--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পথাৰত ৰংমনেৰে কাম কৰি আছিল এহাল পতি-পত্নীয়ে৷ কোনেনো জানিছিল এই দিনটোৱেই যে তেওঁলোকৰ বাবে জীৱনৰ শেষৰটো দিন হব। 

পথাৰত কৰ্মৰত এই কৃষক দম্পতীৰ বজ্ৰপাতত থিতাতে মৃত্যু হয়। উত্তৰ প্ৰদেশৰ বস্তি জিলাৰ পৰা পোহৰলৈ আহিছে এই বেদনাদায়ক ঘটনা। হঠাতে বতৰ সলনি হৈ বৰষুণ আৰম্ভ হয়। লগত আহে প্ৰচণ্ড ধুমুহা আৰু বজ্ৰপাত।

বজ্ৰপাতৰ ফলত কৰুণ মৃত্যুক সাবটি লোৱা পতি-পত্নি হালৰ নাম ৰাম চৰণ (৫৫) আৰু চন্দ্ৰৱতী (৫২)। পতি-পত্নী দুয়োজনেই প্ৰতিদিনৰ দৰে নিজৰ পথাৰত কামত ব্যস্ত আছিল।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, বজ্ৰপাতৰ লগে লগে পথাৰত তীব্ৰ বিস্ফোৰণ হয় আৰু সেই স্থানৰ পৰা ধোঁৱা ওলোৱা দেখা যায়।

স্থানীয় ৰাইজে লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে। তথ্য লাভ কৰাৰ লগে লগে ৱালটাৰগঞ্জ আৰক্ষী থানাৰ দলটোৱে সেই স্থানত উপস্থিত হৈ দুয়োটা মৃতদেহ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে সেই স্থানত গাঁওবাসীৰ বিপুল ভিৰ সমবেত হয় আৰু গাঁওখনত শোক বিয়পি পৰে।

ঘটনাটো নিশ্চিত কৰি অতিৰিক্ত জিলা দণ্ডাধীশ প্ৰতিপাল সিং চৌহানে কয় যে ৰাজ্য চৰকাৰৰ দুৰ্যোগ সাহায্য আঁচনিৰ অধীনত ভুক্তভোগীৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব। লগতে মৃত পৰিয়ালটোক তাৎক্ষণিক ক্ষতিপূৰণ দিয়াৰ বাবে তহচিল প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়া হৈছে বুলিও তেওঁ কয়।

এই হৃদয়বিদাৰক ঘটনাই সমগ্ৰ গাঁওখন শোকত ডুবাই পেলাইছে। গাঁওবাসীয়ে কয় যে ৰামচৰণ আৰু চন্দ্ৰৱতী কঠোৰ পৰিশ্ৰমী কৃষক আৰু পৰিয়ালটোৰ জীৱিকাৰ বাবে পথাৰত দিনে নিশাই কাম কৰিছিল। তেওঁলোকৰৰ অকাল মৃত্যুত পৰিয়ালটোৰ ওপৰত ভাগি পৰিল দুখৰ পৰ্বত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত