--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই ঘটনা অতি বিশেষ আৰু বিৰল, কাৰণ সাধাৰণতে নৱজাত শিশুৰ ওজন ইয়াতকৈ বহু কম

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ জবলপুৰ চৰকাৰী ৰাণী দুৰ্গাৱতী চিকিৎসালয়ত এগৰাকী প্ৰসূতিয়ে চিজাৰিয়ানৰ জৰিয়তে ৫.২ কেজি ওজনৰ এটি সন্তান জন্ম দিয়ে। 


এই ঘটনা অতি বিশেষ আৰু বিৰল, কাৰণ সাধাৰণতে নৱজাত শিশুৰ ওজন ইয়াতকৈ বহু কম। এই ক্ষেত্ৰত চিকিৎসালয় ইউনিটৰ মুৰব্বী স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ ভৱনা মিশ্ৰই জনাইছে যে এই সন্তানটো বুধবাৰে শুভাংগী নামৰ এগৰাকী মহিলাই জন্ম দিছিল, তেওঁ আনন্দ চৌকছেৰ পত্নী আৰু ৰঞ্জি অঞ্চলৰ বাসিন্দা। ডাঃ ভৱণাই কয় যে বহু বছৰ ধৰি মই ইমান ওজনৰ শিশু দেখা নাই।


এনে ওজন থকা কেঁচুৱাক ২৪ ঘণ্টা ধৰি চিকিৎসালয়ত নিৰীক্ষণত ৰখা হয় কাৰণ তেওঁলোকৰ তেজৰ চেনিৰ মাত্ৰা উঠা-নমা হ’ব পাৰে বুলি চিকিৎসকগৰাকীয়ে জানিবলৈ দিয়ে। বৰ্তমান কেঁচুৱাটো বিশেষ নৱজাতকৰ যত্ন ইউনিট (SNCU)ত আছে কাৰণ এনে কেঁচুৱা কেতিয়াবা জন্মগত সমস্যাৰ আশংকাত ভুগিবলগীয়া হয়। শিশু চিকিৎসকে শিশুটিৰ তেজৰ চেনিৰ মাত্ৰা নিৰীক্ষণ কৰি আছে আৰু এই মুহূৰ্তত শিশুটি সুস্থ।


ডাঃ ভৱণাই লগতে কয় যে সাধাৰণতে এজন স্বাভাৱিক পূৰ্ণকালীন ল’ৰাৰ জন্মৰ ওজন ২.৮ৰ পৰা ৩.২ কিলোগ্ৰামৰ ভিতৰত হয়, আনহাতে ছোৱালীৰ ওজন ২.৭ৰ পৰা ৩.১ কিলোগ্ৰামৰ ভিতৰত হয়। কিন্তু আজিকালি উন্নত জীৱনশৈলী, উপযুক্ত পুষ্টি আৰু ভাল চিকিৎসা সুবিধাৰ বাবে শিশুৰ ওজন ক্ৰমান্বয়ে বাঢ়িছে। এনে পৰিস্থিতিত এই শিশুটিৰ জন্ম অতি বিশেষ আৰু বিৰল পৰিঘটনা।




FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত