--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে শুকুৰবাৰে ইজৰাইল-হামাছৰ যুদ্ধ-বিৰতিৰ বাবে এটা নতুন প্রস্তাৱ আগবঢ়ায়। মার্কিন ৰাষ্ট্ৰপতিজনে আগবঢ়োৱা এই নতুন প্রস্তাৱটোত দুয়োপক্ষৰ মাজত ৬০ দিনৰ যুদ্ধ-বিৰতিৰ বাবে আহ্বান কৰিছে। 

এই যুদ্ধ-বিৰতিৰ সময়ত হামাছে ২৮জন ইজৰাইলী পণবন্দীক জীৱন্তে মুকলি কৰি দিব আৰু ইয়াৰ পৰিৱৰ্তে ইজৰাইলে ১২৩৬গৰাকী পেলেষ্টাইনী বন্দীক মুকলি কৰিব। 

মার্কিন ৰাষ্ট্ৰপতি ট্রাম্প আৰু মধ্যস্থতাকীৰ দেশ ইজিপ্ত আৰু কাটাৰে প্ৰস্তুত কৰা এই যুদ্ধ-বিৰতিৰ প্ৰস্তাৱত গাজালৈ ইজৰাইলে মানৱীয় সাহায্য মুকলি কৰি দিয়াৰ বিষয়টোও আছে। বৃহস্পতিবাৰে হোৱাইট হাউছৰ সূত্ৰই প্ৰকাশ কৰিছে যে ইজৰাইলে এই মার্কিন যুদ্ধ-বিৰতি প্ৰস্তাৱটো ৰূপায়ণ কৰিবলৈ সন্মত হৈছে। 

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটান্যাহুৱে কয় যে ৰাষ্ট্ৰপতি ট্রাম্পৰ মধ্য প্রাচ্যৰ দূত স্টিভ উইটকফে আগবঢ়োৱা এই যুদ্ধ-বিৰতিৰ প্ৰস্তাৱ ইজৰাইলে গ্রহণ কৰিছে। আনহাতে, পেলেষ্টাইনৰ সন্ত্রাসবাদী সংগঠন হামাছে বয়টাৰক কয় যে তেওঁলোকে এই প্রস্তাৱৰ বিষয়ত পর্যলোচনা কৰি শনিবাৰৰ ভিতৰত তেওঁলোকৰ মত প্রকাশ কৰিব। মার্কিন যুদ্ধ-বিৰতিৰ প্ৰস্তাৱটোত কোৱা হৈছে যে যুদ্ধ-বিৰতি স্থায়ী হ'লে ইজৰাইলে গাজাত সামৰিক অভিযান বন্ধ কৰিব।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ