--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • গুৱাহাটীৰ লাচিত ঘাটত ভাৰতীয় বায়ু সেনাই উদ্যাপন কৰিবলগীয়া ৯৩ সংখ্যক বর্ষপূর্তি উদ্যাপন অনুষ্ঠানটো উত্তৰ-পূবত অনুষ্ঠিত হ'বলগীয়া বায়ু সেনা দিৱসৰ প্ৰথমটো কার্যসূচী হ'ব।

ডিজিটেল ডেস্ক : অসমৰ আকাশত, বিশাল ব্ৰহ্মপুত্ৰৰ ওপৰত নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে ভাৰতীয় বায়ু সেনা। গুৱাহাটী মহানগৰৰ আকাশ কঁপাই আজি উৰিব ৰাফেল, তেজছৰ দৰে বায়ু সেনা বাহিনীৰ ৭৫খনৰো অধিক শক্তিশালী যুঁজাৰু বিমান। 


গুৱাহাটীৰ লাচিত ঘাটত ভাৰতীয় বায়ু সেনাই উদ্যাপন কৰিবলগীয়া ৯৩ সংখ্যক বর্ষপূর্তি উদ্যাপন অনুষ্ঠানটো উত্তৰ-পূবত অনুষ্ঠিত হ'বলগীয়া বায়ু সেনা দিৱসৰ প্ৰথমটো কার্যসূচী হ'ব। য'ত সাহস, দেশপ্রেম, শক্তিৰ একত্ৰ প্ৰদৰ্শনেৰে ভাৰতীয় বায়ু সেনাৰ বিচক্ষণতা আৰু গৌৰৱৰ অভিনৱ উৰণ প্ৰদৰ্শন সকলোৰে সাক্ষী হৈ পৰিব। 'সূর্যকিৰণ' শীর্ষক এই অনুষ্ঠানত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ 'মায়াবিনী' শীর্ষক অনুষ্ঠানেৰে ভাৰতীয় বায়ু সেনাই শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি 'মায়াবিনী ৰাতিৰ বুকুত' গীতটিৰ সুৰত বিশেষ এয়াৰ শ্ব' প্ৰদৰ্শন কৰিব। 


ইতিমধ্যে যুদ্ধকালীন প্রস্তুতিৰে গুৱাহাটীৰ লাচিত ঘাটত বায়ু সেনাই সকলো পদক্ষেপ গ্ৰহণ কৰি চাৰি-পাঁচ দিন একেৰাহে অনুশীলন সম্পূৰ্ণ কৰিছে। এয়াৰ শ্ব'টোৰ সৈতে সংগতি ৰাখি বায়ু সেনা বাহিনীৰ জোৱানসকলে কালি অনুষ্ঠিত কৰা পেৰেডৰ আখৰা চাই উপস্থিত সকলো অভিভূত হৈ পৰে। বায়ু সেনাৰ এই আখৰা চাবলৈ লাচিত ঘাটৰ অস্থায়ী চৌহদত বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ লগতে সৰ্বসাধাৰণ ৰাইজ উপস্থিত হয়। 


উল্লেখযোগ্য যে বায়ু সেনাৰ ৯৩ সংখ্যক বায়ু সেনা দিৱস উদ্যাপনৰ অংশ হিচাপে আজি ৯ নৱেম্বৰৰ দুপৰীয়া প্রায় ১২-৩০ বজাৰ পৰা দিনৰ ২ বজালৈকে এই এয়াৰ শ্ব' প্ৰদৰ্শন কৰা হ'ব। এই এয়াৰ শ্ব'ৰ বাবে প্রয়োজনীয় সকলো নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে বুলি বায়ু সেনাৰ বিষয়াসকলে জানিবলৈ দিছে। 


দৰ্শকৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি লাচিত ঘাটৰ লগতে উজানবজাৰৰ নতুন পাৰ্কৰ পৰাও এই ফ্লায়িং শ্ব'চোৱাৰ সুবিধা থকাৰ উপৰি গুৱাহাটীৰ নিজৰ ঘৰৰ পৰাও এই এয়াৰ শ্ব' চাব পাৰিব। অশ্বক্লান্ত মন্দিৰৰ প্ৰাংগণত আমন্ত্রিত অতিথিৰ বাবে এয়াৰ শ্ব' চোৱাৰ ব্যৱস্থা কৰা হৈছে। ইফালে এয়াৰ শ্ব' চাবলৈ হাজাৰ হাজাৰ দৰ্শকৰ সমাগম হ'ব পৰাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰত কাইলৈ যান-বাহন আৰক্ষীয়ে বিশেষ পথ নির্দেশনাৰ ব্যৱস্থা কৰিছে। লক্ষণীয়ভাৱে ব্ৰহ্মপুত্ৰৰ ওপৰত ভাৰতীয় বায়ু সেনাই প্ৰথমবাৰৰ বাবে প্রদর্শন কৰিব লগীয়া এই এয়াৰ শ্ব'ত সুখই, তেজছকে ধৰি ভাৰতৰ বিভিন্ন আকাশীযানৰ দৃষ্টিনন্দন আকাশী প্রদর্শন চাবলৈ সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সকলোকে আহ্বান জনাইছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে