--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ আইপিএলত আলোচনাৰ শীৰ্ষত আছে কে এল ৰাহুল। নতুন ফ্ৰেঞ্চাইজী লক্ষ্ণৌৰ অগ্ৰগামী যাত্ৰাই শীৰ্ষত ৰাখিছে ৰাহুলক। ইয়াৰোপৰি  দলটোৰ অধিনায়কো তেওঁ। পিছে শেহতীয়াকৈ ৰাহুল চৰ্চাত অহাৰ কাৰণ ক্ৰিকেটকেন্দ্ৰিক নহয়। ৰাহুলৰ সৈতে আলোচনাৰ প্ৰসংগলৈ আহিছে অভিনেত্ৰী আথিয়া ছেট্টী।

ৰাহুল-আথিয়াক লৈ প্ৰায়ে আলোচনা হয় ভাৰতীয় সংবাদ মাধ্যমত। কাৰণ, কে এল ৰাহুল বলীউড অভিনেতা সুনীল ছেট্টীৰ জীয়ৰীৰ প্ৰেমৰ সম্পৰ্কত বান্ধ খাইছে। চলিত বৰ্ষৰ ডিচেম্বৰ মাহতে এই সম্পৰ্কত ছীল-মোহৰ মাৰিবলৈ দুয়ো যো জা চলাইছে বুলিও খবৰ ওলাইছে। 

পিছে, বিয়াৰ প্ৰসংগ চলি থকা অৱস্থাতে আহিছে আন এক খবৰ। ৰাহুল-আথিয়াই আৰৱ সাগৰৰ পাৰত বিলাসী ফ্লেট এটা ভাড়াত লোৱা বুলি জানিবলৈ পোৱা গৈছে। বান্দ্ৰাৰ কাৰ্টাৰ ৰোডত অৱস্থিত এই ফ্লেটটোৰ বাবে তেওঁলোকে প্ৰতি মাহে ১০ লাখ টকা ভাড়া পৰিশোধ কৰিব লাগিব। 

স্বাভাৱিকতে, ৰাহুল-আথিয়াৰ খবৰে সকলোকে আচৰিত কৰি তুলিছে।  বিয়াৰ আগতে ফ্লেট? ডিচেম্বৰলৈ দেখোন এতিয়াও বহু দিন আছে? ইমান সোনকালে ১০ লাখ টকীয়া ফ্লেট ভাড়াত লোৱাৰ কাৰণ কি? নে গোপনে দুয়ো বিবাহ পাশত আৱদ্ধ হৈছে? সম্প্ৰতি ছ’চিয়েল মিডিত দুয়োকে লৈ অনেধৰণৰ প্ৰশ্নৰ অৱতাৰণা হোৱা দেখা গৈছে। দুয়োটা পৰিয়ালৰ সদস্যই এনে প্ৰশ্নৰ মুখামুখি হ’বলগীয়া হৈছে।

অৱশ্যে, সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই আথিয়াৰ এজন ঘনিষ্ঠ বন্ধুৱে বম্বে টাইমছক কয়, ‘তেওঁলোকৰ বিয়া হোৱা নাই। এই মুহূৰ্তত বিবাহৰ কোনো খবৰ নাই। কিয়নো পেছাদাৰী পৃথিৱীত, তেওঁলোক দুয়ো সম্প্ৰতি অতি ব্যস্ততাপূৰ্ণ সময় অতিবাহিত কৰিছে।’

অৱশ্যে, দুয়োটা পৰিয়াল আৰু ৰাহুল-আথিয়াৰ ঘনিষ্ঠসকলেও ইয়াক লৈ চিন্তিত নহয়। কাৰণ, আথিয়াই টীম ইণ্ডিয়াৰ ইংলেণ্ড ভ্ৰমণৰ সময়তো ৰাহুলক সংগ দিছিল। দুয়োজনে কেইবামাহ ধৰি একেলগে সময় কটাইছে। গতিকে, ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা কথাবোৰৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই সেয়া স্পষ্ট।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ