--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আধাৰ জাৰি কৰা সংস্থা ইউনিক আইডেন্টিফিকেশন অথৰিটি অৱ ইণ্ডিয়াই সকলোকে ১০ বছৰৰ পাছত আধাৰৰ তথ্য আপডেট কৰিবলৈ পৰামৰ্শ দিয়ে।

ডিজিটেল ডেস্কঃআধাৰ কাৰ্ড এক গুৰুত্বপূৰ্ণ নথি। চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰা আৰু বেংক একাউণ্ট খোলাৰ দৰে বহু কামত ইয়াক ব্যৱহাৰ কৰা হয়। এনে পৰিস্থিতিত আধাৰ আপডেট কৰি ৰখাটো প্ৰয়োজনীয়।


আধাৰ জাৰি কৰা সংস্থা ইউনিক আইডেন্টিফিকেশন অথৰিটি অৱ ইণ্ডিয়াই সকলোকে ১০ বছৰৰ পাছত আধাৰৰ তথ্য আপডেট কৰিবলৈ পৰামৰ্শ দিয়ে।


বহু ক্ষেত্ৰত আধাৰ কাৰ্ডৰ বিভিন্ন তথ্যত সৰু সৰু ভুল দেখা যায়। আৰু সেই সকলোবোৰ ভুল যদি আছে তেন্তে পিছত সমস্যাৰ সন্মুখীন হ’বও পাৰে। ইয়াৰোপৰি আঙুলিৰ চাপ, ৰেটিনাৰ ছবি আধাৰ কাৰ্ডত এটা নিৰ্দিষ্ট সময়ত আপডেট কৰিব লগা হয়। অন্যথা বেংকৰ লেনদেন কৰোতে সমস্যাৰ সন্মুখীন হ’ব পাৰে। আন আধাৰ কাৰ্ড ভিত্তিক কামৰ সময়তো সমস্যা হ’ব পাৰে।


আৰু এই সকলোবোৰ সমস্যাৰ পৰা হাত সাৰিবলৈ প্ৰথমে আধাৰ কাৰ্ড আপডেট কৰক। ১০ বছৰৰ মূৰে মূৰে এই আপডেট কৰা অত্যন্ত জৰুৰী। গতিকে সকলো সমস্যাৰ পৰা হাত সাৰিবলৈ আধাৰ কাৰ্ডৰ আপডেট প্ৰয়োজনীয়।


কেনেকৈ আপডেট কৰিব


প্ৰথমে UIDAI ৱেবচাইটত যাওক। তাৰ পাছত “My Aadhaar”ত ক্লিক কৰক । ক্লিক কৰাৰ পাছতেই “Update Your Aadhaar”ত ক্লিক কৰক । লগ ইন কৰিবলৈ আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ দিয়ক। আধাৰ কাৰ্ডত থকা নম্বৰত অটিপি আহিব,সেইটোৰে ৰেজিষ্টাৰ কৰক। আপুনি কি আপডেট কৰিব বিচাৰে তাত ক্লিক কৰক।

নতুন তথ্য প্ৰদান কৰক। তথ্য সমূহ আপলোড কৰক। এটা মাচুল দিব লাগিব (বৰ্তমান ৫০ টকা)। আপোনাৰ আপডেইটৰ অৱস্থা অনুসৰণ কৰিবলৈ আপুনি এটা সেৱা অনুৰোধ নম্বৰ লাভ কৰিব।



এই সমূহ আপোনাৰ সৈতে থকাটো প্ৰয়োজনীয়-


১)ৰেজিষ্টাৰ থকা ফোন নম্বৰ

২) প্ৰয়োজনীয় তথ্য


অধিক জানিবলৈ ওচৰত থকা আধাৰ কাৰ্ড অফিচত যোগাযোগ কৰক।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ