--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • এই প্ৰতিবাদে ক্ৰমাৎ ধাৰণ কৰিছে উগ্ৰ ৰূপ। নেপাল চৰকাৰে বহুকেইটা ছ’চিয়েল মিডিয়া এপ দেশত নিষিদ্ধ কৰিলে তাৰ পাছতেই সৃষ্টি হৈছে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ।

ডিজিটেল ডেস্কঃ জেন-জেড অৰ্থাৎ নতুন প্ৰজন্মৰ যুৱক-যুৱতীৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে ভাৰতৰ এখন চুবুৰীয়া দেশ। নোপাল চৰকাৰে ছ’চিয়েল মিডিয়াত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতে নেপালৰ ৰাজধানীত উত্তেজনা বিয়পি পৰাত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। 


কাঠমাণ্ডু পোষ্টৰ প্ৰতিবেদন অনুসৰি নেপালৰ বুটৱাল আৰু ভৈৰহাৱা চহৰতো ব্যাপক প্ৰতিবাদৰ পিছত সান্ধ্য আইন জাৰি কৰা হৈছে। সোমবাৰে বিয়লি ৪ বজাৰ পৰা নিশা ১০ বজালৈ জাৰি কৰা হৈছে সান্ধ্য আইন । বৃহৎ অঞ্চলত মোতায়েন কৰা হৈছে গধুৰ আৰক্ষী বাহিনী।


এই প্ৰতিবাদে ক্ৰমাৎ ধাৰণ কৰিছে উগ্ৰ ৰূপ। নেপাল চৰকাৰে বহুকেইটা ছ’চিয়েল মিডিয়া এপ দেশত নিষিদ্ধ কৰিলে তাৰ পাছতেই সৃষ্টি হৈছে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ।


নেপাল চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজধানী কাঠমাণ্ডুত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে জেন-জেড যুৱক-যুৱতীয়ে। এই সময়তে শ শ যুৱ প্ৰতিবাদকাৰীয়ে নেপালৰ সংসদত প্ৰৱেশ কৰে। তেওঁলোকক বাধা দিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিবলৈ বাধ্য হয়। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে কাঠমাণ্ডুত সান্ধ্য আইন জাৰি কৰা হৈছে।


প্ৰধানমন্ত্ৰী কে পি অলিৰ চৰকাৰে যোৱা ৪ ছেপ্টেম্বৰত ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব, হোৱাটছএপ, ৰেডিট আৰু এক্সৰ দৰে ২৬টা ছ’চিয়েল মিডিয়া এপ নিষিদ্ধ কৰিছিল। নেপাল চৰকাৰে এই ছ’চিয়েল মিডিয়া কোম্পানীসমূহক নেপালত ব্যৱসায় চলোৱাৰ ক্ষেত্ৰত কেইবাটাও চৰ্ত আৰোপ কৰি নিষেধাজ্ঞা আৰোপ কৰিছে।


চৰকাৰে কয় যে যেতিয়া এই কোম্পানীসমূহে নেপালত কাৰ্যালয় খুলি চৰকাৰৰ সৈতে পঞ্জীয়ন কৰিব, অভিযোগ গ্ৰহণ তথা নিষ্পত্তিৰ বাবে নেপালত কৰ্মচাৰী নিযুক্তি দিব আৰু যিকোনো পৰ্যায়ৰ অশান্তি ৰোধৰ ব্যৱস্থা গঢ়ি তুলিব, তেতিয়াহে এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হ’ব। চৰকাৰে লগতে টিকটক আৰু ভাইবাৰৰ দৰে কোম্পানীয়ে চৰকাৰৰ কথা মানি চলাৰ বাবে এই কোম্পানীসমূহ নিষিদ্ধ কৰা নাছিল বুলিও আঙুলিয়াই দিয়ে।


উল্লেখ্য যে নেপাল চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ লগে লগে দেশখনৰ জনসাধাৰণ বহুদিশত সমস্যাৰ সন্মুখীন হৈছে। চৰকাৰৰ সিদ্ধান্তৰ পিছত ফেচবুক বা ইনষ্টাগ্ৰামৰ জৰিয়তে ব্যৱসায়িক পথ মুকলি কৰা লোকসকলৰ ব্যৱসায় বন্ধ হৈ পৰে। ইউটিউব আৰু গিটহাবৰ দৰে প্লেটফৰ্মে কাম নকৰাৰ বাবে শিশুৰ শিক্ষা কঠিন হৈ পৰিছে বুলিও অভিযোগ উঠিছে।


তদুপৰি এই ছ’চিয়েল মিডিয়াসমূহৰ নিষেধাজ্ঞাৰ ফলত বিদেশত বাস কৰা লোকসকলৰ সৈতে যোগাযোগ কঠিন তথা ব্যয়বহুল হৈ পৰিছে। এনে সমস্যাসমূহৰ পিছত ক্ষোভিত নেপালী জনসাধাৰণে আনকি ভিপিএন ব্যৱহাৰ কৰি নিষেধাজ্ঞা ভংগ কৰিবলৈও চেষ্টা কৰে। এতিয়া এনে ব্যৱস্থাৰ লগতে প্ৰতিবাদো গঢ়ি তুলিছে তেওঁলোকে।


চৰকাৰে টিকটক নিষিদ্ধ কৰা নাছিল বাবে এই প্লেটফৰ্মত ভিডিঅ’ আপলোড কৰি নেপালী লোকসকলে প্ৰতিবাদ আৰম্ভ কৰিছিল। দেশখনৰ ৰাজনৈতিক নেতাৰ সন্তানৰ বিলাসীতা আৰু সাধাৰণ মানুহৰ নিবনুৱা সমস্যাৰ তুলনা কৰি প্ৰতিবাদী ভিডিঅ’ শ্বেয়াৰ কৰা হ’ল। দেশজুৰি #RestoreOurInternet ৰ দৰে বহু ভিডিঅ’ আৰু হেচটেগ ভাইৰেল হৈ পৰিল।


লক্ষণীয়ভাৱে যুৱক-যুৱতীসকলে স্কুলৰ ইউনিফৰ্ম পিন্ধিয়েই প্ৰতিবাদত অংশগ্ৰহণ কৰিছে। তদুপৰি ২৮ বছৰৰ ওপৰৰ লোকক এই প্ৰতিবাদত যোগদান কৰিবলৈ দিয়া হোৱা নাই। এইদৰে নেপালৰ এই আন্দোলন এতিয়া সম্পূৰ্ণ ছাত্ৰ আন্দোলনৰ ৰূপ লৈছে। ছ’চিয়েল মিডিয়াৰ নিষেধাজ্ঞা প্ৰত্যাহাৰৰ দাবীৰে আৰম্ভ হোৱা এই আন্দোলনে এতিয়া দুৰ্নীতি আৰু নিবনুৱা সমস্যাৰ দৰে বিষয়কো সাঙুৰি লৈছে ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ