--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অক্সিগুৰী অঞ্চলৰ বাসিন্দা সুদীপ কুমাৰ মল্লিক যোৱা ৯ এপ্ৰিলত অনুষ্ঠিত ভোটগ্ৰহণত ওচৰৰ এটা ভোটকেন্দ্ৰত প’লিং এজেণ্ট হিচাপে দায়িত্ব পালন কৰি আছিল। সেই সময়ত ঘৰত কোনো সদস্য নথকাৰ সুযোগ লৈ কেইজনমান দুৰ্বৃত্তই তেওঁৰ বাসগৃহত প্ৰৱেশ কৰে।

ডিজিটেল ডেস্ক: চিৰাং জিলাৰ বিজনী মহকুমাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে, য’ত এজন প’লিং এজেণ্টৰ বাসগৃহত দুৰ্বৃত্তই উপদ্ৰৱ চলোৱাৰ লগতে এজনী কিশোৰীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে।


প্ৰাপ্ত তথ্য অনুসৰি, অক্সিগুৰী অঞ্চলৰ বাসিন্দা সুদীপ কুমাৰ মল্লিক যোৱা ৯ এপ্ৰিলত অনুষ্ঠিত ভোটগ্ৰহণত ওচৰৰ এটা ভোটকেন্দ্ৰত প’লিং এজেণ্ট হিচাপে দায়িত্ব পালন কৰি আছিল। সেই সময়ত ঘৰত কোনো সদস্য নথকাৰ সুযোগ লৈ কেইজনমান দুৰ্বৃত্তই তেওঁৰ বাসগৃহত প্ৰৱেশ কৰে।


অভিযোগ অনুসৰি, দুৰ্বৃত্তই ঘৰখন ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ঘৰত থকা উচ্চ মাধ্যমিকৰ প্ৰথম বৰ্ষত অধ্যয়ন কৰা কিশোৰীজনীক চুলিত ধৰি টানি আনি মাৰপিট কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।


ঘটনাটোৰ সৈতে জড়িত দুজন যুৱকক প্ৰসেনজিত মল্লিক আৰু সুজিত মল্লিক বুলি চিনাক্ত ভুক্তভোগী কিশোৰীগৰাকীৰ। আন এজনক চিনাক্ত কৰিব নোৱাৰিলে। কিশোৰীগৰাকীৰ ভাষ্য অনুযায়ী বহু দিনৰে পৰা তেওঁৰ ওপৰত বেয়া দৃষ্টি দি আহিছিল প্ৰসেনজিত মল্লিক নামৰ যুৱকজনে। পীড়িত কিশোৰীজনীয়ে দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।


এই সন্দৰ্ভত বিজনী মহকুমা আদালতত এটা গোচৰ ৰুজু কৰা হৈছে বুলি জানিবলৈ পোৱা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ