--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • তদানীন্তন চৰকাৰে এশ শতাংশ পৰিয়ালক বিজুলী বাতিৰ পোহৰ যোগান ধৰিবলৈ সক্ষম হোৱাৰ বিষয়ে ঢাক-ঢোল বজাইছিল।

ডিজিটেল ডেস্ক : দেশে স্বাধীনতা লাভ কৰাৰ গৌৰৱোজ্জ্বল ৭৯ বছৰ অতিক্ৰম কৰাৰ সময়তো বিজুলী বাতিৰ পোহৰৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে নাওবৈচা সমষ্টিৰ সোৱণশিৰি নদীৰ দাঁতি-কাষৰীয়া পকনীয়া, পমুৱা খাবলু আদি গাঁৱৰ শতাধিক পৰিয়াল। 


পূৰ্বৰ লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এই বৃহত্তৰ নদীপৰীয়া গাঁওসমূহৰ গঞাক শাসনাধিষ্ঠিত চৰকাৰবোৰে উন্নয়নৰ ক্ষেত্ৰত চূড়ান্ত প্ৰতাৰণা কৰাৰ পৰিপ্ৰেক্ষিতত আজিৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশৰ যুগতো গাঁওবাসীয়ে ন্যূনতম সা-সুবিধা লাভৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ আমোলত ৰূপায়ণ কৰা ৰাজীৱ গান্ধী গ্রাম্য বৈদ্যুতিকীৰণ আৰু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ আমোলত ৰূপায়ণ কৰা পণ্ডিত দীনদয়াল উপাধ্যায় গ্রাম্য বৈদ্যুতিকৰণ আঁচনিৰ জৰিয়তে ভিতৰুৱা গ্রামাঞ্চলৰ সকলো গঞা পৰিয়ালক বিদ্যুতৰ পোহৰ যোগান ধৰাৰ নিশ্চয়তা প্রদান কৰা হৈছিল যদিও উল্লিখিত এটাও আঁচনিৰে এইসমূহ গাঁৱৰ বাসিন্দাক সামৰি ল'বলৈ সক্ষম নহ'ল চৰকাৰ আৰু সংশ্লিষ্ট বিভাগ। 


তদানীন্তন চৰকাৰে এশ শতাংশ পৰিয়ালক বিজুলী বাতিৰ পোহৰ যোগান ধৰিবলৈ সক্ষম হোৱাৰ বিষয়ে ঢাক-ঢোল বজাইছিল। কিন্তু এই গাঁওসমূহত ওলোটা ছবিহে দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকমুহূর্তত এই গাঁওসমূহত বৈদ্যুতিকীকৰণ কৰিবলৈ তৎপৰতা প্ৰদৰ্শন কৰি খুঁটা স্থাপন কৰিলেও নিৰ্বাচনৰ পূৰ্বে বিদ্যুতৰ পোহৰ গাঁওবাসীয়ে দেখিবলৈ পোৱাৰ আশা ক্ষীণ বুলি বঞ্চিত ৰাইজে মন্তব্য কৰিছে। এফালে সোৱণশিৰি নদীৰ বান আৰু আনফালে এশ এবুৰি সমস্যাৰে জৰ্জৰিত সোৱণশিৰি নদীৰ দাঁতি-কাষৰীয়া পকনীয়া, পমুৱা খাবলু, নামেচুক, গেছেক আদি কেইবাখনো গাঁৱৰ সহস্রাধিক লোকে দুর্বিষহ জীৱন নির্বাহ কৰি আহিছে। সোৱণশিৰি নদীৰ খহনীয়া আৰু বানৰ কবলত পৰি ঘৰ, মাটি হেৰুৱাই পথৰ ভিক্ষাৰীলৈ পৰ্যবসিত হোৱা এই গাঁওসমূহৰ গঞাই এটুপি বিশুদ্ধ খোৱাপানীৰ বাবেও হাহাকাৰ কৰিবলগীয়া হৈছে। 


ৰাজনৈতিক দলৰ নেতা, পালিনেতাই কেবল ভোটদানৰ যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰি অহা এই অঞ্চলৰ গঞাৰ ভোটেৰে নিৰ্বাচিত হোৱাৰ পাছত জনপ্রতিনিধিসকলে এওঁলোকৰ সমস্যাৰ প্ৰতি পিঠি দি অহাৰ বাবেই আজিও এইসকল লোকৰ জীৱন নিৰ্বাহ প্ৰণালীৰ কোনো উন্নতি পৰিলক্ষিত নহ'ল। শালমৰাৰ পৰা পকনীয়া সংযোগী একমাত্র পকী গড়কাপ্টানী পথটো পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতে নিৰ্মাণ কৰা হৈছিল যদিও পুনৰ মেৰামতিৰ ব্যৱস্থা নকৰাত দীঘলীয়া পথটোৰে বৰ্তমান যাতায়াত কৰাটো দুর্বিষহ হৈ পৰিছে। 


ভাগি-ছিগি উঁৱলি যোৱা পথটোৰ ওপৰৰ ব্লেকটপিং বখলা বখলে এৰাই যোৱা, দুয়ো দাঁতিৰ মাটি খহি চাৰিচকীয়া বাহনৰ চলাচল কেতিয়াবাই বন্ধ হৈ পৰিছে। এনেদৰেই চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ সুবিধা লাভ কৰাৰ পৰা বঞ্চিত হৈ থকা এই গাঁওসমূহৰ গঞাই আগন্তুক বিধানসভাৰ নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা গ্রহণ কৰিব বুলি সচেতন লোকসকলে মন্তব্য কৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ