--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মনোবল থাকিলে ৰোগে মানুহক যিকোনো কামতে বাধাৰ হেঙাৰ হৈ উঠিব নোৱাৰে। সেই কথাই প্ৰমাণ কৰি দেখুৱালে কাশ্মীৰৰ এগৰাকী যুৱকে। যুৱক জনৰ নাম বাবা ডেনিছ লেংগাৰ। ভাৰতীয় সেনাত যোগদান কৰাৰ দুৰ্বাৰ হেঁপাহ বুকুত পুহি ৰখা ডেনিছৰ ভাগ্য যেন সুপ্ৰসন্ন নাছিল। সেনাত যোগদানৰ আশা বুকুত বান্ধি ৰখাৰ সময়তে  বাবা ডেনিছ লেংগাৰ ২০১৭ চনত গুইলিন বেৰে চিণ্ড্ৰোম (জিবিএছ)ত আক্ৰান্ত হয়।

ফলত  পক্ষাঘাতগ্ৰস্ত হৈ পৰে যুৱক জন। কিন্তু তেওঁ মনত সাহস গোটাই সকলো প্ৰতিকূলতা অতিক্ৰম কৰিলে ডেনিছে।শনিবাৰে উত্তৰাখণ্ডৰ ভাৰতীয় সামৰিক একাডেমীৰ পৰা  ২৮৮  জন কেডেটে স্নাতক ডিগ্ৰী লাভ কৰে, আৰু তেওঁলোকৰ ভিতৰত এজন আছিল জম্মুৰ সেই  সাহসী যুৱক ডেনিছ। 

ডেনিছে ভাৰতীয় সেনাত যোগদানৰ সপোন পূৰণ কৰিবলৈয়ে ৰোগৰ সৈতে যুদ্ধ কৰি সফল হৈছিল। মাত্ৰ ছমাহৰ ভিতৰতে তেওঁ পক্ষাঘাতৰ পৰা মুক্ত হ’বলৈ সক্ষম হৈছিল।ডেনিছৰ পিতৃ ৰাজেশ লেংগাৰে কয় " মই মোৰ পুত্ৰক লৈ গৌৰৱান্বিত। ইমান কম বয়সত তেওঁ কেনেকৈ যিদৰে প্ৰতিকূলতাৰ মোকাবিলা কৰিছিল সেয়া প্ৰশংসনীয়। বহুলোকে হয়তো এনে পৰিস্থিতত সকলো আশা এৰি দিলেহেঁতেন, কিন্তু মোৰ ল’ৰাৰ একমাত্ৰ লক্ষ্য  আছিল ভাৰতীয় সেনাত যোগদান কৰা। আজি তেওঁ সফল হৈছে" ।

 লেফটেনেণ্ট বাবা ডেনিছ লেংগাৰৰ মাতৃ অঞ্জু লেংগাৰে কয়, "সৰুৰে পৰা তেওঁ সেনাত যোগদান কৰি নিজৰ দেশৰ সেৱা কৰিবলৈ বিচাৰিছিল।যেতিয়া ডেনিছ ষষ্ঠ শ্ৰেণীত আছিল, তেতিয়া তেওঁৰ আইতাকে তেওঁক সৈনিক বিদ্যালয়ত পঢ়িবলৈ দিবলৈ অসন্মত হৈছিল।  কিন্তু সেই সময়ৰ সপোন বোৰ আজি তেওঁৰ পূৰণ হৈছে। তেওঁ এতিয়া তেওঁ আমাক সকলোকে গৌৰৱান্বিত কৰিছে,"। 

তেওঁৰ যাত্ৰাৰ বিষয়ে সোধাত লেফটেনেণ্ট ডেনিছে কয়  যে চিকিৎসককে ধৰি  সকলোৱে তেওঁক সপোন পূৰণ কৰাত সহায় কৰিছিল।

 ছয় মাহত পক্ষাঘাতৰ পৰা মুক্ত হোৱা  লেফটেনেণ্ট ডেনিছে প্ৰতিকুলতাৰ সন্মুখীন হোৱা সকলকো   সপোন কেতিয়াও এৰি নিদিবলৈ উৎসাহিত কৰে। উল্লেখ্য লেফটেনেণ্ট ডেনিছে  এক বিৰল অটো ইমিউনো বিকাৰত ভুগিছিল। 

এই ৰোগে  স্নায়ুবোৰক আক্ৰমণ কৰে আৰু এবছৰলৈকে এজন ব্যক্তিৰ কাৰ্যকলাপ বিকল কৰি দিব পাৰে । এই ৰোগ ইমিউনোথেৰাপীৰ দ্বাৰা চিকিৎসা কৰা হয়। ডেনিছে মনৰ জোৰতে মাত্ৰ ছমাহৰ ভিতৰতে ৰোগৰ পৰা মুক্ত হৈ সেনাত যোগ দিয়াৰ সপোন পূৰাব পাৰিলে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ