--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

In Short

  • ইজৰাইল আৰু ইৰানৰ মাজত চলি থকা যুদ্ধই দেশখনৰ বাসিন্দাসকলৰ লগতে তাত থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো বিভীষিকাৰ সৃষ্টি কৰিছে। তাত থকা প্রায় ১৫০০ গৰাকী ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে ত্ৰাসৰ মাজত দিন কটাইছে।

ডিজিটেল ডেস্কঃ ইজৰাইল আৰু ইৰানৰ মাজত চলি থকা যুদ্ধই দেশখনৰ বাসিন্দাসকলৰ লগতে তাত থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো বিভীষিকাৰ সৃষ্টি কৰিছে। তাত থকা প্রায় ১৫০০ গৰাকী ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে ত্ৰাসৰ মাজত দিন কটাইছে।


ইৰানত মেডিকেল কলেজত পঢ়ি থকা ছাত্র-ছাত্রীসকলে তেওঁলোকক তাৰ পৰা স্বদেশলৈ ঘূৰাই অনাৰ বাবে ভাৰত চৰকাৰত আৱেদন জনাইছে। ইৰানত সম্মুখীন হোৱা দুর্দশাৰ বিষয়ে বৰ্ণনা কৰি তেহৰান ইউনিভার্হিটি অব্ মেডিকেল ছায়েন্সৰ এগৰাকী ২২ বছৰীয়া ছাত্ৰীয়ে কয় যে তেওঁলোকে যুদ্ধ টেলিভিছনত নহয় হোষ্টেলৰ খিৰিকীৰ কাষত দেখিছে। তেওঁ কয়, 'আমি শেহ নিশা প্রায় ৩-২০ বজাত বিস্ফোৰণৰ এটা প্রচণ্ড শব্দ শুনো। তাৰ পাছত ক'লা ধোঁৱা দেখিবলৈ পালোঁ। সকলোৱে দৌৰিবলৈ ধৰিলে। মই এখন যুঁজাৰু বিমানৰ শব্দ শুনা পালোঁ আৰু তাৰ পাছত গুলীৰ শব্দ। সেই সময়ত যুদ্ধ আমাৰ মূৰৰ ওপৰত চলি থকা যেন লাগিছিল। 'তেওঁ পুনৰ কয়, সেয়া টেলিভিছনত নহয়, আমাৰ খিৰিকীৰ বাহিৰত হৈ আছিল।' ছাত্ৰীগৰাকীয়ে কয় যে যোৱা দুদিনে তেহৰানত ব্লেক আউট চলি আছে আৰু খাবলৈ-শুবলৈ পোৱা নাই।


যোৱা শুকুৰবাৰে বিশ্ববিদ্যালয়ৰ ডীনে আহি তেওঁলোকক সমূহীয়া কোঠাত থাকিবলৈ পৰামৰ্শ দি কয়- তেওঁলোকৰ বাবে সেয়াই নিৰাপদ স্থান। কিন্তু পৰিস্থিতিয়ে অধিক শোচনীয় ৰূপ লোৱাৰ পাছত কর্তৃপক্ষই ছাত্র-ছাত্রীসকলক বাংকাৰ আৰু বেছমেণ্টত থকাৰ ব্যৱস্থা কৰে। সেয়া নিৰাপদ স্থান যদিও তাত থকাৰ অভিজ্ঞতা অতি ভয়াৱহ। তেহৰানৰ শ্বাহিদ বেহেস্তী বিশ্ববিদ্যালয়ৰ এম বি বি এছৰ তৃতীয় বৰ্ষৰ ছাত্ৰী ইমতিচাল মোহিদীনে কয় যে শুকুৰবাৰে নিশা প্রায় ২-৩০ বজাত বিস্ফোৰণৰ এটা ডাঙৰ শব্দ শুনে আৰু তাৰ পাছত তেওঁলোক বেছমেন্টলৈ দৌৰাদৌৰিকৈ যায়। তেতিয়াৰ পৰাই তেওঁ শোৱা নাই। বিশ্ববিদ্যালয়খনত প্রায় ৩৫০ গৰাকী ভাৰতীয় ছাত্ৰ-ছাত্ৰী আছে। শ্রীনগৰৰ ফৈজান নবীয়ে কেৰমান ইউনিভাৰ্ছিটি অব মেডিকেল ছায়েন্সেজত পঢ়ি আছে। তেওঁ কয়, 'আমি থকা স্থানত আতংকই বিৰাজ কৰি আছে। পৰিস্থিতি অতি শোচনীয় হৈ পৰিছে। আমাক তিনি-চাৰি দিনৰ বাবে পানী ধৰি ৰাখিবলৈ কৈছে। ঘৰৰ পৰা প্ৰতিদিনে দহবাৰলৈকে ফ'ন কৰি আছে। ইণ্টাৰনেট যথেষ্ট লেহেম, মেছেজো প্ৰেৰণ কৰিব পৰা নাই। আমি ইয়াত চিকিৎসক হ'বলৈ আহিছিলো আৰু এতিয়া প্ৰাণ ৰক্ষাৰ বাবে সংগ্রাম কৰিবলগীয়া হৈছে।'


উল্লেখযোগ্য যে ইৰানে আজি দেশখনত থকা বিদেশী ছাত্র-ছাত্রীসকলক দেশখন ত্যাগ কৰাৰ অনুমতি দিয়ে। ইৰানত ১৫০০গৰাকী ছাত্ৰ-ছাত্ৰীকে ধৰি প্ৰায় দহ হাজাৰ ভাৰতীয় ইৰানত আবদ্ধ হৈ আছে। সূত্ৰসমূহে প্ৰকাশ কৰা মতে ভাৰতে আর্মেনিয়া হৈ ভাৰতীয় ছাত্র-ছাত্রীসকলক স্বদেশলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰি আছে। এই সন্দৰ্ভত ভাৰতে তেহৰানত থকা আর্মেনিয়াৰ ৰাষ্ট্ৰদূতৰ সৈতে আলোচনা কৰি আছে। ইৰানৰ বিদেশ মন্ত্ৰ্যালয়ে কয় যে বৰ্তমানৰ পৰিস্থিতিত দেশখনৰ বিমানবন্দৰসমূহ বন্ধ ৰখা হৈছে। এনে অৱস্থাত বিদেশী নাগৰিকসকলে সীমান্ত পথেৰে স্বদেশলৈ উভতি যাব পাৰিব। ইৰানী বিদেশ মন্ত্রালয়ে প্রকাশ কৰা মতে ভূ-সীমান্ত খোলা ৰখা হৈছে। বিদেশী নাগৰিকসকলে ইৰান ত্যাগ কৰাৰ আগতে নিজ নিজ দেশৰ দূতাৱাসৰ জৰিয়তে ইৰানৰ জেনেৰেল প্রট'কল বিভাগলৈ নিজৰ নাম, পাছপ'ৰ্ট নম্বৰ, বাহনৰ বিতং তথ্য আদি তথ্য যোগান ধৰিব লাগিব। ইৰানৰ বিভিন্ন মহানগৰত থকা ভাৰতীয় ছাত্র-ছাত্রীসকলক আর্মেনিয়াৰ সীমান্তৰ নাৰদুজলৈ নিয়া হ'ব। তাৰ পৰা তেওঁলোকক বাছেৰে আর্মেনিয়াৰ য়ে ৰেৱন বিমান বন্দৰলৈ নিয়া হ'ব। তাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক বিমানেৰে ভাৰতলৈ ঘূৰাই অনা হ'ব।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement