--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাষ্ট্ৰপতি ট্রাম্পে কানাডাত ১৬ জুনৰ পৰা আৰম্ভ হোৱা জি-৭ শীর্ষ সন্মিলন আধাতে ত্যাগ কৰে । ট্রাম্পে দিয়া মন্তব্যই যুদ্ধই অধিক ভয়াৱহ ৰূপ লোৱাৰ ইংগিত

ডিজিটেল ডেস্কঃ ইৰানক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে দিয়া মন্তব্যই যুদ্ধই অধিক ভয়াৱহ ৰূপ লোৱাৰ ইংগিত দিয়ে। ট্রাম্পৰ এই মন্তব্যৰ পাছতে ইৰানত হাহাকাৰৰ সৃষ্টি হৈছে।


ৰাষ্ট্ৰপতি ট্রাম্পে কানাডাত ১৬ জুনৰ পৰা আৰম্ভ হোৱা জি-৭ শীর্ষ সন্মিলন আধাতে ত্যাগ কৰে। তেওঁ জি-৭ শীর্ষ সম্মিলনস্থলী আধাতে ত্যাগ কৰি আমেৰিকালৈ ৰাওনা হোৱাৰ পাছত কয় যে তেওঁ এক সাধাৰণ যুদ্ধ-বিৰতি বিচৰা নাই, যুদ্ধৰ প্ৰকৃত অৱসান ঘটাটো বিচাৰিছে। তেওঁ ইৰানৰ সৈতে যুদ্ধ বিৰতি কামত শীর্ষ সম্মিলন ত্যাগ কৰা নাই বুলি উল্লেখ কৰি কয় যে 'ইয়াতকৈ বহুত ডাঙৰ কিবা এটা ঘটিবলৈ গৈ আছে'। ইয়াৰ লগতে ট্রাম্পে ইৰানী লোকসকলক তেহৰান ত্যাগ কৰিবলৈ সতর্কবাণী জাৰি কৰে।


ট্রাম্পে লগতে কয় যে অহা ৪৮ ঘণ্টা নির্ণায়ক হ'ব। ট্রাম্পে আজি হোৱাইট হাউছত ৰাষ্ট্ৰীয় নিৰাপত্তা টীমৰ সৈতে এখন বৈঠকত পৰিস্থিতি পর্যালোচনা কৰিব। তেওঁ কয় যে সাধাৰণ যুদ্ধ বিৰতিতকৈ যুদ্ধৰ প্ৰকৃত অৱসান ঘটাটো অধিক ভাল হ'ব। আনহাতে জি-৭ শীর্ষ সম্মিলনলৈ যোৱাৰ আগে আগে ট্রাম্পে কয় যে তেওঁ যিখন চুক্তিত হস্তাক্ষৰ কৰাৰ কাৰণে ইৰানক কৈছিল দেশখনে সেই চুক্তিত স্বাক্ষৰ কৰা উচিত। তেওঁ কয়, 'মই বাৰম্বাৰ কৈ আহিছোঁ যে ইৰানে পাৰমাণৱিক অস্ত্র আহৰণ কৰিব নোৱাৰে। সকলোৱে তেহৰান খালী কৰা উচিত।'


ট্রাম্পে তেহৰান খালী কৰিবলৈ কোৱাৰ পাছত এতিয়া এটা কথা প্রায় স্পষ্ট হৈ পৰিছে যে আমেৰিকাই ইৰানৰ ৰাজধানীখনত প্রচণ্ড আক্ৰমণ কৰিব পাৰে। এই আক্ৰমণত ইৰানৰ সামৰিক ঘাটিসমূহৰ লগতে অসামৰিক স্থানকো লক্ষ্য কৰি লোৱা হ'ব পাৰে। ইফালে ট্রাম্পে ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ বৈঠকৰ আহবান কৰিলেও ইৰানৰ বিৰুদ্ধে যুদ্ধত ইজৰাইলক সহযোগ কৰাৰ সম্ভাৱনা কম।


চি বি এছে দিয়া এটা বাতৰিত এই কথা প্রকাশ কৰিছে। ইফালে ট্রাম্পে জি-৭ শীর্ষ সম্মিলনৰ প্রাসংগিকতাক লৈও প্ৰশ্নৰ অৱতাৰণা কৰে। ট্রাম্পে কয় যে ২০১৪ চনত ৰাছিয়াক জি-৭ৰ পৰা অপসাৰণ কৰাটো ভুল আছিল। তেওঁ চীনকো জি-৭ত অন্তর্ভুক্ত কৰাৰ দাবী জনায়। ইফালে তেওঁ ইজৰাইল-ইৰানৰ মাজত যুদ্ধ বিৰতিৰ বাবে কানাডা ত্যাগ কৰা বুলি প্ৰকাশ পোৱা বাতৰিক উৰাবাতৰি বুলি উল্লেখ কৰি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্রক সমালোচনা কৰে।


তেওঁ মেক্রক সমালোচনা কৰি কয়, 'প্ৰচাৰ বিচাৰি ফুৰা ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুবেল মেক্রই কৈছে যে মই জি-৭ শীর্ষ সম্মিলন আধাতে ত্যাগ কৰি ৱাশিংটন ডি চিলৈ উভতি যোৱাৰ কাৰণ হ'ল মই যাতে ইৰান আৰু ইজৰাইলৰ মাজত যুদ্ধ বিৰতি কৰাব পাৰোঁ। ই ভুল। মই কি কাৰণে বাম্বিংটনলৈ উভতিছোঁ সেই কথা তেওঁ নাজানে আৰু ইয়াৰ সৈতে যুদ্ধ-বিৰতিৰ কোনো সম্পর্ক নাই। ইয়াৰ সৈতে ইয়াতকৈ বহুত বেছি ডাঙৰ কথা জড়িত হৈ আছে। জানি-শুনিয়েই হওক বা অজানিতেই হওক ইমানুৱেলে সদায় মিছা কথা কৈ আহিছে।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ