--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দেশৰ প্রথম প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৰ প্ৰথমটো চৰকাৰী বাসভৱন অচিৰেই বিক্ৰী কৰা হ'ব।

ডিজিটেল ডেস্ক : দেশৰ প্রথম প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৰ প্ৰথমটো চৰকাৰী বাসভৱন অচিৰেই বিক্ৰী কৰা হ'ব। এই বঙলাটো বিক্ৰীৰ চুক্তি দেশৰ ভিতৰত আটাইতকৈ ব্যয়বহুল হ'ব বুলি কোৱা হৈছে।


এই বঙলাটো দিল্লীৰ লুট্যন্‌জ অঞ্চলৰ মতিলাল নেহৰু মাৰ্গত (পূৰ্বতে য়ার্ক ৰ'ড) আছে আৰু ইয়াৰ ঘৰ নম্বৰ হ'ল ১৭। এই বঙলাটো ১৪,৯৭৩ বর্গমিটাৰ (প্রায় ৩.৭ একৰ) এলেকাত আছে। ইক'নমিক টাইমছে প্রকাশ কৰা এটা বাতৰিত কোৱা হৈছে যে বঙলাটোৰ বৰ্তমানৰ মালিকে বিক্ৰীৰ বাবত ১,৪০০ কোটি টকা বিচাৰিছিল।


পাছত ১১০০ কোটি টকাত চুক্তি চূড়ান্ত কৰা হয়। এই বঙলাটোৰ বৰ্তমানৰ মালিক হ'ল ৰাজকুমাৰী কক্কড় আৰু বীণা ৰাণী। তেওঁলোকৰ দুয়োৰে ৰাজস্থানৰ এটা ৰাজপৰিয়ালৰ সৈতে সম্পৰ্ক আছে।


বাতৰিকাকতখনে প্ৰকাশ কৰা মতে, আইনী প্রক্রিয়া চূড়ান্ত পৰ্যায়ৰ অধীনত এখন খ্যাতনামা ল' ফার্মে ৰাজহুৱা জাননী জাৰি কৰে। জাননীখনত কোৱা হৈছে যে যদি আন কোনো ব্যক্তিৰ এই সম্পত্তিত কোনোধৰণৰ হক বা দাবী আছে তেন্তে সাত দিনৰ ভিতৰত আমাক জনাব লাগে, অন্যথা এই সম্পত্তিত কোনো বিৰোধীৰ দাবী নাই বুলি গণ্য কৰা হ'ব।'


উল্লেখযোগ্য যে এই সম্পত্তি বিক্ৰীৰ বাবে প্ৰায় এবছৰ ধৰি কথা-বতৰা চলি আছিল। কিন্তু এই বঙলাটো থকা স্থান আৰু আকাৰৰ প্ৰতি লক্ষ্য ৰাখি ই যথেষ্ট মূল্যৱান সম্পত্তি আছিল আৰু ইয়াক ক্ৰয় কৰাৰ ক্ষমতা হাজাৰ কোটি টকাৰ সম্পত্তি থকা ব্যৱসায়ীয়ে ক্ৰয় কৰাৰ সামর্থ্য আছে।


বঙলাটো ক্রয় কৰে ভাৰতৰ পানীয় ব্যৱসায়ৰ সৈতে জড়িত এজন আগশাৰীৰ ব্যৱসায়ীয়ে। উল্লেখযোগ্য যে এই বঙলাটো দিল্লীৰ আটাইতকৈ আভিজাত্য তথা শক্তিশালী অঞ্চলত আছে। এই এলেকাটো ১৯১২-১৯৩০ সময়ছোৱাত ব্রিটিছ স্থপতিবিদ এডৱিই লুট্যনজে ডিজাইন কৰিছিল। এই এলেকাটো ২৮ বর্গকিল'মিটাৰ জুৰি আছে ।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ