--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

In Short

  • বায়ু সেনা বাহিনী তথা কেইবা পুৰুষৰ পাইলটৰ বাবে এক আৱেগৰ মুহূৰ্তৰূপে ১৮-১৯ আগষ্টত নালত প্রতীকী বিদায় অনুষ্ঠানত বায়ু সেনা বাহিনীৰ মুৰব্বী মার্শাল এ পি সিঙে এককভাৱে মিগ-২১ৰ উৰণত অংশ লয়।

ডিজিটেল ডেস্কঃ ভাৰতীয় বায়ু সেনা বাহিনীৰ যুঁজাৰু বিমানৰ ভিতৰত যোৱা ছটা দশকত প্রাধান্য লাভ কৰি অহা মিগ-২১-এ আনুষ্ঠানিক অৱসৰৰ আগতে বিকানেৰৰ নাল বায়ু সেনা বাহিনী আস্থানৰ পৰা শেষবাৰৰ বাবে উৰণত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে অহা ২৬ ছেপ্টেম্বৰত চণ্ডীগড়ত মিগ-২১ৰ আনুষ্ঠানিক অৱসৰ অনুষ্ঠান অনুষ্ঠিত হ'ব।


বায়ু সেনা বাহিনী তথা কেইবা পুৰুষৰ পাইলটৰ বাবে এক আৱেগৰ মুহূৰ্তৰূপে ১৮-১৯ আগষ্টত নালত প্রতীকী বিদায় অনুষ্ঠানত বায়ু সেনা বাহিনীৰ মুৰব্বী মার্শাল এ পি সিঙে এককভাৱে মিগ-২১ৰ উৰণত অংশ লয়।


উল্লেখযোগ্য যে ৰাছিয়া মূলৰ এই বিমানখনে ভাৰতীয় বায়ু সেনা বাহিনীক (আই এ এফ) ৬২ বছৰ সেৱা আগবঢ়ালে। নিজৰ উৰণৰ পাছত বায়ু সেনা বাহিনীৰ মুৰব্বী সিঙে সংবাদ সংস্থা পি টি আইক কয়, '১৯৬০ দশকত অন্তৰ্ভূক্ত কৰাৰে পৰা মিগ-২১ আই এ এফৰ বাবে কঠোৰ পৰিশ্ৰম কৰা তথা নিৰ্ভৰযোগ্য (ৱৰ্কহৰ্ছ) বিমান হৈ আছে। আমি এতিয়াও এইখনৰ সৈতে কাম কৰি আছোঁ। এইখন হৈছে ইতিহাসত আটাইতকৈ বেছি উৎপাদিত ছুপাৰছনিক যুঁজাৰু বিমান। ৬০খনতকৈ অধিক দেশত ১১,০০০তকৈ অধিক এই বিমানে কাম কৰি আছে।' তেওঁ আৰু কয়, 'মিগ-২১ৰ সৈতে মোৰ প্ৰথম অভিজ্ঞতা হৈছিল।


১৯৮৫ চনত, যেতিয়া মই তেজপুৰত টাইপ-৭৭ প্রজাতি উৰুৱাইছিলোঁ।' আই এ এফৰ মুৰব্বীজনে আৰু কয়, 'সর্বাধিক ৰিহিটত এইখন বিমানে প্রতি ছেকেণ্ডত ২৫০ মিটাৰতকৈ অধিক ওপৰলৈ উৰিব পাৰে। ইয়াক নিৰ্মাণ কৰা হৈছিল ধৰা পেলাবলৈ (শত্ৰুৰ বিমান) আৰু সেই ভূমিকাৰে ই ভাৰতলৈ উল্লেখযোগ্যভাবে সেৱা আগবঢ়ালে। কিন্তু সকলোৰে এটা সময় থাকে। এই প্রযুক্তি এতিয়া আওপুৰণি আৰু ব্যৱস্থাপনাৰ বাবে কঠিন। এতিয়া তেজস, ৰাফেল আৰু এছ ইউ-৩০ৰ নতুন বিমানৰ সময়।'


সিঙে আৰু জনায়, 'তেজস প্রকৃততে মিগ-২১ৰ বিকল্পৰূপে ডিজাইন কৰা হৈছিল। সেয়ে এইখন এখন সৰু বিমান। ইয়াৰ ডিজাইন কৰা হৈছিল মিগ-২১ৰ ভিত্তিত আৰু মিৰাজৰ অনুপ্ৰেৰণাৰে ইয়াৰ সৃষ্টিৰ ধাৰণাৰ জন্ম হৈছিল।' বর্তমান আই এ এফ মিগ-২১ৰ দুটা স্কোৱাড্রন চলাই আছে, যি অহা মাহত প্ৰত্যাহাৰ কৰা হ'ব। ১৯৬৩ চনত য'ত প্রথম মিগ-২১ অন্তর্ভুক্ত কৰা হৈছিল, সেই চণ্ডীগড়তেঅনুষ্ঠিত হ'বলগীয়া আনুষ্ঠানিক বিদায় অনুষ্ঠান হ'ব ভাৰতীয় বায়ু সেনাৰ শক্তিৰ এক ঐতিহাসিক অধ্যায়ৰ সামৰণি।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement