--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আধাৰ জাৰি কৰা সংস্থা ইউনিক আইডেন্টিফিকেশন অথৰিটি অৱ ইণ্ডিয়াই সকলোকে ১০ বছৰৰ পাছত আধাৰৰ তথ্য আপডেট কৰিবলৈ পৰামৰ্শ দিয়ে।

ডিজিটেল ডেস্কঃআধাৰ কাৰ্ড এক গুৰুত্বপূৰ্ণ নথি। চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰা আৰু বেংক একাউণ্ট খোলাৰ দৰে বহু কামত ইয়াক ব্যৱহাৰ কৰা হয়। এনে পৰিস্থিতিত আধাৰ আপডেট কৰি ৰখাটো প্ৰয়োজনীয়।


আধাৰ জাৰি কৰা সংস্থা ইউনিক আইডেন্টিফিকেশন অথৰিটি অৱ ইণ্ডিয়াই সকলোকে ১০ বছৰৰ পাছত আধাৰৰ তথ্য আপডেট কৰিবলৈ পৰামৰ্শ দিয়ে।


বহু ক্ষেত্ৰত আধাৰ কাৰ্ডৰ বিভিন্ন তথ্যত সৰু সৰু ভুল দেখা যায়। আৰু সেই সকলোবোৰ ভুল যদি আছে তেন্তে পিছত সমস্যাৰ সন্মুখীন হ’বও পাৰে। ইয়াৰোপৰি আঙুলিৰ চাপ, ৰেটিনাৰ ছবি আধাৰ কাৰ্ডত এটা নিৰ্দিষ্ট সময়ত আপডেট কৰিব লগা হয়। অন্যথা বেংকৰ লেনদেন কৰোতে সমস্যাৰ সন্মুখীন হ’ব পাৰে। আন আধাৰ কাৰ্ড ভিত্তিক কামৰ সময়তো সমস্যা হ’ব পাৰে।


আৰু এই সকলোবোৰ সমস্যাৰ পৰা হাত সাৰিবলৈ প্ৰথমে আধাৰ কাৰ্ড আপডেট কৰক। ১০ বছৰৰ মূৰে মূৰে এই আপডেট কৰা অত্যন্ত জৰুৰী। গতিকে সকলো সমস্যাৰ পৰা হাত সাৰিবলৈ আধাৰ কাৰ্ডৰ আপডেট প্ৰয়োজনীয়।


কেনেকৈ আপডেট কৰিব


প্ৰথমে UIDAI ৱেবচাইটত যাওক। তাৰ পাছত “My Aadhaar”ত ক্লিক কৰক । ক্লিক কৰাৰ পাছতেই “Update Your Aadhaar”ত ক্লিক কৰক । লগ ইন কৰিবলৈ আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ দিয়ক। আধাৰ কাৰ্ডত থকা নম্বৰত অটিপি আহিব,সেইটোৰে ৰেজিষ্টাৰ কৰক। আপুনি কি আপডেট কৰিব বিচাৰে তাত ক্লিক কৰক।

নতুন তথ্য প্ৰদান কৰক। তথ্য সমূহ আপলোড কৰক। এটা মাচুল দিব লাগিব (বৰ্তমান ৫০ টকা)। আপোনাৰ আপডেইটৰ অৱস্থা অনুসৰণ কৰিবলৈ আপুনি এটা সেৱা অনুৰোধ নম্বৰ লাভ কৰিব।



এই সমূহ আপোনাৰ সৈতে থকাটো প্ৰয়োজনীয়-


১)ৰেজিষ্টাৰ থকা ফোন নম্বৰ

২) প্ৰয়োজনীয় তথ্য


অধিক জানিবলৈ ওচৰত থকা আধাৰ কাৰ্ড অফিচত যোগাযোগ কৰক।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত