--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যোৱা ২৮ মে'ত অৰুণাচল প্ৰদেশৰ আনজাও জিলাৰ পৰা সন্ধানহীন হৈছিল গড়ৱাল ৰেজিমেণ্টৰ দুই সেনা জোৱান। ফৰৱাৰ্ড পোষ্টত নিযুক্ত নায়ক প্ৰকাশ সিং আৰু লেন্স নায়ক হৰেন্দ্ৰ সিঙ নামৰ জোৱান দুজন নদীত পৰাৰ সন্দেহ কৰা হৈছিল। কলকাতা আধাৰৰ পূব কমাণ্ডৰ অধীনস্থ এই গড়ৱাল ৰেজিমেণ্ট গোটটো অৰুণাচল প্ৰদেশৰ লেক সীমান্তৰ ওচৰত নিয়োজিত। 

যোৱা কিছুদিন ধৰি সমগ্ৰ অঞ্চলটোত চলি থকা ধাৰাসাৰ বৰষুণৰ বাবে অঞ্চলটোৰ নদীসমূহৰ জলপৃষ্ঠ উপচি আছে। এনে অৱস্থাত সেনা জোৱান দুজন নদীত পৰাৰ সন্দেহ কৰা হৈছে যদিও যোৱা ১৫ দিন ধৰি সন্ধান উলিওৱাত বিফল হৈছে সেনাৰ উদ্ধাৰকাৰী দল। 

দেওবাৰে সেনাই জাৰি কৰা এক বিবৃতিত কোৱা হৈছিল  যে সৈনিক দুজনক বিচাৰি উলিওৱাৰ বাবে সেনাৰ এটা দল তীব্ৰ অনুসন্ধান অভিযানত নামি পৰিছে যদিও এতিয়ালৈকে সৈনিকদুজনক বিচাৰি উলিয়াব পৰা হোৱা নাই। 

এক বিবৃতিত মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল অমৰিন্দৰ সিং ৱালিয়াই কয় যে অনুসন্ধান অভিযানত পুনৰীক্ষণ বিমান আৰু স্নিফাৰ ডগ ব্যৱহাৰ কৰা হৈছে যদিও সন্ধান লাভত অভিযানকাৰী দলটোৱে সফলতা লাভ কৰিব পৰা নাই।  

আনহাতে সেনাৰ এজন শীৰ্ষ বিষয়াই জানিবলৈ দিয়া মতে যোৱা দুসপ্তাহ ধৰি অনুসন্ধান অভিযান চলি আছে। ঘটনাটোৰ তদন্তৰ বাবে 'তদন্ত আদালত' গঠন কৰা হৈছে বুলি তেওঁ উল্লেখ কৰিছিল। বিষয়া গৰাকীয়ে লগতে সন্ধানহীন জোৱান দুজনৰ পৰিয়ালক নিয়মীয়াকৈ পৰিস্থিতিৰ বিষয়ে অৱগত কৰা হৈছে বুলিও সদৰি কৰে।

উল্লেখ্য যে নিখোজ হোৱা দুই জোৱান উত্তৰাখণ্ডৰ বুলি জানিব পৰা গৈছে। জোৱান দুজন সন্ধানহীন হোৱাৰ দিনাই তেওঁলোকৰ পৰিয়ালক সেনাৰ তৰফৰ পৰা এই বিষয়ে সদৰি কৰা হৈছিল।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ