--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হজৰত মহম্মদ বিতৰ্ক দেশৰ বাবে একুৰা সৰ্বগ্ৰাসী জুইৰ দৰে হৈ পৰিছে। ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ হোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে এই বিতৰ্কক লৈ। বিজেপিয়ে তেওঁলোকৰ মুখপাত্ৰ নূপুৰ শৰ্মা আৰু দিল্লীৰ মিডিয়া কোষৰ মুৰব্বী নবীন জিন্দালক নিলম্বিত কৰি দায়িত্ব সামৰিবলৈ চেষ্টা কৰিছে যদিও পৰিস্থিতি এতিয়া ইমান সহজ হৈ থকা নাই। বিগত শুকুৰবাৰৰ দিনটোত দিল্লীৰ পৰা কলকাতালৈকে, ৰাঁচীৰ পৰা পশ্চিমবংগকলৈকে বিভিন্ন ইছলামধৰ্মী লোকে এই ঘটনাক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিপ্ৰেক্ষিতত পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে। ইফালে, প্ৰয়াগৰাজৰ হিংসাত্মক প্ৰতিবাদৰ মূল অভিযুক্ত জাভেদ মহম্মদত বুলডজাৰ চলাক লৈও সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। কিন্তু এতিয়া আন এগৰাকী সমাজকৰ্মী তথা ছাত্ৰ নেত্ৰীক লৈ চলিছে সৰৱ চৰ্চা।

প্ৰয়াগৰাজত জাভেদ মহম্মদৰ ঘৰত চলা উচ্ছেদৰ পাছতে দেশৰ শীৰ্ষস্থানীয় বিশ্ববিদ্যালয় জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়তো প্ৰতিবাদৰ ঢৌ উঠা দেখা গৈছে। জেএনইউৰ এগৰাকী ছাত্ৰীৰ প্ৰতি সমৰ্থন তথা সহমৰ্মিতাৰে ছাত্ৰ গোটে প্ৰতিবাদ কৰে বিশ্ববিদ্যালয়খনত। কিন্তু কোন এইগৰাকী ছাত্ৰী যাৰ সমৰ্থনৰ বাবে ওলাই আহিছে ছাত্ৰসমাজ? প্ৰয়াগৰাজ হিংসা তথা উচ্ছেদৰ সৈতে তেওঁৰ সম্পৰ্কই বা কি?

প্ৰয়াগৰাজত সংঘটিত হিংসাত্মক ঘটনাৰ মূল সূত্ৰধাৰ বুলি কোৱা জাভেদ মহম্মদৰ ঘৰত বুলডোজাৰ নিক্ষেপ কৰাৰ পিছত দেওবাৰে দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত জাভেদ মহম্মদৰ ঘৰত প্ৰতিবাদ আৰম্ভ হৈছে। দৰাচলতে, জাভেদ মহম্মদৰ জীয়ৰী আফৰিন ফাতিমাই জেএনইউত অধ্যয়ন কৰে আৰু আফৰিন ফাতিমাকো প্ৰয়াগৰাজ দাঙ্গাৰ সৈতে সম্পৰ্কিত কৰা হৈছে। ইয়াৰ স্বত্ত্বেও, জেএনইউ ছাত্ৰ সন্থাৰ সৈতে জড়িত শিক্ষাৰ্থীসকলে আফৰিন ফাতিমাৰ সমৰ্থনত প্ৰতিবাদ কৰিছে।

জে এন ইউৰ এই ছাত্ৰীগৰাকী হৈছে আফৰীন ফাতিমা। আফৰীন ফাটিমা এগৰাকী সমাজকৰ্মী, মানৱ অধিকাৰ কৰ্মী হিচাপে পৰিচিত। আনহাতে তেওঁ চৰ্চাল অহাৰ মূল কাৰণটোৱেই হৈছে, যে, তেওঁ প্ৰয়াগৰাজ হিংসাৰ মূল অভিযুক্ত জাভেদ মহম্মদৰ জ্যেষ্ঠ কন্যা। আফনীনে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে। ইয়াৰ উপৰি, আফৰীন ফাতিমা জেএনইউৰ ছাত্ৰ সন্থাৰ পৰামৰ্শদাতা। ইয়াৰ আগতে, আফৰীনে ‘কা’বিৰোধী প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল। আনকি শ্বাহিনবাগৰ আন্দোলনৰ সময়তো আফৰীন ফাতিমা জেএনইউৰ পৰা এলাহাবাদলৈকে সক্ৰিয় আছিল।

প্ৰয়াগৰাজৰ হিংসাত্মক ঘটনাৰ পাছত, তালাচী অভিযানত জাভেদ মহম্মদৰ ঘৰৰ পৰা আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা বুলি দাবী কৰিছিল আৰক্ষীয়ে। তেওঁৰ ঘৰৰ পৰা এটা বিশেষ ইছলামিক সংগঠনৰ পতাকাও উদ্ধাৰ কৰিছিল আৰক্ষীয়ে। দেওবাৰে তেওঁ তিনি মহলীয়া আবাসগৃহ তিনিখন বুলডজাৰেৰে ভাঙি ধূলিত মিলাই দিয়ে প্ৰয়াগৰাজ ডেভলপমেণ্ট অথৰিটীয়ে। ইফালে, হিজাব নিষিদ্ধকৰণৰ সময়ত আফৰীনে দক্ষিণ ভাৰতৰ কেইবাখনো চহৰ ভ্ৰমণ কৰিছিল আৰু প্ৰতিবাদত অংশ লৈছিল। আফৰিনৰ জন্ম প্ৰয়াগৰাজত হৈছিল। স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত, আফৰীনে আলিগড় মুছলিম বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে। অধ্যয়ন কৰি থাকোঁতে আফ্ৰিন ছাত্ৰ ৰাজনীতিত সক্ৰিয় হৈ পৰিছিল। আৰক্ষীয়ে প্ৰয়াগৰাজ হিংসাৰ বাবে আফৰীনৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰিছিল। 

ইফালে, কংগ্ৰেছ নেতা শশী থাৰুৰেও টুইট কৰি আফৰীনক সমৰ্থন জনাইছিল। থাৰুৰে তেওঁৰ টুইটত লিখিছিল, ‘জেএনইউৰ পৰা অহা বাতৰি শুনি আচৰিত হৈছোঁ যে শিক্ষাৰ্থীগৰাকীৰ পৰিয়ালৰ ঘৰ ভাঙি পেলোৱা হৈছে। আইনৰ যথাযথ প্ৰক্ৰিয়াৰ অধীনত পদক্ষেপ গণতন্ত্ৰত এটা মৌলিক অধিকাৰ। কোন আইনৰ অধীনত আৰু কি প্ৰক্ৰিয়া অনুসৰণ কৰি এনেদৰে ঘৰ ধ্বংস কৰা হৈছে। উত্তৰ প্ৰদেশে নিজকে ভাৰতৰ সংবিধানৰ ঊৰ্ধ্বত অৱস্থান কৰা বুলি ভাবিছে নেকি?’
 
FOLLOW US F
POPULAR
FEATURE
TRENDY
চাহৰ জনমূৰি ব্যৱহাৰ বৃদ্ধিৰ লক্ষ্যৰে 'মিছন ১ কে' অভিযান
Axiom-4 মুকলি কৰাৰ পিছতে সুভাংশু শুক্লাৰ বাবে প্ৰধানমন্ত্ৰীৰ মোদীৰ বিশেষ বাৰ্তা
স্নায়ুজনিত ৰোগত আক্ৰান্ত বলীউডৰ ভাইজান
এই ৩ টা ফল দৈনিক খালে ছাল জিলিকি উঠে
বহনক্ষম উন্নয়ন, শীৰ্ষৰ ১০০ দেশৰ তালিকাত ভাৰত
কুঁৱাত পৰা গৰু পোৱালিক বচাবলৈ গৈ ৫ জনৰ মৃত্যু
আহমেদাবাদ-লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান যাত্ৰা বাতিল
তেহৰান খালী কৰাৰ নিৰ্দেশ ট্ৰাম্পৰ ; জি-৭ সন্মিলন আধাতে এৰি ৱাশ্বিংটনলৈ মাৰ্কিন ৰাষ্ট্ৰপতি
অম্বুবাচী মহাযোগ উপলক্ষে গুৱাহাটী আৰক্ষীৰ বিশেষ নিৰ্দেশনা
বহি:ৰাজ্যত উদ্ধাৰ আমগুৰি যুৱকৰ মৃতদেহ
মগজুৱে নিজাববীয়াকৈ বেয়া স্মৃতিবোৰ মচি পেলায় নেকি? গৱেষণাত প্ৰকাশ চাঞ্চল্যকৰ তথ্য
তিতাবৰৰ এটা পৰিয়ালত অদৃশ্য শক্তিৰ উপদ্ৰৱ
স্বামী আৰু কিশোৰী কন্যাক এৰি পৰকীয়া প্ৰেমৰ বাবে পলাই গ'ল মহিলা
ষ্টাৰশ্বিপৰ অগ্নি পৰীক্ষাৰ সময়তে ইলন মাস্কৰ SpaceX কেন্দ্ৰত বিস্ফোৰণ