--°C
Loading...
Listen to Article
2 min read
80%

পানাজী : সোমবাৰে নিশা ভয়ংকৰ দুৰ্ঘটনাত পতিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীপদ নাইকৰ অৱস্থা এতিয়া সুস্থিৰ। গোৱা মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ দেহত কেইবাটাও অস্ত্ৰোপচাৰ কৰিবলগীয়া হোৱাৰ কথা প্ৰকাশ কৰিছে চিকিৎসা মহাবিদ্যালয়খনৰ জ্যেষ্ঠ চিকিৎসা বিষয়াই। সোমবাৰে নিশা কৰ্ণাটকত হোৱা এটা ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাত পাইছিল কেন্দ্ৰীয় আয়ুস মন্ত্ৰণালয়ৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে।

আৰু পঢ়িব পাৰিব : শ্ৰীৰাম মন্দিৰ নিধি সমৰ্পণ অভিযান : সামৰি লোৱা হৈছে ৰাজ্যৰ ১৬,৭০৬ গাঁও…

এই দুৰ্ঘটনাত তেওঁ পত্নী আৰু তেওঁৰ ব্যক্তিগত সচিবক হেৰুৱাবলগীয়া হয়। মন্ত্ৰীগৰাকীৰ হাত আৰু ভৰিৰ হাড় ভঙাৰ পৰিপ্ৰেক্ষিতত কেইবাটাও অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছে ৬৮বছৰীয়া ৰাজনীতিকগৰাকীৰ। গৃহচহৰ গোৱালৈ উভতি আহি থকাৰ সময়তে সোমবাৰে নিশা কৰ্ণাটকৰ কান্নাড়া জিলাৰ আংকোলাত দুৰ্ঘটনাগ্ৰস্ত হৈছিল নাইকৰ গাড়ীখন। দুৰ্ঘটনাত তেওঁৰ পত্নী বিজয়াই প্ৰাণ হেৰুৱায়।

নিশা প্ৰায় ১১বজাত পানাজীৰ সমীপত থকা গোৱা মেডিকেল কলেজ হাস্পতাললৈ নিয়া হয় নাইকক। গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে প্ৰকাশ কৰা মতে প্ৰথম অৱস্থাত মন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক আছিল যদিও সম্প্ৰতি তেওঁ সুস্থিৰ অৱস্থালৈ আহিছে। মেডিকেল কলেজ হাস্পতালখনৰ ডীন ডাঃ শিৱানন্দ বান্দেকাৰৰ নেতৃত্বত চিকিৎসকৰ এটা দলে মন্ত্ৰীগৰাকীৰ চিকিৎসাৰ দায়িত্ব পালন কৰি আছে আৰু তেওঁক উৎকৃষ্টতম চিকিৎসা প্ৰদান কৰি থকা হৈছে বুলি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সাৱন্তে।

আৰু পঢ়িব পাৰিব : নিৰ্বাচনী ৰণকৌশল ! বিহুৰ পাছতে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী !

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আদিয়ে এই দুৰ্ঘটনাক লৈ শোক ব্যক্ত কৰাৰ লগতে মন্ত্ৰীগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে গোৱাৰ মুখ্যমন্ত্ৰী সাৱন্তৰে কথা পাতি তেওঁৰ চিকিৎসাৰ সম্ভৱপৰ সকলো সুবিধা আগবঢ়োৱাৰ নিৰ্দেশ দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ