--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • সমগ্র দেশখনৰ চহৰখনতো অনুৰূপ ধৰণে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে দেশখনৰ নাগৰিকে। হামাছৰ সৈতে যুদ্ধ-বিৰতিৰ চুক্তি সম্পাদন কৰি ইজৰাইলী পণবন্দীসকলক মোকলাই আনিবলৈ প্রধানমন্ত্রী বেঞ্জামিন নেটান্যাহুক দাবী জনায় দেশখনৰ নাগৰিকে

ডিজিটেল ডেস্ক : হামাছৰ সৈতে যুদ্ধ-বিৰতিৰ চুক্তি কৰি পণবন্দীসকলক মোকলাই অনাৰ দাবী জনাই সহস্রাধিক ইজৰাইলীয়ে শনিবাৰে ইজৰাইলৰ বাণিজ্যিক চহৰ টেল আভিভৰ ৰাজপথ উত্তাল কৰে।


ইয়াৰ লগতে সমগ্র দেশখনৰ চহৰখনতো অনুৰূপ ধৰণে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে দেশখনৰ নাগৰিকে। হামাছৰ সৈতে যুদ্ধ-বিৰতিৰ চুক্তি সম্পাদন কৰি ইজৰাইলী পণবন্দীসকলক মোকলাই আনিবলৈ প্রধানমন্ত্রী বেঞ্জামিন নেটান্যাহুক দাবী জনায় দেশখনৰ নাগৰিকে।


টাইমছ অব্‌ ইজৰাইলে প্ৰকাশ কৰা বাতৰি অনুসৰি, টেল আভিভৰ হষ্টেজ স্কোৱাৰত আৰু দেশখনৰ সমগ্ৰ চহৰবোৰত এই প্রতিবাদী কাৰ্যসূচী হয়। ঈহুদী-আৰব যুদ্ধ-বিৰোধী প্ৰতিবাদৰ বাবেও পৃথকে


কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্রতিবাদকাৰীসকলে কয় যে এখন যুদ্ধ-বিৰতিৰ চুক্তিৰ বিষয়ত প্ৰসংগ উত্থাপন হৈ আছে, কিন্তু যুদ্ধ-বিৰতি চুক্তি হোৱা নাই। যুদ্ধ-বিৰতি চুক্তিখন ততালিকে সম্পাদন কৰি দেশখনৰ পণবন্দীসকলক হামাছৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ নেটান্যাহুক দাবী জনায় প্রতিবাদকাৰীসকলে ।


উৎসঃ দৈনিক জনমভূমি







FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ