--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাষ্ট্ৰপতি ট্রাম্পে কানাডাত ১৬ জুনৰ পৰা আৰম্ভ হোৱা জি-৭ শীর্ষ সন্মিলন আধাতে ত্যাগ কৰে । ট্রাম্পে দিয়া মন্তব্যই যুদ্ধই অধিক ভয়াৱহ ৰূপ লোৱাৰ ইংগিত

ডিজিটেল ডেস্কঃ ইৰানক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে দিয়া মন্তব্যই যুদ্ধই অধিক ভয়াৱহ ৰূপ লোৱাৰ ইংগিত দিয়ে। ট্রাম্পৰ এই মন্তব্যৰ পাছতে ইৰানত হাহাকাৰৰ সৃষ্টি হৈছে।


ৰাষ্ট্ৰপতি ট্রাম্পে কানাডাত ১৬ জুনৰ পৰা আৰম্ভ হোৱা জি-৭ শীর্ষ সন্মিলন আধাতে ত্যাগ কৰে। তেওঁ জি-৭ শীর্ষ সম্মিলনস্থলী আধাতে ত্যাগ কৰি আমেৰিকালৈ ৰাওনা হোৱাৰ পাছত কয় যে তেওঁ এক সাধাৰণ যুদ্ধ-বিৰতি বিচৰা নাই, যুদ্ধৰ প্ৰকৃত অৱসান ঘটাটো বিচাৰিছে। তেওঁ ইৰানৰ সৈতে যুদ্ধ বিৰতি কামত শীর্ষ সম্মিলন ত্যাগ কৰা নাই বুলি উল্লেখ কৰি কয় যে 'ইয়াতকৈ বহুত ডাঙৰ কিবা এটা ঘটিবলৈ গৈ আছে'। ইয়াৰ লগতে ট্রাম্পে ইৰানী লোকসকলক তেহৰান ত্যাগ কৰিবলৈ সতর্কবাণী জাৰি কৰে।


ট্রাম্পে লগতে কয় যে অহা ৪৮ ঘণ্টা নির্ণায়ক হ'ব। ট্রাম্পে আজি হোৱাইট হাউছত ৰাষ্ট্ৰীয় নিৰাপত্তা টীমৰ সৈতে এখন বৈঠকত পৰিস্থিতি পর্যালোচনা কৰিব। তেওঁ কয় যে সাধাৰণ যুদ্ধ বিৰতিতকৈ যুদ্ধৰ প্ৰকৃত অৱসান ঘটাটো অধিক ভাল হ'ব। আনহাতে জি-৭ শীর্ষ সম্মিলনলৈ যোৱাৰ আগে আগে ট্রাম্পে কয় যে তেওঁ যিখন চুক্তিত হস্তাক্ষৰ কৰাৰ কাৰণে ইৰানক কৈছিল দেশখনে সেই চুক্তিত স্বাক্ষৰ কৰা উচিত। তেওঁ কয়, 'মই বাৰম্বাৰ কৈ আহিছোঁ যে ইৰানে পাৰমাণৱিক অস্ত্র আহৰণ কৰিব নোৱাৰে। সকলোৱে তেহৰান খালী কৰা উচিত।'


ট্রাম্পে তেহৰান খালী কৰিবলৈ কোৱাৰ পাছত এতিয়া এটা কথা প্রায় স্পষ্ট হৈ পৰিছে যে আমেৰিকাই ইৰানৰ ৰাজধানীখনত প্রচণ্ড আক্ৰমণ কৰিব পাৰে। এই আক্ৰমণত ইৰানৰ সামৰিক ঘাটিসমূহৰ লগতে অসামৰিক স্থানকো লক্ষ্য কৰি লোৱা হ'ব পাৰে। ইফালে ট্রাম্পে ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ বৈঠকৰ আহবান কৰিলেও ইৰানৰ বিৰুদ্ধে যুদ্ধত ইজৰাইলক সহযোগ কৰাৰ সম্ভাৱনা কম।


চি বি এছে দিয়া এটা বাতৰিত এই কথা প্রকাশ কৰিছে। ইফালে ট্রাম্পে জি-৭ শীর্ষ সম্মিলনৰ প্রাসংগিকতাক লৈও প্ৰশ্নৰ অৱতাৰণা কৰে। ট্রাম্পে কয় যে ২০১৪ চনত ৰাছিয়াক জি-৭ৰ পৰা অপসাৰণ কৰাটো ভুল আছিল। তেওঁ চীনকো জি-৭ত অন্তর্ভুক্ত কৰাৰ দাবী জনায়। ইফালে তেওঁ ইজৰাইল-ইৰানৰ মাজত যুদ্ধ বিৰতিৰ বাবে কানাডা ত্যাগ কৰা বুলি প্ৰকাশ পোৱা বাতৰিক উৰাবাতৰি বুলি উল্লেখ কৰি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্রক সমালোচনা কৰে।


তেওঁ মেক্রক সমালোচনা কৰি কয়, 'প্ৰচাৰ বিচাৰি ফুৰা ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুবেল মেক্রই কৈছে যে মই জি-৭ শীর্ষ সম্মিলন আধাতে ত্যাগ কৰি ৱাশিংটন ডি চিলৈ উভতি যোৱাৰ কাৰণ হ'ল মই যাতে ইৰান আৰু ইজৰাইলৰ মাজত যুদ্ধ বিৰতি কৰাব পাৰোঁ। ই ভুল। মই কি কাৰণে বাম্বিংটনলৈ উভতিছোঁ সেই কথা তেওঁ নাজানে আৰু ইয়াৰ সৈতে যুদ্ধ-বিৰতিৰ কোনো সম্পর্ক নাই। ইয়াৰ সৈতে ইয়াতকৈ বহুত বেছি ডাঙৰ কথা জড়িত হৈ আছে। জানি-শুনিয়েই হওক বা অজানিতেই হওক ইমানুৱেলে সদায় মিছা কথা কৈ আহিছে।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ