--°C
Loading...
Listen to Article
2 min read
80%

পানাজী : সোমবাৰে নিশা ভয়ংকৰ দুৰ্ঘটনাত পতিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীপদ নাইকৰ অৱস্থা এতিয়া সুস্থিৰ। গোৱা মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ দেহত কেইবাটাও অস্ত্ৰোপচাৰ কৰিবলগীয়া হোৱাৰ কথা প্ৰকাশ কৰিছে চিকিৎসা মহাবিদ্যালয়খনৰ জ্যেষ্ঠ চিকিৎসা বিষয়াই। সোমবাৰে নিশা কৰ্ণাটকত হোৱা এটা ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাত পাইছিল কেন্দ্ৰীয় আয়ুস মন্ত্ৰণালয়ৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে।

আৰু পঢ়িব পাৰিব : শ্ৰীৰাম মন্দিৰ নিধি সমৰ্পণ অভিযান : সামৰি লোৱা হৈছে ৰাজ্যৰ ১৬,৭০৬ গাঁও…

এই দুৰ্ঘটনাত তেওঁ পত্নী আৰু তেওঁৰ ব্যক্তিগত সচিবক হেৰুৱাবলগীয়া হয়। মন্ত্ৰীগৰাকীৰ হাত আৰু ভৰিৰ হাড় ভঙাৰ পৰিপ্ৰেক্ষিতত কেইবাটাও অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছে ৬৮বছৰীয়া ৰাজনীতিকগৰাকীৰ। গৃহচহৰ গোৱালৈ উভতি আহি থকাৰ সময়তে সোমবাৰে নিশা কৰ্ণাটকৰ কান্নাড়া জিলাৰ আংকোলাত দুৰ্ঘটনাগ্ৰস্ত হৈছিল নাইকৰ গাড়ীখন। দুৰ্ঘটনাত তেওঁৰ পত্নী বিজয়াই প্ৰাণ হেৰুৱায়।

নিশা প্ৰায় ১১বজাত পানাজীৰ সমীপত থকা গোৱা মেডিকেল কলেজ হাস্পতাললৈ নিয়া হয় নাইকক। গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে প্ৰকাশ কৰা মতে প্ৰথম অৱস্থাত মন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক আছিল যদিও সম্প্ৰতি তেওঁ সুস্থিৰ অৱস্থালৈ আহিছে। মেডিকেল কলেজ হাস্পতালখনৰ ডীন ডাঃ শিৱানন্দ বান্দেকাৰৰ নেতৃত্বত চিকিৎসকৰ এটা দলে মন্ত্ৰীগৰাকীৰ চিকিৎসাৰ দায়িত্ব পালন কৰি আছে আৰু তেওঁক উৎকৃষ্টতম চিকিৎসা প্ৰদান কৰি থকা হৈছে বুলি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সাৱন্তে।

আৰু পঢ়িব পাৰিব : নিৰ্বাচনী ৰণকৌশল ! বিহুৰ পাছতে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী !

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আদিয়ে এই দুৰ্ঘটনাক লৈ শোক ব্যক্ত কৰাৰ লগতে মন্ত্ৰীগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে গোৱাৰ মুখ্যমন্ত্ৰী সাৱন্তৰে কথা পাতি তেওঁৰ চিকিৎসাৰ সম্ভৱপৰ সকলো সুবিধা আগবঢ়োৱাৰ নিৰ্দেশ দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ