--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আদা আমাৰ পাকঘৰৰ এটা গুৰুত্বপূৰ্ণ অংশ, ইয়াৰ সহায়ত খাদ্যৰ সোৱাদ ভাল হৈ পৰে। আদা আয়ুৰ্বেদিক ঔষধতকৈ কোনো গুণে কম নহয়, ইয়াৰ সহায়ত বহু ধৰণৰ ৰোগৰ পৰা সকাহ পাব পাৰি, কাৰণ ইয়াৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ শক্তি আছে। 

আপুনি নিশ্চয় প্ৰায়ে লক্ষ্য কৰিছে যে চৰ্দি, কাহ আৰু ফ্লুৰ পৰা সকাহ পাবলৈ মানুহে আদাৰ চাহ খায়। আদাৰ যিমানেই উপকাৰিতা নাথাকক কিয়, যদি আপুনি ইয়াক অতিমাত্ৰা খায় তেন্তে আপুনি বহু ধৰণৰ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।।

আদা বেছিকৈ খোৱাৰ অসুবিধা

১/ গেষ্ট্ৰাইটিছ ডিষ্ট্ৰেছঃ অতিৰিক্ত আদা সেৱন কৰিলে পেটৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। গেছ, ডায়েৰিয়া আদিও হ’ব পাৰে। 

২/ তেজ পাতল কৰাঃ আদাত তেজ পাতল কৰা গুণ থকা যৌগ থাকে। ইয়াক অত্যধিক পৰিমাণে সেৱন কৰিলে ৰক্তক্ষৰণৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। ইতিমধ্যে তেজ পাতল কৰা ঔষধ গ্ৰহণ কৰা লোকৰ বাবে আদা খোৱাটো ভাল নহয়।

৩/ নিম্ন ৰক্তচাপঃ অতিমাত্ৰা আদা খোৱা লোকসকলে নিম্ন ৰক্তচাপত ভুগিব পাৰে, ইয়াৰ ফলত ব্যক্তিজন দুৰ্বল হৈ পৰে আৰু মূৰ্চ্ছা যোৱা বা মূৰ ঘূৰোৱা হ’ব পাৰে।

৪/ এলাৰ্জিৰ প্ৰতিক্ৰিয়াঃ আদা বেছিকৈ খালে ছালৰ ফোহা, খজুৱতি, উশাহ-নিশাহ লোৱাত অসুবিধা আদি এলাৰ্জিৰ প্ৰতিক্ৰিয়া হ’ব পাৰে।

৫/ হৃদৰোগঃ আদাক সীমাৰ বাহিৰত খালে হৃদস্পন্দন বা এচিড ৰিফ্লাক্সৰ সমস্যা হ’ব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ