--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিধাতাই হয়তো আতিফৰ খোজত শিকলি লগালেও, কিন্তু আতিফৰ উৰন্ত মনটোক বন্দী কৰিব পৰা নাছিল। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আতিফে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ এক বিশেষ নিদৰ্শন দাঙি ধৰিছে।

ডিজিটেল ডেস্ক: অদম্য ইচ্ছাশক্তি থাকিলে শাৰীৰিক প্ৰতিবন্ধকতা কেতিয়াও সফলতাৰ বাটত বাধা হ’ব নোৱাৰে। শাৰীৰিক প্ৰত্যাহ্বানক নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলিল নিজজুৰীয়াৰ আতিফ আহমেদ। চৰকাৰী বিদ্যালয়ৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ আতিফ আহমেদ।


বিধাতাই হয়তো আতিফৰ খোজত শিকলি লগালেও, কিন্তু আতিফৰ উৰন্ত মনটোক বন্দী কৰিব পৰা নাছিল। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আতিফে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ এক বিশেষ নিদৰ্শন দাঙি ধৰিছে। নিজজুৰীয়া গাঁৱৰ এইগৰাকী অদম্য সাহসী ছাত্ৰই প্ৰমাণ কৰি দিলে যে— শৰীৰৰ কোনো অংশই কাম নকৰিলেও, যদি মনৰ জোৰ থাকে, তেন্তে সফলতাৰ শিখৰত উপনীত হোৱাটো অসম্ভৱ নহয়। কোনো ব্যক্তিগত খণ্ডৰ স্কুল নহয়, এখন সাধাৰণ চৰকাৰী বিদ্যালয়ৰ পৰা অধ্যয়ন কৰিয়েই আজি আতিফে নিজজুৰীয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে। 


অভাৱ আৰু শাৰীৰিক যন্ত্ৰণাক নেওচি দিন-ৰাতি একাকাৰ কৰি কৰা পৰিশ্ৰমৰ ফল আজি আতিফৰ হাতত। আতিফৰ এই সফলতাই আজি কেৱল তেওঁৰ পৰিয়ালকে নহয়, সমগ্ৰ জুৰীয়াবাসীক গৌৰৱান্বিত কৰিছে। যিসকল লোকে শাৰীৰিক অক্ষমতাক জীৱনৰ অন্ত বুলি ভাবে, তেওঁলোকৰ বাবে আজি আতিফ আহমেদ এক অনন্য নিদৰ্শন। খোজত বাধা আছিল সঁচা, কিন্তু লক্ষ্যত উপনীত হোৱাত আতিফক কোনেও ৰখাব নোৱাৰিলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ