--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই ঘটনা অতি বিশেষ আৰু বিৰল, কাৰণ সাধাৰণতে নৱজাত শিশুৰ ওজন ইয়াতকৈ বহু কম

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ জবলপুৰ চৰকাৰী ৰাণী দুৰ্গাৱতী চিকিৎসালয়ত এগৰাকী প্ৰসূতিয়ে চিজাৰিয়ানৰ জৰিয়তে ৫.২ কেজি ওজনৰ এটি সন্তান জন্ম দিয়ে। 


এই ঘটনা অতি বিশেষ আৰু বিৰল, কাৰণ সাধাৰণতে নৱজাত শিশুৰ ওজন ইয়াতকৈ বহু কম। এই ক্ষেত্ৰত চিকিৎসালয় ইউনিটৰ মুৰব্বী স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ ভৱনা মিশ্ৰই জনাইছে যে এই সন্তানটো বুধবাৰে শুভাংগী নামৰ এগৰাকী মহিলাই জন্ম দিছিল, তেওঁ আনন্দ চৌকছেৰ পত্নী আৰু ৰঞ্জি অঞ্চলৰ বাসিন্দা। ডাঃ ভৱণাই কয় যে বহু বছৰ ধৰি মই ইমান ওজনৰ শিশু দেখা নাই।


এনে ওজন থকা কেঁচুৱাক ২৪ ঘণ্টা ধৰি চিকিৎসালয়ত নিৰীক্ষণত ৰখা হয় কাৰণ তেওঁলোকৰ তেজৰ চেনিৰ মাত্ৰা উঠা-নমা হ’ব পাৰে বুলি চিকিৎসকগৰাকীয়ে জানিবলৈ দিয়ে। বৰ্তমান কেঁচুৱাটো বিশেষ নৱজাতকৰ যত্ন ইউনিট (SNCU)ত আছে কাৰণ এনে কেঁচুৱা কেতিয়াবা জন্মগত সমস্যাৰ আশংকাত ভুগিবলগীয়া হয়। শিশু চিকিৎসকে শিশুটিৰ তেজৰ চেনিৰ মাত্ৰা নিৰীক্ষণ কৰি আছে আৰু এই মুহূৰ্তত শিশুটি সুস্থ।


ডাঃ ভৱণাই লগতে কয় যে সাধাৰণতে এজন স্বাভাৱিক পূৰ্ণকালীন ল’ৰাৰ জন্মৰ ওজন ২.৮ৰ পৰা ৩.২ কিলোগ্ৰামৰ ভিতৰত হয়, আনহাতে ছোৱালীৰ ওজন ২.৭ৰ পৰা ৩.১ কিলোগ্ৰামৰ ভিতৰত হয়। কিন্তু আজিকালি উন্নত জীৱনশৈলী, উপযুক্ত পুষ্টি আৰু ভাল চিকিৎসা সুবিধাৰ বাবে শিশুৰ ওজন ক্ৰমান্বয়ে বাঢ়িছে। এনে পৰিস্থিতিত এই শিশুটিৰ জন্ম অতি বিশেষ আৰু বিৰল পৰিঘটনা।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ