--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্রকাশ কৰে যে এন ডি আৰ এফ, এছ ডি আৰ এফৰ লোকে ক্ষতিগ্রস্ত লোকক উদ্ধাৰ অভিযানত অংশ লৈছে

ডিজিটেল ডেস্ক : পঞ্জাবত বান পৰিস্থিতি শোচনীয় হৈয়েই আছে। ৰাজ্যখনত নেৰানেপেৰা বৰষুণৰ ফলত হোৱা বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৬জনলৈ বৃদ্ধি পাইছে। ৰাজ্য চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ২৩খন জিলাত প্রায় ১৯০০ খন গাঁও প্লাৱিত হৈ আছে। ১.৭৫ লাখ হেক্টৰ ভূমিৰ খেতিপথাৰৰ শস্য নষ্ট হৈছে। 


ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্রকাশ কৰে যে এন ডি আৰ এফ, এছ ডি আৰ এফৰ লোকে ক্ষতিগ্রস্ত লোকক উদ্ধাৰ অভিযানত অংশ লৈছে। ইফালে, আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উদ্ধাৰ অভিযান, পুনৰ সংস্থাপন প্রচেষ্টা পর্যবেক্ষণ কৰা, বানৰ ফলত ক্ষতিগ্রস্ত লোক আৰু কৃষকসকলক সাক্ষাৎ কৰিবলৈ পঞ্জাব ভ্রমণ কৰিব। ভ্ৰমণৰ সময়ত ৰাজ্যখনৰ কেইবাখনো জিলাত হোৱা ক্ষয়-ক্ষতিৰ সন্দৰ্ভতো প্রধানমন্ত্রী মোদীয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে। 


পঞ্জাব বিজেপিয়ে সামাজিক মাধ্যম এক্স যোগে মোদীৰ ভ্ৰমণৰ বিষয়ে উল্লেখ কৰে। ৰাজ্যিক বিজেপিৰ সভাপতি সুনীল জাখাৰে কয় যে পঞ্জাবৰ বান পৰিস্থিতিক লৈ প্রধানমন্ত্রী মোদী উদ্বিগ্ন হৈ আছে আৰু গভীৰভাৱে ইয়াক নিৰীক্ষণ কৰি আছে। কেইদিনমান পূর্বে কেন্দ্রীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে পঞ্জাব ভ্ৰমণ কৰি বান পৰিস্থিতিৰ বুজ লৈছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ