--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অক্সিগুৰী অঞ্চলৰ বাসিন্দা সুদীপ কুমাৰ মল্লিক যোৱা ৯ এপ্ৰিলত অনুষ্ঠিত ভোটগ্ৰহণত ওচৰৰ এটা ভোটকেন্দ্ৰত প’লিং এজেণ্ট হিচাপে দায়িত্ব পালন কৰি আছিল। সেই সময়ত ঘৰত কোনো সদস্য নথকাৰ সুযোগ লৈ কেইজনমান দুৰ্বৃত্তই তেওঁৰ বাসগৃহত প্ৰৱেশ কৰে।

ডিজিটেল ডেস্ক: চিৰাং জিলাৰ বিজনী মহকুমাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে, য’ত এজন প’লিং এজেণ্টৰ বাসগৃহত দুৰ্বৃত্তই উপদ্ৰৱ চলোৱাৰ লগতে এজনী কিশোৰীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে।


প্ৰাপ্ত তথ্য অনুসৰি, অক্সিগুৰী অঞ্চলৰ বাসিন্দা সুদীপ কুমাৰ মল্লিক যোৱা ৯ এপ্ৰিলত অনুষ্ঠিত ভোটগ্ৰহণত ওচৰৰ এটা ভোটকেন্দ্ৰত প’লিং এজেণ্ট হিচাপে দায়িত্ব পালন কৰি আছিল। সেই সময়ত ঘৰত কোনো সদস্য নথকাৰ সুযোগ লৈ কেইজনমান দুৰ্বৃত্তই তেওঁৰ বাসগৃহত প্ৰৱেশ কৰে।


অভিযোগ অনুসৰি, দুৰ্বৃত্তই ঘৰখন ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ঘৰত থকা উচ্চ মাধ্যমিকৰ প্ৰথম বৰ্ষত অধ্যয়ন কৰা কিশোৰীজনীক চুলিত ধৰি টানি আনি মাৰপিট কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।


ঘটনাটোৰ সৈতে জড়িত দুজন যুৱকক প্ৰসেনজিত মল্লিক আৰু সুজিত মল্লিক বুলি চিনাক্ত ভুক্তভোগী কিশোৰীগৰাকীৰ। আন এজনক চিনাক্ত কৰিব নোৱাৰিলে। কিশোৰীগৰাকীৰ ভাষ্য অনুযায়ী বহু দিনৰে পৰা তেওঁৰ ওপৰত বেয়া দৃষ্টি দি আহিছিল প্ৰসেনজিত মল্লিক নামৰ যুৱকজনে। পীড়িত কিশোৰীজনীয়ে দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।


এই সন্দৰ্ভত বিজনী মহকুমা আদালতত এটা গোচৰ ৰুজু কৰা হৈছে বুলি জানিবলৈ পোৱা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত