--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শচীন তেণ্ডুলকাৰ মানেই যেন ক্ৰিকেট। ভাৰতত যদি ক্ৰিকেটক ধৰ্ম বুলি ধৰা হয় তেন্তে শচীন সেই ধৰ্মৰ দেৱতা। শচীন অনুৰাগীয়ে এনেদৰে সময়ে সময়ে কোৱা পৰিলক্ষিত হয়। সেই ভগৱানৰ বাবে ক্ৰিকেট যিদৰে তেওঁৰ প্ৰেম, ভালপোৱা, জ্ঞান আৰু সাধনা; তেনেদৰে এই দেৱতাজনৰ মনৰ কোঠালীত স্থান দখল কৰিছে অঞ্জলিয়ে।

মাত্ৰ ১৬ বছৰ বয়সত যিগৰাকী যুৱকে পাকিস্তানৰ পেচাৰসকলৰ বিৰুদ্ধে মহাপৰাক্ৰমেৰে যুঁজ দিছিল। সেই একেজন শচীনেই মুম্বাই বিমানবন্দৰত নিজৰ প্ৰেম বিচাৰি পাইছিল। শচীন-অঞ্জলিৰ প্ৰেমকাহিনীও বৰ ৰোমাঞ্চকৰ, কাৰোবাৰ বাবে কৌতুহল।

১৭ বছৰীয়া শচীনে ১৯৯০ চনত ইংলেণ্ডৰ বিৰুদ্ধে ভ্ৰমণৰ সামৰণিৰ পাছত ঘৰলৈ উভতি আহিছিল। সেই শৃংখলাটোতে শচীনে জীৱনৰ প্ৰথমটো টেষ্ট শতক অৰ্জন কৰিছিল। একেদিনাই নিজ মাতৃক নিবলৈ বিমানবন্দৰত উপস্থিত হৈছিল অঞ্জলি।

প্ৰথম দেখাতেই ইজনে সিজনৰ প্ৰতি টান অনুভৱ কৰিছিল। কিন্তু কোনো পৰিচয় নাছিল দুয়োৰে মাজত। তেওঁলোক একেলগে হোৱাৰে যেন কথা আছিল। পৰৱৰ্তী সময়ত দুয়োৰে পৰিচয় হৈছিল এজন বন্ধুৰ ঘৰত।

শচীন সন্দৰ্ভত অঞ্জলিয়ে এবাৰ কৈছিল, ‘মই শচীনক যেতিয়া বিমানবন্দৰত দেখিছিলো, তেতিয়া ভাৰতীয় ক্ৰিকেটৰ বিস্ময় বালক জনক মই চিনি পোৱা নাছিলো।’ কি আশ্চৰ্যকৰ, ভাৰতৰ হৈ শতক অৰ্জন কৰাৰ পাছতো শচীন অঞ্জলিৰ বাবে আছিল অজ্ঞাত, অপৰিচিত ।

বয়সত অঞ্জলি শচীনতকৈ ছয় বছৰ ডাঙৰ। ১৯৯০ চনত যেতিয়া তেওঁলোকে প্ৰথম লগ পাইছিল তেতিয়া এজনে ভাৰতীয় ক্ৰিকেটত নিজৰ দ্যুতি আৰু অধিক তৰান্বিত কৰাৰ চেষ্টাত ব্ৰতী আছিল  আনহাতে অঞ্জলি আছিল চিকিৎসা বিজ্ঞানৰ ছাত্ৰী।

জীৱনৰ এই মহাসন্ধিক্ষনত অঞ্জলি আছিল পঢ়াশুনাত ব্যস্ত। সেই সময়ত ক্ৰিকেটৰ বিষয়ে একো বুজি পোৱা নাছিল অঞ্জলিয়ে। শচীনৰ প্ৰতি অঞ্জলিৰ আকৰ্ষণৰ মুখ্য কাৰণ কি বুলি সোধাত তেওঁ কয়, ‘শচীনৰ সৈতে সম্পৰ্ক গঢ় লৈ উঠাৰ পাছত, ক্ৰিকেটৰ বিষয়ে মোৰ জ্ঞান বৃদ্ধি হ’বলৈ লৈছিল।’

শচীনৰ সৈতে তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক চলি থকা সময়তে এবাৰ চিনেমা চাবলৈ গৈছিল দুয়ো। লগত আন কিছুমান বন্ধুও আছিল। শচীন তেতিয়া ভাৰতীয় ক্ৰিকেটৰ জনপ্ৰিয় মুখ। সেই মুখখন ঢাকিবলৈ শচীনে ছানগ্লাছ ব্যৱহাৰ কৰিছিল আৰু গালত নকল দাড়ি লগাইছিল। চিনেমাৰ মাজভাগত এটা বিৰতিৰ সময়ত, হঠাত্‍ খুলি পৰিছিল শচীনৰ ছানগ্লাছ আৰু উপস্থিত দৰ্শকে লগে লগে শচীন শচীন বুলি চিঞৰিবলৈ ধৰিছিল। এনে ঘটনাৰ সন্মুখীন হৈ আধাতে চিনেমা হ’লৰ পৰা ওলাই আহিছিল শচীন-অঞ্জলি।

পাঁচবছৰীয়া প্ৰেমৰ অন্তত ১৯৯৫ চনত বিবাহ পাশত আৱদ্ধ হৈছিল শচীন- অঞ্জলিয়ে। এক সাক্ষাৎকাৰত অঞ্জলিয়ে কয়, ‘শচীনৰ বাহিৰে মই কাকো চিনি নাপাওঁ। মই তেওঁক ভালদৰে বুজি পাওঁ। মই শচীনৰ প্ৰেমিকা হওঁ বা পত্নী, তেওঁৰ সৈতে মোৰ আন্তৰিক সম্পৰ্ক একেই আছে।’

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পাছত বান্দ্ৰাৰ ঘৰত থাকিবলৈ লয় শচীন-অঞ্জলি। লগত আছে দুই সন্তান পুত্ৰ অৰ্জুন আৰু জীয়ৰী চাৰাৰ। শচীন তনয়া ছাৰাই বলীউডত প্ৰৱেশৰ চিন্তা চৰ্চা চলি থকা বিপৰীতে অৰ্জুন আইপিএলৰ অন্যতম সফল ফ্ৰেঞ্চাইজী মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলি আছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিয়ালত প্ৰেমিকৰ সৈতে বিয়াৰ দাবী; মোবাইল টাৱাৰত উঠিল কিশোৰী
‘ডার্ক ঈগল’ৰে ইৰানত মোক্ষম আঘাত হানিব আমেৰিকাই!
জৌনপুৰত বিবাহৰ আনন্দ পৰিণত হ’ল বিষাদলৈ: বৰযাত্ৰীৰ মাজতে দৰাক গুলীয়াই হত্যা
আপোনাৰ ফোনলৈও আহিছে নেকি 'Extremely Severe Alert'? জানক ইয়াৰ প্ৰকৃত কাৰণ
অন্তর্ধান হ’ব ৮০% হিমবাহ; হিন্দুকুশ-হিমালয় অঞ্চললৈ অশনি সংকেত
কাজিৰঙাৰ চাৰিটা ম’হ মধ্য প্ৰদেশৰ কানহা বনাঞ্চললৈ
খুতুৰা শাকৰ আছে বহু উপকাৰী গুণ; সুস্বাস্থ্য গঢ়াত কৰে সহায়
ভাৰতক ‘নৰকৰ দুৱাৰ’ আখ্যা ট্রাম্পৰ
মহানগৰীত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; ৩যুৱতীৰ নিহত, ৩যুৱক আহত
আমেৰিকা অভিমুখে যাত্রা ড° হেমচন্দ্র গোস্বামীৰ, মাজুলীৰ চামগুৰি সত্ৰৰ মুখালৈ আন্তঃৰাষ্ট্ৰীয় সমাদৰ
ইনষ্টাগ্ৰামত লাখে লাখে কমিল ৰাঘৱ চাদ্ধাৰ অনুৰাগী
ড° অশোক কুমাৰ লাহিড়ীক নিটি আয়োগৰ উপাধ্যক্ষৰূপে নিয়োগ
AIয়ে দিব বানপানীৰ আগজাননী
দিল্লীত ভয়ংকৰ পথ দুৰ্ঘটনা: তীব্ৰবেগী বাহনৰ খুন্দাত ৪ যুৱকৰ কৰুণ মৃত্যু