--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যোৱা ২৮ মে'ত অৰুণাচল প্ৰদেশৰ আনজাও জিলাৰ পৰা সন্ধানহীন হৈছিল গড়ৱাল ৰেজিমেণ্টৰ দুই সেনা জোৱান। ফৰৱাৰ্ড পোষ্টত নিযুক্ত নায়ক প্ৰকাশ সিং আৰু লেন্স নায়ক হৰেন্দ্ৰ সিঙ নামৰ জোৱান দুজন নদীত পৰাৰ সন্দেহ কৰা হৈছিল। কলকাতা আধাৰৰ পূব কমাণ্ডৰ অধীনস্থ এই গড়ৱাল ৰেজিমেণ্ট গোটটো অৰুণাচল প্ৰদেশৰ লেক সীমান্তৰ ওচৰত নিয়োজিত। 

যোৱা কিছুদিন ধৰি সমগ্ৰ অঞ্চলটোত চলি থকা ধাৰাসাৰ বৰষুণৰ বাবে অঞ্চলটোৰ নদীসমূহৰ জলপৃষ্ঠ উপচি আছে। এনে অৱস্থাত সেনা জোৱান দুজন নদীত পৰাৰ সন্দেহ কৰা হৈছে যদিও যোৱা ১৫ দিন ধৰি সন্ধান উলিওৱাত বিফল হৈছে সেনাৰ উদ্ধাৰকাৰী দল। 

দেওবাৰে সেনাই জাৰি কৰা এক বিবৃতিত কোৱা হৈছিল  যে সৈনিক দুজনক বিচাৰি উলিওৱাৰ বাবে সেনাৰ এটা দল তীব্ৰ অনুসন্ধান অভিযানত নামি পৰিছে যদিও এতিয়ালৈকে সৈনিকদুজনক বিচাৰি উলিয়াব পৰা হোৱা নাই। 

এক বিবৃতিত মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল অমৰিন্দৰ সিং ৱালিয়াই কয় যে অনুসন্ধান অভিযানত পুনৰীক্ষণ বিমান আৰু স্নিফাৰ ডগ ব্যৱহাৰ কৰা হৈছে যদিও সন্ধান লাভত অভিযানকাৰী দলটোৱে সফলতা লাভ কৰিব পৰা নাই।  

আনহাতে সেনাৰ এজন শীৰ্ষ বিষয়াই জানিবলৈ দিয়া মতে যোৱা দুসপ্তাহ ধৰি অনুসন্ধান অভিযান চলি আছে। ঘটনাটোৰ তদন্তৰ বাবে 'তদন্ত আদালত' গঠন কৰা হৈছে বুলি তেওঁ উল্লেখ কৰিছিল। বিষয়া গৰাকীয়ে লগতে সন্ধানহীন জোৱান দুজনৰ পৰিয়ালক নিয়মীয়াকৈ পৰিস্থিতিৰ বিষয়ে অৱগত কৰা হৈছে বুলিও সদৰি কৰে।

উল্লেখ্য যে নিখোজ হোৱা দুই জোৱান উত্তৰাখণ্ডৰ বুলি জানিব পৰা গৈছে। জোৱান দুজন সন্ধানহীন হোৱাৰ দিনাই তেওঁলোকৰ পৰিয়ালক সেনাৰ তৰফৰ পৰা এই বিষয়ে সদৰি কৰা হৈছিল।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ