--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে শুকুৰবাৰে ইজৰাইল-হামাছৰ যুদ্ধ-বিৰতিৰ বাবে এটা নতুন প্রস্তাৱ আগবঢ়ায়। মার্কিন ৰাষ্ট্ৰপতিজনে আগবঢ়োৱা এই নতুন প্রস্তাৱটোত দুয়োপক্ষৰ মাজত ৬০ দিনৰ যুদ্ধ-বিৰতিৰ বাবে আহ্বান কৰিছে। 

এই যুদ্ধ-বিৰতিৰ সময়ত হামাছে ২৮জন ইজৰাইলী পণবন্দীক জীৱন্তে মুকলি কৰি দিব আৰু ইয়াৰ পৰিৱৰ্তে ইজৰাইলে ১২৩৬গৰাকী পেলেষ্টাইনী বন্দীক মুকলি কৰিব। 

মার্কিন ৰাষ্ট্ৰপতি ট্রাম্প আৰু মধ্যস্থতাকীৰ দেশ ইজিপ্ত আৰু কাটাৰে প্ৰস্তুত কৰা এই যুদ্ধ-বিৰতিৰ প্ৰস্তাৱত গাজালৈ ইজৰাইলে মানৱীয় সাহায্য মুকলি কৰি দিয়াৰ বিষয়টোও আছে। বৃহস্পতিবাৰে হোৱাইট হাউছৰ সূত্ৰই প্ৰকাশ কৰিছে যে ইজৰাইলে এই মার্কিন যুদ্ধ-বিৰতি প্ৰস্তাৱটো ৰূপায়ণ কৰিবলৈ সন্মত হৈছে। 

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটান্যাহুৱে কয় যে ৰাষ্ট্ৰপতি ট্রাম্পৰ মধ্য প্রাচ্যৰ দূত স্টিভ উইটকফে আগবঢ়োৱা এই যুদ্ধ-বিৰতিৰ প্ৰস্তাৱ ইজৰাইলে গ্রহণ কৰিছে। আনহাতে, পেলেষ্টাইনৰ সন্ত্রাসবাদী সংগঠন হামাছে বয়টাৰক কয় যে তেওঁলোকে এই প্রস্তাৱৰ বিষয়ত পর্যলোচনা কৰি শনিবাৰৰ ভিতৰত তেওঁলোকৰ মত প্রকাশ কৰিব। মার্কিন যুদ্ধ-বিৰতিৰ প্ৰস্তাৱটোত কোৱা হৈছে যে যুদ্ধ-বিৰতি স্থায়ী হ'লে ইজৰাইলে গাজাত সামৰিক অভিযান বন্ধ কৰিব।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত