--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিধাতাই হয়তো আতিফৰ খোজত শিকলি লগালেও, কিন্তু আতিফৰ উৰন্ত মনটোক বন্দী কৰিব পৰা নাছিল। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আতিফে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ এক বিশেষ নিদৰ্শন দাঙি ধৰিছে।

ডিজিটেল ডেস্ক: অদম্য ইচ্ছাশক্তি থাকিলে শাৰীৰিক প্ৰতিবন্ধকতা কেতিয়াও সফলতাৰ বাটত বাধা হ’ব নোৱাৰে। শাৰীৰিক প্ৰত্যাহ্বানক নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলিল নিজজুৰীয়াৰ আতিফ আহমেদ। চৰকাৰী বিদ্যালয়ৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ আতিফ আহমেদ।


বিধাতাই হয়তো আতিফৰ খোজত শিকলি লগালেও, কিন্তু আতিফৰ উৰন্ত মনটোক বন্দী কৰিব পৰা নাছিল। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আতিফে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ এক বিশেষ নিদৰ্শন দাঙি ধৰিছে। নিজজুৰীয়া গাঁৱৰ এইগৰাকী অদম্য সাহসী ছাত্ৰই প্ৰমাণ কৰি দিলে যে— শৰীৰৰ কোনো অংশই কাম নকৰিলেও, যদি মনৰ জোৰ থাকে, তেন্তে সফলতাৰ শিখৰত উপনীত হোৱাটো অসম্ভৱ নহয়। কোনো ব্যক্তিগত খণ্ডৰ স্কুল নহয়, এখন সাধাৰণ চৰকাৰী বিদ্যালয়ৰ পৰা অধ্যয়ন কৰিয়েই আজি আতিফে নিজজুৰীয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে। 


অভাৱ আৰু শাৰীৰিক যন্ত্ৰণাক নেওচি দিন-ৰাতি একাকাৰ কৰি কৰা পৰিশ্ৰমৰ ফল আজি আতিফৰ হাতত। আতিফৰ এই সফলতাই আজি কেৱল তেওঁৰ পৰিয়ালকে নহয়, সমগ্ৰ জুৰীয়াবাসীক গৌৰৱান্বিত কৰিছে। যিসকল লোকে শাৰীৰিক অক্ষমতাক জীৱনৰ অন্ত বুলি ভাবে, তেওঁলোকৰ বাবে আজি আতিফ আহমেদ এক অনন্য নিদৰ্শন। খোজত বাধা আছিল সঁচা, কিন্তু লক্ষ্যত উপনীত হোৱাত আতিফক কোনেও ৰখাব নোৱাৰিলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত