স্থানৰ লগতে দেশৰ সাংস্কৃতিক কেন্দ্ৰভূমি মুম্বাইতো সুধাকণ্ঠৰ চিৰযুগমীয়া সুৰ প্ৰতিধ্বনিত হ'ল। 


মুম্বাইৰ টাটা থিয়েটাৰত দেশৰ তাৰকা শিল্পীৰ সমাগমেৰে যোৱানিশা উদযাপন কৰা হয় সুধাকণ্ঠৰ জন্ম শতবর্ষ। নিশাটো ভূপেনদাময় হৈ পৰিল মুম্বাই। সেউজ ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু প্ৰাগ নিউজৰ সহযোগত যোৱানিশা মুম্বাইত সুধাকণ্ঠৰ জন্ম শতবার্ষিকীৰ এক বর্ণিল অনুষ্ঠানত ভাৰতৰত্ন ভূপেন হাজৰিকাৰ কালজয়ী সৃষ্টিৰাজি আৰু তেওঁৰ গৰিমামন্দিত অৱদান অনবদ্য ৰূপত উদ্ভাসিত হ'ল। 


এই অনুষ্ঠানতে প্ৰাগ নিউজৰ হৈ ড° সঞ্জীৱ নাৰায়ণে প্রকাশ কৰা সুধাকণ্ঠৰ জীৱনভিত্তিক এখন গ্রন্থও উন্মোচন কৰা হয়। গ্রন্থখন বিশিষ্ট সংগীত শিল্পী উষা মংগেশকাৰ, অনুপ জলোটা, সুৰেশ ৱাডেকাৰ, হৰিশ ভিমানী, মহাৰাষ্ট্ৰৰ সাংস্কৃতিক মন্ত্ৰী আশিস চেলাৰে উন্মোচন কৰে। গ্ৰন্থখন উৎপল মেনাই সম্পাদনা কৰিছে। অতিথি সম্পাদকৰ দায়িত্ব পালন কৰে মানস কুমাৰ মহন্তই। 


লক্ষণীয় যে গ্রন্থখনত সুধাকণ্ঠ সম্পর্কত কোকিলকণ্ঠী লতা মংগেশকাৰ, গুলজাৰ, শ্বাবানা আজমী, চাইৰা বানু, এ আৰ ৰহমান, ৰবীনা টেণ্ডনৰ উপৰি অসমৰ বহুকেইজন বিশিষ্ট সাহিত্যিকৰ লেখা আৰু নিবন্ধ সন্নিৱিষ্ট কৰা হৈছে। একেটা অনুষ্ঠানতে প্রাগ নিউজৰ চি এম ডি ড° সঞ্জীৱ নাৰায়ণে এ এম টেলিভিছনৰ বেনাৰত শীঘ্ৰে ড° ভূপেন হাজৰিকাৰ বায়'পিক নিৰ্মাণ কৰিব বুলি ঘোষণা কৰে। তেওঁ কয় যে পূর্বে এই ছবিখন অসমীয়া আৰু বাঙালী ভাষাত নির্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছিল যদিও এতিয়া ছবিখন হিন্দী ভাষাত নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰা বুলিও তেওঁ প্রকাশ কৰে। ছবিখন ব্রহ্মানন্দ সিঙে পৰিচালনা কৰিব বুলিও তেওঁ ঘোষণা কৰে। ছবিখন সুধাকণ্ঠৰ পৰৱৰ্তী জন্মদিনৰ পূৰ্বেই মুক্তি দিয়া হ'ব বুলিও তেওঁ ঘোষণা কৰে। অনুষ্ঠানত উপস্থিত থাকি আপ্লুত হৈ পৰা প্ৰখ্যাত শিল্পী উষা মংগেশকাৰে এনে এটি বর্ণিল অনুষ্ঠানৰ আয়োজন কৰা বাবে আয়োজকক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ সুধাকণ্ঠৰ এটি জনপ্রিয় গীত 'অসম দেশৰ বাগিচাৰে ছোৱালী' মঞ্চত গুণগুণায়। 


তেওঁ অসমক দ্বিতীয় ঘৰ হিচাপে মানি অহা বুলিও উল্লেখ কৰে। সুধাকণ্ঠই তেওঁক 'উষা' বুলি মতা কথাৰ স্মৰণ কৰি আৱেগিকো হৈ পৰে। অনুষ্ঠানত জনপ্রিয় কণ্ঠশিল্পী মহালক্ষ্মী আয়াৰ, জুবিন গাৰ্গ, কল্পনা পাটোৱাৰী, দেৱজিৎ সাহা, সুনীতা খাওন্দ ভূঞা, জুবলী, সুধাকণ্ঠৰ ভতিজাক ময়ূষ হাজৰিকাৰ দৰে বহু জনপ্রিয় শিল্পীয়েও অংশ গ্ৰহণ কৰি সুধাকণ্ঠৰ গীত পৰিৱেশন কৰে। মহাৰাষ্ট্ৰৰ সাংস্কৃতিক মন্ত্রী আশিস চেলাৰে পৰৱৰ্তী সময়ত সুধাকণ্ঠৰ স্মৰণত আয়োজন কৰিবলগীয়া সকলো অনুষ্ঠানতে মহাৰাষ্ট্ৰৰ সাংস্কৃতিক বিভাগে সম্পূর্ণ সহযোগিতা আগবঢ়োৱাৰ প্রতিশ্রুতি দিয়ে। তেওঁ কয় যে সুধাকণ্ঠ আৰু মুম্বাইৰ অতি নিবিড় সম্পর্ক আছিল।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ