--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বায়ু সেনা বাহিনী তথা কেইবা পুৰুষৰ পাইলটৰ বাবে এক আৱেগৰ মুহূৰ্তৰূপে ১৮-১৯ আগষ্টত নালত প্রতীকী বিদায় অনুষ্ঠানত বায়ু সেনা বাহিনীৰ মুৰব্বী মার্শাল এ পি সিঙে এককভাৱে মিগ-২১ৰ উৰণত অংশ লয়।

ডিজিটেল ডেস্কঃ ভাৰতীয় বায়ু সেনা বাহিনীৰ যুঁজাৰু বিমানৰ ভিতৰত যোৱা ছটা দশকত প্রাধান্য লাভ কৰি অহা মিগ-২১-এ আনুষ্ঠানিক অৱসৰৰ আগতে বিকানেৰৰ নাল বায়ু সেনা বাহিনী আস্থানৰ পৰা শেষবাৰৰ বাবে উৰণত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে অহা ২৬ ছেপ্টেম্বৰত চণ্ডীগড়ত মিগ-২১ৰ আনুষ্ঠানিক অৱসৰ অনুষ্ঠান অনুষ্ঠিত হ'ব।


বায়ু সেনা বাহিনী তথা কেইবা পুৰুষৰ পাইলটৰ বাবে এক আৱেগৰ মুহূৰ্তৰূপে ১৮-১৯ আগষ্টত নালত প্রতীকী বিদায় অনুষ্ঠানত বায়ু সেনা বাহিনীৰ মুৰব্বী মার্শাল এ পি সিঙে এককভাৱে মিগ-২১ৰ উৰণত অংশ লয়।


উল্লেখযোগ্য যে ৰাছিয়া মূলৰ এই বিমানখনে ভাৰতীয় বায়ু সেনা বাহিনীক (আই এ এফ) ৬২ বছৰ সেৱা আগবঢ়ালে। নিজৰ উৰণৰ পাছত বায়ু সেনা বাহিনীৰ মুৰব্বী সিঙে সংবাদ সংস্থা পি টি আইক কয়, '১৯৬০ দশকত অন্তৰ্ভূক্ত কৰাৰে পৰা মিগ-২১ আই এ এফৰ বাবে কঠোৰ পৰিশ্ৰম কৰা তথা নিৰ্ভৰযোগ্য (ৱৰ্কহৰ্ছ) বিমান হৈ আছে। আমি এতিয়াও এইখনৰ সৈতে কাম কৰি আছোঁ। এইখন হৈছে ইতিহাসত আটাইতকৈ বেছি উৎপাদিত ছুপাৰছনিক যুঁজাৰু বিমান। ৬০খনতকৈ অধিক দেশত ১১,০০০তকৈ অধিক এই বিমানে কাম কৰি আছে।' তেওঁ আৰু কয়, 'মিগ-২১ৰ সৈতে মোৰ প্ৰথম অভিজ্ঞতা হৈছিল।


১৯৮৫ চনত, যেতিয়া মই তেজপুৰত টাইপ-৭৭ প্রজাতি উৰুৱাইছিলোঁ।' আই এ এফৰ মুৰব্বীজনে আৰু কয়, 'সর্বাধিক ৰিহিটত এইখন বিমানে প্রতি ছেকেণ্ডত ২৫০ মিটাৰতকৈ অধিক ওপৰলৈ উৰিব পাৰে। ইয়াক নিৰ্মাণ কৰা হৈছিল ধৰা পেলাবলৈ (শত্ৰুৰ বিমান) আৰু সেই ভূমিকাৰে ই ভাৰতলৈ উল্লেখযোগ্যভাবে সেৱা আগবঢ়ালে। কিন্তু সকলোৰে এটা সময় থাকে। এই প্রযুক্তি এতিয়া আওপুৰণি আৰু ব্যৱস্থাপনাৰ বাবে কঠিন। এতিয়া তেজস, ৰাফেল আৰু এছ ইউ-৩০ৰ নতুন বিমানৰ সময়।'


সিঙে আৰু জনায়, 'তেজস প্রকৃততে মিগ-২১ৰ বিকল্পৰূপে ডিজাইন কৰা হৈছিল। সেয়ে এইখন এখন সৰু বিমান। ইয়াৰ ডিজাইন কৰা হৈছিল মিগ-২১ৰ ভিত্তিত আৰু মিৰাজৰ অনুপ্ৰেৰণাৰে ইয়াৰ সৃষ্টিৰ ধাৰণাৰ জন্ম হৈছিল।' বর্তমান আই এ এফ মিগ-২১ৰ দুটা স্কোৱাড্রন চলাই আছে, যি অহা মাহত প্ৰত্যাহাৰ কৰা হ'ব। ১৯৬৩ চনত য'ত প্রথম মিগ-২১ অন্তর্ভুক্ত কৰা হৈছিল, সেই চণ্ডীগড়তেঅনুষ্ঠিত হ'বলগীয়া আনুষ্ঠানিক বিদায় অনুষ্ঠান হ'ব ভাৰতীয় বায়ু সেনাৰ শক্তিৰ এক ঐতিহাসিক অধ্যায়ৰ সামৰণি।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ