--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • গুৱাহাটীৰ লাচিত ঘাটত ভাৰতীয় বায়ু সেনাই উদ্যাপন কৰিবলগীয়া ৯৩ সংখ্যক বর্ষপূর্তি উদ্যাপন অনুষ্ঠানটো উত্তৰ-পূবত অনুষ্ঠিত হ'বলগীয়া বায়ু সেনা দিৱসৰ প্ৰথমটো কার্যসূচী হ'ব।

ডিজিটেল ডেস্ক : অসমৰ আকাশত, বিশাল ব্ৰহ্মপুত্ৰৰ ওপৰত নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে ভাৰতীয় বায়ু সেনা। গুৱাহাটী মহানগৰৰ আকাশ কঁপাই আজি উৰিব ৰাফেল, তেজছৰ দৰে বায়ু সেনা বাহিনীৰ ৭৫খনৰো অধিক শক্তিশালী যুঁজাৰু বিমান। 


গুৱাহাটীৰ লাচিত ঘাটত ভাৰতীয় বায়ু সেনাই উদ্যাপন কৰিবলগীয়া ৯৩ সংখ্যক বর্ষপূর্তি উদ্যাপন অনুষ্ঠানটো উত্তৰ-পূবত অনুষ্ঠিত হ'বলগীয়া বায়ু সেনা দিৱসৰ প্ৰথমটো কার্যসূচী হ'ব। য'ত সাহস, দেশপ্রেম, শক্তিৰ একত্ৰ প্ৰদৰ্শনেৰে ভাৰতীয় বায়ু সেনাৰ বিচক্ষণতা আৰু গৌৰৱৰ অভিনৱ উৰণ প্ৰদৰ্শন সকলোৰে সাক্ষী হৈ পৰিব। 'সূর্যকিৰণ' শীর্ষক এই অনুষ্ঠানত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ 'মায়াবিনী' শীর্ষক অনুষ্ঠানেৰে ভাৰতীয় বায়ু সেনাই শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি 'মায়াবিনী ৰাতিৰ বুকুত' গীতটিৰ সুৰত বিশেষ এয়াৰ শ্ব' প্ৰদৰ্শন কৰিব। 


ইতিমধ্যে যুদ্ধকালীন প্রস্তুতিৰে গুৱাহাটীৰ লাচিত ঘাটত বায়ু সেনাই সকলো পদক্ষেপ গ্ৰহণ কৰি চাৰি-পাঁচ দিন একেৰাহে অনুশীলন সম্পূৰ্ণ কৰিছে। এয়াৰ শ্ব'টোৰ সৈতে সংগতি ৰাখি বায়ু সেনা বাহিনীৰ জোৱানসকলে কালি অনুষ্ঠিত কৰা পেৰেডৰ আখৰা চাই উপস্থিত সকলো অভিভূত হৈ পৰে। বায়ু সেনাৰ এই আখৰা চাবলৈ লাচিত ঘাটৰ অস্থায়ী চৌহদত বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ লগতে সৰ্বসাধাৰণ ৰাইজ উপস্থিত হয়। 


উল্লেখযোগ্য যে বায়ু সেনাৰ ৯৩ সংখ্যক বায়ু সেনা দিৱস উদ্যাপনৰ অংশ হিচাপে আজি ৯ নৱেম্বৰৰ দুপৰীয়া প্রায় ১২-৩০ বজাৰ পৰা দিনৰ ২ বজালৈকে এই এয়াৰ শ্ব' প্ৰদৰ্শন কৰা হ'ব। এই এয়াৰ শ্ব'ৰ বাবে প্রয়োজনীয় সকলো নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে বুলি বায়ু সেনাৰ বিষয়াসকলে জানিবলৈ দিছে। 


দৰ্শকৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি লাচিত ঘাটৰ লগতে উজানবজাৰৰ নতুন পাৰ্কৰ পৰাও এই ফ্লায়িং শ্ব'চোৱাৰ সুবিধা থকাৰ উপৰি গুৱাহাটীৰ নিজৰ ঘৰৰ পৰাও এই এয়াৰ শ্ব' চাব পাৰিব। অশ্বক্লান্ত মন্দিৰৰ প্ৰাংগণত আমন্ত্রিত অতিথিৰ বাবে এয়াৰ শ্ব' চোৱাৰ ব্যৱস্থা কৰা হৈছে। ইফালে এয়াৰ শ্ব' চাবলৈ হাজাৰ হাজাৰ দৰ্শকৰ সমাগম হ'ব পৰাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰত কাইলৈ যান-বাহন আৰক্ষীয়ে বিশেষ পথ নির্দেশনাৰ ব্যৱস্থা কৰিছে। লক্ষণীয়ভাৱে ব্ৰহ্মপুত্ৰৰ ওপৰত ভাৰতীয় বায়ু সেনাই প্ৰথমবাৰৰ বাবে প্রদর্শন কৰিব লগীয়া এই এয়াৰ শ্ব'ত সুখই, তেজছকে ধৰি ভাৰতৰ বিভিন্ন আকাশীযানৰ দৃষ্টিনন্দন আকাশী প্রদর্শন চাবলৈ সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সকলোকে আহ্বান জনাইছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ