--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • ফাষ্টট্রেক আদালতত দৈনিক শুনানি গ্রহণ কৰা হ'ব, যাতে সোনকালে বিচাৰ নিষ্পত্তি হয়। ইফালে, মহা অধিবক্তাৰ সৈতে আলোচনা কৰি এজন বিশেষ লোক অধিবক্তাক (পাব্লিক প্রচিকিউটৰ) নিযুক্তি দিব।

ডিজিটেল ডেস্ক : অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ সামধি ক্ষেত্র স্থায়ীভাৱে নিৰ্মাণ কৰিব অসম চৰকাৰে। সোণাপুৰত জুবিন গাৰ্গৰ স্থায়ী সমাধি ক্ষেত্ৰ নিৰ্মাণৰ বাবে কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটে লোকনির্মাণ বিভাগক দায়িত্ব দিয়ে। 


সমাধি ক্ষেত্ৰৰ পৰিকল্পনাৰ বাবে এখন কমিটীও গঠন কৰা হৈছে। এঘাৰজনীয়া এই কমিটীখনত আছে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ, ড° পামী বৰঠাকুৰ, শ্যামন্তক গৌতম, পাৰ্থ সাৰথি মহন্ত, বীৰেন সিংহ, অনুৰাধা শৰ্মা পূজাৰী, প্রাঞ্জল শইকীয়া, পুলক বেনার্জী, দুলাল মানকী, তৰালী শৰ্মা আৰু সুদৰ্শন ঠাকুৰ। সুদৰ্শন ঠাকুৰক কমিটিৰ আহ্বায়কৰ দায়িত্বও দিয়া হৈছে। এই কমিটীখনে পৰিকল্পনা চূড়ান্ত কৰিলেই এমাহ, দুমাহৰ ভিতৰত স্থায়ী নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব। 


কালি অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত আয়োজিত এখন সংবাদমেলত মুখ্যমন্ত্রী ড° শৰ্মাই এই কথা অৱগত কৰি কয়, জুবিন গাৰ্গৰ ক্ষিপ্র ন্যায় সুনিশ্চিত কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ কথাও অৱগত কৰে। তেওঁ কয়, 'এছ আই টিয়ে জনোৱা মতে, নৱেম্বৰ মাহৰ পাছত যিকোনো সময়তে তেওঁলোকে চার্জশিট দাখিল কৰিব পাৰিব। যদিও তেওঁলোকৰ হাতত ৯০ দিন থাকে, তথাপি তেওঁলোকে নৱেম্বৰ মাহৰ ভিতৰতে তদন্ত সমাপ্ত কৰি নৱেম্বৰৰ শেষত বা ডিচেম্বৰৰ প্ৰথম সপ্তাহত চার্জশিট দাখিল কৰিব। ইয়াৰ উপৰি এখন ফাষ্টট্রেক আদালত গঠন কৰা হ'ব। 


গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক এখন ফাষ্টট্রেক ক'ট গঠন কৰাৰ বাবে অনুৰোধ জনোৱাৰ বাবে কালি কেবিনেটে সিদ্ধান্ত গ্রহণ কৰে, যাতে ন্যায় প্ৰদানৰ প্রক্রিয়া সোনকালে হয়। আদালতে যিহেতু বহুত সময় লয়, সেয়েহে ৰাজ্য চৰকাৰখনে ফাষ্টট্রেক ক'ৰ্ট গঠনৰ পোষকতা কৰিছে। ফাষ্টট্রেক আদালতত দৈনিক শুনানি গ্রহণ কৰা হ'ব, যাতে সোনকালে বিচাৰ নিষ্পত্তি হয়। ইফালে, মহা অধিবক্তাৰ সৈতে আলোচনা কৰি এজন বিশেষ লোক অধিবক্তাক (পাব্লিক প্রচিকিউটৰ) নিযুক্তি দিব। জুবিন গাৰ্গৰ গোচৰটো সমাপ্ত নোহোৱালৈকে তেওঁ একমাত্র এই গোচৰটোৰ কামহে চোৱা-চিতা কৰিব। 


প্রণিধানযোগ্য যে কালিৰ কেবিনেটে নামৰূপ সাৰ কাৰখানা ১২.৭লাখ মেট্রিকটনৰ এমনিয়া প্লাণ্টৰ সন্দর্ভতো এক সিদ্ধান্ত গ্রহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে, প্রায় দহ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ এই প্রকল্পটোত চাৰি হাজাৰ কোটি টকা অর্থাৎ ৪০ শতাংশ অসম চৰকাৰে ব্যয় কৰিব। কালিৰ কেবিনেটে অসম চৰকাৰৰ অংশ ব্যয় কৰাৰ বাবে উদ্যোগ বিভাগক অনুমতি প্রদান কৰে। এই উদ্যোগটোত ৪৬০জন স্থায়ী আৰু ১৫০০জন অস্থায়ী কৰ্মচাৰীয়ে সংস্থাপন লাভ কৰিব। ডিচেম্বৰ মাহত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নামৰূপ সাৰ কাৰখানাৰ নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ সম্ভাৱনা আছে বুলিও জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। 


ইফালে, অসম চুক্তিৰ ষষ্ঠ দফা ৰূপায়ণৰ বাবে গঠিত বিপ্লৱ শৰ্মা আয়োগে সত্ৰসমূহৰ সংৰক্ষণৰ ক্ষেত্রত এখন সত্র আয়োগ গঠনৰ পৰামৰ্শ দিয়াৰ কথা উল্লেখ কৰি তেওঁ লগতে কয়, 'এই সন্দর্ভত কালি কেবিনেটে আলোচনা কৰি অনাগত বিধানসভাত এই সম্পর্কীয় এখন বিধেয়ক উত্থাপন কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়। উচ্চ ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশক সত্র আয়োগৰ অধ্যক্ষ হিচাপে নিয়োগ কৰা হ'ব। আয়োগত অসম চৰকাৰৰ এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰী থাকিব। এই কৰ্মচাৰীগৰাকী অসম চৰকাৰৰ সচিব পৰ্যায়ত কৰ্মৰত তথা ৰাজহ আইন সম্পর্কে জ্ঞান থকা হ'ব লাগিব। দ্বিতীয়তে, সত্ৰসমূহৰ পৰা দুজন সত্ৰাধিকাৰক মনোনীত কৰা হ'ব। এই আয়োগখনৰ কাম হ'ব ভূমিক লৈ তেওঁলোকৰ তাত ৰাইজে আপীল কৰিব পাৰিব। নিজাকৈয়ো আয়োগে তদন্ত কৰি জিলা আয়ুক্ত আৰু ৰাজ্য চৰকাৰক নিৰ্দেশ দিব পাৰিব। বিশেষকৈ বেদখলৰ সন্দৰ্ভত। আয়োগৰ হাতত এটা বিশেষ পুঁজি থাকিব। তাৰ দ্বাৰা তেওঁলোকে সত্ৰসমূহৰ সংৰক্ষণৰ দিশটোত চকু দিব পাৰিব। কোনো ব্যক্তিয়ে যদি ভাবে মই ৰায়তী আছিলোঁ মই সত্ৰৰ ভূমি পাব লাগে, তেওঁলোকে এতিয়া প্রথমে সত্ৰ আয়োগৰ ওচৰলৈ যাব পাৰিব। অর্থাৎ ৰাজ্য চৰকাৰ আৰু জিলা আয়ুক্তসকলৰ ওপৰত এই সত্ৰ আয়োগে ক্ষমতা পাব। ইয়াৰ ফলত সত্ৰৰ ভূমি সংৰক্ষণ কৰিব পাৰিব আয়োগে। 


মন কৰিবলগীয়া কথা যে কালিৰ কেবিনেটে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে, 'ভাৰত চৰকাৰে কিছু দিনৰ পূৰ্বে কৰ্মচাৰীসকলৰ বাবে তিনি শতাংশ মৰগীয়া বানচ ঘোষণা কৰিছিল। সেই অনুসৰি তেওঁলোকে ৫৮ শতাংশ মৰগীয়া বানচ লাভ কৰি আছে। কিন্তু অসম চৰকাৰে পাই আছে ৫৫ শতাংশ মৰগীয়া বানচ। সেয়েহে ৰাজ্য চৰকাৰে চাকৰিয়াল আৰু পেঞ্চনাৰসকলৰ বাবে মৰগীয়া বানচ তিনি শতাংশ বৃদ্ধি কৰি ৫৮ শতাংশ কৰে। ইফালে, কালিৰ কেবিনেটে নিযুত মইনা আঁচনিখন ৰূপায়ণৰ বাবে ১২৫ কোটি টকা অনুমোদন দিয়ে। যাতে অহা ২৭ তাৰিখৰ পৰা এই আঁচনিখন ৰূপায়ণ কৰাৰ দিশে চৰকাৰ আগবাঢ়ি যাব পাৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ