--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • এই প্ৰতিবাদে ক্ৰমাৎ ধাৰণ কৰিছে উগ্ৰ ৰূপ। নেপাল চৰকাৰে বহুকেইটা ছ’চিয়েল মিডিয়া এপ দেশত নিষিদ্ধ কৰিলে তাৰ পাছতেই সৃষ্টি হৈছে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ।

ডিজিটেল ডেস্কঃ জেন-জেড অৰ্থাৎ নতুন প্ৰজন্মৰ যুৱক-যুৱতীৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে ভাৰতৰ এখন চুবুৰীয়া দেশ। নোপাল চৰকাৰে ছ’চিয়েল মিডিয়াত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতে নেপালৰ ৰাজধানীত উত্তেজনা বিয়পি পৰাত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। 


কাঠমাণ্ডু পোষ্টৰ প্ৰতিবেদন অনুসৰি নেপালৰ বুটৱাল আৰু ভৈৰহাৱা চহৰতো ব্যাপক প্ৰতিবাদৰ পিছত সান্ধ্য আইন জাৰি কৰা হৈছে। সোমবাৰে বিয়লি ৪ বজাৰ পৰা নিশা ১০ বজালৈ জাৰি কৰা হৈছে সান্ধ্য আইন । বৃহৎ অঞ্চলত মোতায়েন কৰা হৈছে গধুৰ আৰক্ষী বাহিনী।


এই প্ৰতিবাদে ক্ৰমাৎ ধাৰণ কৰিছে উগ্ৰ ৰূপ। নেপাল চৰকাৰে বহুকেইটা ছ’চিয়েল মিডিয়া এপ দেশত নিষিদ্ধ কৰিলে তাৰ পাছতেই সৃষ্টি হৈছে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ।


নেপাল চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজধানী কাঠমাণ্ডুত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে জেন-জেড যুৱক-যুৱতীয়ে। এই সময়তে শ শ যুৱ প্ৰতিবাদকাৰীয়ে নেপালৰ সংসদত প্ৰৱেশ কৰে। তেওঁলোকক বাধা দিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিবলৈ বাধ্য হয়। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে কাঠমাণ্ডুত সান্ধ্য আইন জাৰি কৰা হৈছে।


প্ৰধানমন্ত্ৰী কে পি অলিৰ চৰকাৰে যোৱা ৪ ছেপ্টেম্বৰত ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব, হোৱাটছএপ, ৰেডিট আৰু এক্সৰ দৰে ২৬টা ছ’চিয়েল মিডিয়া এপ নিষিদ্ধ কৰিছিল। নেপাল চৰকাৰে এই ছ’চিয়েল মিডিয়া কোম্পানীসমূহক নেপালত ব্যৱসায় চলোৱাৰ ক্ষেত্ৰত কেইবাটাও চৰ্ত আৰোপ কৰি নিষেধাজ্ঞা আৰোপ কৰিছে।


চৰকাৰে কয় যে যেতিয়া এই কোম্পানীসমূহে নেপালত কাৰ্যালয় খুলি চৰকাৰৰ সৈতে পঞ্জীয়ন কৰিব, অভিযোগ গ্ৰহণ তথা নিষ্পত্তিৰ বাবে নেপালত কৰ্মচাৰী নিযুক্তি দিব আৰু যিকোনো পৰ্যায়ৰ অশান্তি ৰোধৰ ব্যৱস্থা গঢ়ি তুলিব, তেতিয়াহে এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হ’ব। চৰকাৰে লগতে টিকটক আৰু ভাইবাৰৰ দৰে কোম্পানীয়ে চৰকাৰৰ কথা মানি চলাৰ বাবে এই কোম্পানীসমূহ নিষিদ্ধ কৰা নাছিল বুলিও আঙুলিয়াই দিয়ে।


উল্লেখ্য যে নেপাল চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ লগে লগে দেশখনৰ জনসাধাৰণ বহুদিশত সমস্যাৰ সন্মুখীন হৈছে। চৰকাৰৰ সিদ্ধান্তৰ পিছত ফেচবুক বা ইনষ্টাগ্ৰামৰ জৰিয়তে ব্যৱসায়িক পথ মুকলি কৰা লোকসকলৰ ব্যৱসায় বন্ধ হৈ পৰে। ইউটিউব আৰু গিটহাবৰ দৰে প্লেটফৰ্মে কাম নকৰাৰ বাবে শিশুৰ শিক্ষা কঠিন হৈ পৰিছে বুলিও অভিযোগ উঠিছে।


তদুপৰি এই ছ’চিয়েল মিডিয়াসমূহৰ নিষেধাজ্ঞাৰ ফলত বিদেশত বাস কৰা লোকসকলৰ সৈতে যোগাযোগ কঠিন তথা ব্যয়বহুল হৈ পৰিছে। এনে সমস্যাসমূহৰ পিছত ক্ষোভিত নেপালী জনসাধাৰণে আনকি ভিপিএন ব্যৱহাৰ কৰি নিষেধাজ্ঞা ভংগ কৰিবলৈও চেষ্টা কৰে। এতিয়া এনে ব্যৱস্থাৰ লগতে প্ৰতিবাদো গঢ়ি তুলিছে তেওঁলোকে।


চৰকাৰে টিকটক নিষিদ্ধ কৰা নাছিল বাবে এই প্লেটফৰ্মত ভিডিঅ’ আপলোড কৰি নেপালী লোকসকলে প্ৰতিবাদ আৰম্ভ কৰিছিল। দেশখনৰ ৰাজনৈতিক নেতাৰ সন্তানৰ বিলাসীতা আৰু সাধাৰণ মানুহৰ নিবনুৱা সমস্যাৰ তুলনা কৰি প্ৰতিবাদী ভিডিঅ’ শ্বেয়াৰ কৰা হ’ল। দেশজুৰি #RestoreOurInternet ৰ দৰে বহু ভিডিঅ’ আৰু হেচটেগ ভাইৰেল হৈ পৰিল।


লক্ষণীয়ভাৱে যুৱক-যুৱতীসকলে স্কুলৰ ইউনিফৰ্ম পিন্ধিয়েই প্ৰতিবাদত অংশগ্ৰহণ কৰিছে। তদুপৰি ২৮ বছৰৰ ওপৰৰ লোকক এই প্ৰতিবাদত যোগদান কৰিবলৈ দিয়া হোৱা নাই। এইদৰে নেপালৰ এই আন্দোলন এতিয়া সম্পূৰ্ণ ছাত্ৰ আন্দোলনৰ ৰূপ লৈছে। ছ’চিয়েল মিডিয়াৰ নিষেধাজ্ঞা প্ৰত্যাহাৰৰ দাবীৰে আৰম্ভ হোৱা এই আন্দোলনে এতিয়া দুৰ্নীতি আৰু নিবনুৱা সমস্যাৰ দৰে বিষয়কো সাঙুৰি লৈছে ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ