--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ন্যায়ালয়ে ২০২৩ চনত মন্দিৰ প্ৰাংগণত পতাকাকে ধৰি কোনো আলংকৰিক কার্য নিষিদ্ধ কৰিছিল।

ডিজিটেল ডেস্ক : কেৰালাৰ কোল্লাম জিলাত 'ওনাম' উৎসৱৰ সময়ত এটা মন্দিৰত এখন পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ বিষয়ে লিখাৰ অভিযোগত ২৭জন আৰ এছ এছৰ কৰ্মীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে। পাৰ্থাসাৰথি মন্দিৰৰ বাহিৰত 'অপাৰেশ্যন সিন্দূৰ' শীর্ষক নাম অংকিত আৰু আৰ এছ এছৰ পতাকাৰ সৈতে কার্পেটখন প্রস্তুত কৰা হৈছিল। মন্দিৰ কৰ্তৃপক্ষই এই সন্দর্ভত কয় যে এই ঘটনা হৈছে কেৰালা উচ্চ ন্যায়ালয়ৰ এটা ৰায়ৰ উলংঘন।


মন্দিৰ সমিতিৰ সদস্য মোহাননে সংবাদ মাধ্যমৰ আগত কয় যে পূৰ্বতেও উৎসৱৰ সময়ত পতাকা-কার্পেট আদি পৰাক লৈ প্রায়ে বিতর্ক হৈছিল আৰু এনে ঘটনাৰ পুনৰাবৃত্তি নহ'বলৈ উচ্চ ন্যায়ালয়ত মন্দিৰ কৰ্তৃপক্ষই গোচৰ তৰাত ন্যায়ালয়ে ২০২৩ চনত মন্দিৰ প্ৰাংগণত পতাকাকে ধৰি কোনো আলংকৰিক কার্য নিষিদ্ধ কৰিছিল। তেওঁ লগতে কয় যে ন্যায়ালয়ৰ আদেশৰ পাছতো মন্দিৰ সমিতিৰ পুষ্পসজ্জাৰ কাষতেই আৰ এছ এছৰ পতাকাৰ সৈতে 'অপাৰেশ্যন সিন্দূৰ' বিষয়ক পুষ্পসজ্জিত কার্পেট পৰা হৈছিল। তেওঁ লগতে কয় যে 'অপাৰেশ্যন সিন্দূৰলৈ মন্দিৰ কৰ্তৃপক্ষৰ পূৰ্ণ সমর্থন আছে।


ইফালে কেৰালা ৰাজ্যিক বিজেপিয়ে আৰ এছ এছৰ কৰ্মীৰ বিৰুদ্ধে গোচৰ দিয়াটোত কোনোপধ্যেই মানি ল'ব নোৱাৰি বুলি প্রকাশ কৰে। কেৰালা বিজেপিৰ সভাপতি ৰাজীৱ চন্দ্রশেখৰে এই সন্দর্ভত কয় যে অপাৰেশ্যন সিন্দূৰ হৈছে দেশৰ গৌৰৱ। কেৰালা আৰক্ষীৰ এজাহাৰখনে পহলগাম- কাণ্ডত প্ৰাণ হেৰুওৱা ২৬জন নিৰীহ লোক আৰু ভাৰতীয় সেনাৰ জোৱানক অপমান কৰা বুলি বিজেপি নেতাজনে প্রকাশ কৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ