--°C
Loading...
Advertisement
Listen to Article
3 min read
80%

In Short

  • পাকিস্তানৰ সিন্ধু প্রদেশলৈ সিন্ধু নদীৰ পানী ১৭ শতাংশ হ্রাস পাইছে। ইয়াৰ ফলত পাকিস্তানৰ খাৰিফ শস্য অথবা বাৰিষাৰ সময়ত শস্যৰ সিঁচাৰ ক্ষেত্ৰত ব্যাপক প্ৰভাৱ পৰিছে

ডিজিটেল ডেস্কঃ কাশ্মীৰৰ পহলগামত সন্ত্রাসবাদীৰ বৰ্বৰ আক্ৰমণৰ পাছত ভাৰতে পাকিস্তানৰ সৈতে সিন্ধু জল চুক্তি স্থগিত ৰাখিছিল। ইয়াৰ পাছতে ভাৰতে পাকিস্তানৰ দিশলৈ বৈ যোৱা সিন্ধু নদীৰ জলধাৰা বন্ধ কৰি দিছিল। ফলস্বৰূপে পাকিস্তানৰ সিন্ধু প্রদেশলৈ সিন্ধু নদীৰ পানী ১৭ শতাংশ হ্রাস পাইছে। ইয়াৰ ফলত পাকিস্তানৰ খাৰিফ শস্য অথবা বাৰিষাৰ সময়ত শস্যৰ সিঁচাৰ ক্ষেত্ৰত ব্যাপক প্ৰভাৱ পৰিছে।


পাকিস্তান চৰকাৰৰ সিন্ধু নদী পদ্ধতি প্ৰাধিকৰণে (আই আৰ এছ এ) প্ৰকাশ কৰা 'দৈনিক জল অৱস্থা' শীর্ষক শেহতীয়া প্রতিবেদনত পাকিস্তানৰ সিন্ধু প্রদেশলৈ সিন্ধু নদী পদ্ধতিৰ পৰা মুঠ জলধাৰাৰ ক্ষেত্ৰ দেখুওৱা হৈছে যে চলিত বৰ্ষৰ ১৬ জুনত সিন্ধু প্রদেশলৈ ১.৩৩ লাখ কিউচেক সিন্ধু নদীৰ জলধাৰা বৈ আহিছে, কিন্তু যোৱা বৰ্ষৰ এই একেই সময়তে ১.৬ লাখ কিউচেক পানী প্রদেশখনলৈ বৈ আহিছিল। যোৱা বছৰৰ তুলনাত এই বছৰ ১৭শতাংশ সিন্ধু নদীৰ জলধাৰা হ্রাস পাইছে। আনহাতে, দেশখনৰ পঞ্জাব প্রদেশলৈও সিন্ধু নদীৰ জলধাৰা হ্রাস পাইছে। চলিত বর্ষত প্রদেশখনলৈ সিন্ধু নদীৰ জলধাৰা ১.২৬ লাখ কিউচেক বোৱাৰ পৰিৱৰ্তে যোৱা বৰ্ষত ইয়াৰ পৰিমাণ আছিল ১.২৯ লাখ কিউচেক। অর্থাৎ ২.২৫ শতাংশ কমকৈ সিন্ধু নদীৰ পানী বৈছে পাকিস্তানৰ পঞ্জাব প্রদেশলৈ। এই প্রতিবেদনখনত দেখুওৱা মতে, সিন্ধু নদী পদ্ধতিৰ সৈতে সংযোগ থকা পাকিস্তানৰ নদী আৰু জলাশয়সমূহত খাৰিফ শস্য সিঁচাৰ সময়ত পানীৰ পৰিমাণ কমি গৈছে।


ইয়াৰ ফলত দেশখনৰ কৃষকসকলৰ বাবে গুৰুতৰ সমস্যাৰ সৃষ্টি হৈছে আৰু পাকিস্তানত মৌচুমী ঋতুৰ আগমনৰ বাবে এতিয়াও প্রায় দুসপ্তাহ থকাৰ সময়ত দেশখনৰ কৃষকসকলৰ বাবে সংকট আৰু গভীৰ হৈছে। ইফালে, সিন্ধু জল চুক্তি স্থগিতকৰণৰ পাছত ভাৰতে পাকিস্তানৰ সৈতে সিন্ধু নদী পদ্ধতি সংযোগী জলস্তৰৰ বিষয়ে তথ্য আদান-প্রদান বন্ধ কৰিছে। সেইবাবে যেতিয়া ভাৰতত সিন্ধু নদীৰ জলস্তৰ বৃদ্ধি পাব, তেতিয়া নামনি অংশত থকা পাকিস্তানে বানপানীৰ বাবে প্ৰস্তুত হ'বলৈ সময় নাপাব। আনহাতে, পাকিস্তানত সিন্ধু নদীৰ জলস্তৰ হ্রাস হোৱাৰ ফলত পঞ্জাবত সিন্ধু নদীৰ ওপৰত থকা ছাচমা বান্ধত পানী ৬৪৪ মিটাৰলৈ হ্রাস পাইছে আৰু ইয়াৰ জলস্তৰ ৬৩৮ মিটাৰলৈ গ'লে এই বান্ধ অচল হৈ পৰিব। আনহাতে, মীৰপুৰত থকা ঝিলম নদীত থকা মাংগলা বান্ধতো জলস্তৰ ১,১৬৩ মিটাৰলৈ হ্রাস পাইছে। ১০৫০ মিটাৰলৈ জলস্তৰ হ্রাস পালে বান্ধটো অচল হৈ পৰিব।


ইফালে, শিয়ালকোটত চেনাব নদীৰ ওপৰত থকা মাৰলা বান্ধৰ পৰিস্থিতি অতি গুৰুতৰ হৈ পৰিছে। বান্ধটোত ২৮ মে'ত ২৬,৬৪৫ কিউচেক পানী থকাৰ পাছত ৫ জুনত নাটকীয়ভাৱে ইয়াৰ পানীৰ পৰিমাণ ৩,০৬৪ কিউচেকলৈ হ্রাস পাইছে। বর্তমান বান্ধটো অচল হৈ পৰিছে। এই জলাশয়ৰ পৰা এতিয়া পানী বোৱাই নিব পৰা অৱস্থাত নাই। পাকিস্তানৰ এজন চৰকাৰী বিষয়াই সদৰী কৰা অনুসৰি জুনৰ পৰা ছেপ্টেম্বৰলৈকৈ শেহতীয়া খাৰিফ শস্যৰ বতৰত পাকিস্তানৰ অৱস্থা তথৈবচ হৈছে। খাৰিফ শস্যৰ বতৰত পাকিস্তানত ২১ শতাংশ পানীৰ নাটনি হৈছে। দেশখনৰ কৃষি খণ্ডৰ মূল উৎপাদনকাৰী প্ৰদেশ পঞ্জাবলৈ এই পানীৰ নাটনিয়ে ভয়ংকৰ সংকট নমাই আনিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement