--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পথাৰত ৰংমনেৰে কাম কৰি আছিল এহাল পতি-পত্নীয়ে৷ কোনেনো জানিছিল এই দিনটোৱেই যে তেওঁলোকৰ বাবে জীৱনৰ শেষৰটো দিন হব। 

পথাৰত কৰ্মৰত এই কৃষক দম্পতীৰ বজ্ৰপাতত থিতাতে মৃত্যু হয়। উত্তৰ প্ৰদেশৰ বস্তি জিলাৰ পৰা পোহৰলৈ আহিছে এই বেদনাদায়ক ঘটনা। হঠাতে বতৰ সলনি হৈ বৰষুণ আৰম্ভ হয়। লগত আহে প্ৰচণ্ড ধুমুহা আৰু বজ্ৰপাত।

বজ্ৰপাতৰ ফলত কৰুণ মৃত্যুক সাবটি লোৱা পতি-পত্নি হালৰ নাম ৰাম চৰণ (৫৫) আৰু চন্দ্ৰৱতী (৫২)। পতি-পত্নী দুয়োজনেই প্ৰতিদিনৰ দৰে নিজৰ পথাৰত কামত ব্যস্ত আছিল।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, বজ্ৰপাতৰ লগে লগে পথাৰত তীব্ৰ বিস্ফোৰণ হয় আৰু সেই স্থানৰ পৰা ধোঁৱা ওলোৱা দেখা যায়।

স্থানীয় ৰাইজে লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে। তথ্য লাভ কৰাৰ লগে লগে ৱালটাৰগঞ্জ আৰক্ষী থানাৰ দলটোৱে সেই স্থানত উপস্থিত হৈ দুয়োটা মৃতদেহ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে সেই স্থানত গাঁওবাসীৰ বিপুল ভিৰ সমবেত হয় আৰু গাঁওখনত শোক বিয়পি পৰে।

ঘটনাটো নিশ্চিত কৰি অতিৰিক্ত জিলা দণ্ডাধীশ প্ৰতিপাল সিং চৌহানে কয় যে ৰাজ্য চৰকাৰৰ দুৰ্যোগ সাহায্য আঁচনিৰ অধীনত ভুক্তভোগীৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব। লগতে মৃত পৰিয়ালটোক তাৎক্ষণিক ক্ষতিপূৰণ দিয়াৰ বাবে তহচিল প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়া হৈছে বুলিও তেওঁ কয়।

এই হৃদয়বিদাৰক ঘটনাই সমগ্ৰ গাঁওখন শোকত ডুবাই পেলাইছে। গাঁওবাসীয়ে কয় যে ৰামচৰণ আৰু চন্দ্ৰৱতী কঠোৰ পৰিশ্ৰমী কৃষক আৰু পৰিয়ালটোৰ জীৱিকাৰ বাবে পথাৰত দিনে নিশাই কাম কৰিছিল। তেওঁলোকৰৰ অকাল মৃত্যুত পৰিয়ালটোৰ ওপৰত ভাগি পৰিল দুখৰ পৰ্বত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ