--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই মগজু খাই পেলোৱা সূক্ষ্ম জীৱাণুৰ আক্রমণত আক্রান্ত হোৱা ৰোগীৰ সংখ্যা ক্ৰমাৎ ৰাজ্যখনত বৃদ্ধি পাইছে।

ডিজিটেল ডেস্কঃ কেৰালাত এটা ভয়ানক গুৰুতৰ ৰোগে ৰাজ্যখনৰ বিভিন্ন অঞ্চল ছানি ধৰিছে। কথিত ভাষাত 'মগজু খাই পেলোৱা সূক্ষ্ম জীৱাণু' (ব্রেইন ইটিং এমিবা), বায়ুত মুকলিকৈ উৰি ফুৰা মাইক্ৰ'অর্গেনিজম 'নেগলেৰিয়া ফ'লেৰী'য়ে কেৰালাৰ বিভিন্ন অঞ্চলত হঠাতে বিপজ্জনক স্বাস্থ্য সংকটৰ সৃষ্টি কৰিছে।


চলিত বৰ্ষত এতিয়ালৈকে ৰাজ্যখনত এই এমিবাত আক্রান্ত লোকৰ সংখ্যা ৪২জন হৈছে। ইয়াৰ ভিতৰত কেইবাজনো ৰোগীৰ শোকাৱহভাৱে মৃত্যু হৈছে। আগষ্ট মাহৰ শেষৰ ফালে কোজিকোড়ত এটা তিনিমহীয়া শিশু আৰু এগৰাকী ৫২ বছৰীয়া মহিলাৰ এই ৰোগত আক্রান্ত হৈ মৃত্যু হয় আৰু এমাহৰ ভিতৰত মৃতকৰ সংখ্যা তিনিজন হয়।


আনহাতে, এই মগজু খাই পেলোৱা সূক্ষ্ম জীৱাণুৰ আক্রমণত আক্রান্ত হোৱা ৰোগীৰ সংখ্যা ক্ৰমাৎ ৰাজ্যখনত বৃদ্ধি পাইছে।


শিশুৰ পৰা আৰম্ভ কৰি বয়স্ক লোক এই ৰোগত আক্ৰান্ত হৈ ৰাজ্যখনৰ বিভিন্ন চৰকাৰী হস্পিটেলত চিকিৎসাধীন হৈ আছে। কেৰালা চৰকাৰে এই ৰোগ প্ৰতিৰোধ কৰিবলৈ ইতিমধ্যে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত