--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পাকিস্তান আৰু ভাৰতৰ মাজত কেৱল সীমা বিবাদেই নহয়, ভাৰতে সন্ত্রাসবাদৰ বিৰুদ্ধেহে যুঁজখন আৰম্ভকৰিছে বুলি জয়শংকৰে ই ইউৰ নেতাসকলক অৱগত কৰিব। ইউৰোপিয়ান নিউজ ৱেবছাইট 'ইউৰেক্টিভ'ৰ সৈতে হোৱা বাৰ্তালাপত জয়শংকৰে কয় যে ইউৰোপৰ পৰিৱৰ্তিত ভূ-ৰাজনৈতিক আৰু আশাবাদে ই ইউ-ভাৰতৰ ভৱিষ্যতৰ সম্পৰ্ক দৃঢ় কৰিব। ই ইউৰ দেশসমূহৰ সৈতে প্ৰধান বাণিজ্য চুক্তি কৰাত ভাৰত আগ্রহী বুলি জয়শংকৰে কয়।

ডিজিটেল ডেস্কঃ ইউৰোপিয়ান ইউনিয়নৰ (ইইউ) নেতাসকলক সাক্ষাৎ কৰিবলৈ দেশৰ বিদেশ মন্ত্রী এছ জয়শংকৰ বেলজিয়ামৰ ব্রাছেল্লত উপস্থিত হৈছে। কাশ্মীৰক পাকিস্তানৰ সন্ত্রাসবাদীৰ বৰ্বৰ আক্ৰমণৰ পাছত নতুন দিল্লীয়ে লোৱা কাৰ্যপন্থাৰ বিষয়ে পশ্চিমীয়া দেশসমূহৰ নেতাসকলক অৱগত কৰাৰ বাবে জয়শংকৰ ব্রাছেল্লূত উপস্থিত হৈছে।


পাকিস্তান আৰু ভাৰতৰ মাজত কেৱল সীমা বিবাদেই নহয়, ভাৰতে সন্ত্রাসবাদৰ বিৰুদ্ধেহে যুঁজখন আৰম্ভকৰিছে বুলি জয়শংকৰে ই ইউৰ নেতাসকলক অৱগত কৰিব। ইউৰোপিয়ান নিউজ ৱেবছাইট 'ইউৰেক্টিভ'ৰ সৈতে হোৱা বাৰ্তালাপত জয়শংকৰে কয় যে ইউৰোপৰ পৰিৱৰ্তিত ভূ-ৰাজনৈতিক আৰু আশাবাদে ই ইউ-ভাৰতৰ ভৱিষ্যতৰ সম্পৰ্ক দৃঢ় কৰিব। ই ইউৰ দেশসমূহৰ সৈতে প্ৰধান বাণিজ্য চুক্তি কৰাত ভাৰত আগ্রহী বুলি জয়শংকৰে কয়। 


আনহাতে, কাশ্মীৰৰ পহলগাম কাণ্ডৰ পাছত ভাৰতে পাকিস্তানৰ সন্ত্রাসবাদীৰ ঘাটিত চলোৱা 'অপাৰেশ্যন সিন্দুৰ'ৰ বিষয়ত কিছুমান আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে লোৱা ভূমিকাক সমালোচনা কৰে জয়শংকৰে। বিদেশ মন্ত্রী জয়শংকৰে কয়, 'আপোনালোকক মই এটা কথা সোঁৱৰাই দিব খুজিছোঁ-ওছামা বিন লাডেন নামৰ এজন ব্যক্তি আছিল, এই কুখ্যাত সন্ত্রাসবাদীজনে কিয় পাকিস্তানৰ এখন সামৰিক চহৰত বছৰ বছৰ ধৰি বাস কৰি থাকি নিজকে সুৰক্ষিত অনুভৱ কৰিছিল। মই বিশ্বক বুজাব খুজিছোঁ- এইটো কেৱল ভাৰত-পাকিস্তানৰ সমস্যা নহয়, এইটো হৈছে সন্ত্রাসবাদৰ সমস্যা। সেই একেই সন্ত্রাসবাদে আপোনালোকৰ বৰঘৰতো প্ৰৱেশ কৰিব।' 


পাকিস্তানে সন্ত্রাসবাদীক আশ্রয় দি সন্ত্রাসবাদৰ পৃষ্ঠপোষকতা কৰি আছে বুলি জয়শংকৰে পুনৰ ভাৰতৰ স্থিতি স্পষ্ট কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ