--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এজন জৈন পুৰোহিতৰ ভেশ লৈ চোৰটো তাত প্ৰৱেশ কৰে আৰু মূল্যৱান সামগ্ৰীসমূহ চুৰ কৰি নিয়ে। চিচি টিভিৰ ফুটেজত এই কথা ধৰা পৰে।

ডিজিটেল ডেস্কঃ নিৰাপত্তাৰ ব্যৱস্থাক অংগুষ্ঠ প্ৰদৰ্শন কৰি দিল্লীৰ লালকিল্লাৰ চৌহদত অনুষ্ঠিত জৈনসকলৰ ধৰ্মীয় এটা অনুষ্ঠানৰ পৰা চোৰে চুৰ কৰি নিলে দুটা সোণৰ কলহকে ধৰি প্ৰায় ১.৫ কোটি টকা মূল্যৰ সামগ্রী। 


এজন জৈন পুৰোহিতৰ ভেশ লৈ চোৰটো তাত প্ৰৱেশ কৰে আৰু মূল্যৱান সামগ্ৰীসমূহ চুৰ কৰি নিয়ে। চিচি টিভিৰ ফুটেজত এই কথা ধৰা পৰে। 


আৰক্ষীয়ে জনায় যে সন্দেহযুক্ত লোকজনক চিনাক্ত কৰা হৈছে আৰু তেওঁক সোনকালেই গ্রেপ্তাৰ কৰা হ'ব। চুৰি হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে এটা ডাঙৰ সোণৰ কলহ, হীৰা-পান্না-পদ্মৰাগ খচিত ১১৫ গ্রাম ওজনৰ সৰু এটা সোণৰ কলহ, ৭৬০ গ্রাম ওজনৰ এটা সোণৰ নাৰিকল। এই সামগ্ৰীসমূহ জৈনৰ ধৰ্মীয় আনুষ্ঠানিক কার্যত ব্যৱহৃত হয়। এই সামগ্ৰীসমূহৰ মালিক হৈছে ব্যৱসায়ী সুধীৰ জৈন। ধৰ্মীয় কাৰ্যৰ প্ৰতি দিনেই তেওঁ এইবোৰ সামগ্ৰী লৈ আনিছিল। 


লালকিল্লা চৌহদৰ '১৫ আগষ্ট পার্ক'ত অনুষ্ঠিত দহদিনীয়া 'দশলক্ষণ মহাপর্ব'ত বুধবাৰে এই চুৰি কাৰ্য সংঘটিত হয়। বিশিষ্ট লোকক আদৰণি জনাবলৈ প্রস্তুতি চলোৱাৰ সময়তে চোৰে সামগ্ৰীসমূহ চুৰ কৰি নিয়ে।


উৎসঃ দৈনিক জনমভূমি






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ