--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডে বিশ্ববাসীক জ্বলা-কলা খুওৱাৰ পিছতে এইবাৰ আহিছে আন এক ভাইৰাছ ৷ নাম পাইৰোলা৷ এই ভাইৰাছে দেহৰ  ৰোগ প্ৰতিৰোধ ক্ষমতা  ধ্বংস কৰিব পাৰে বুলি  বিজ্ঞানীসকলে সতৰ্ক কৰি দিছে৷ বিজ্ঞানীসকলৰ মতে এয়া কোভিডৰে  নতুন ৰূপ৷   জাপানত চলোৱা  শেহতীয়া অধ্যয়নত পাইৰোলাৰ কথা পোহৰলৈ আহিছে৷ 

শেহতীয়াকৈ, লেঞ্চেট আলোচনীত প্ৰকাশ পোৱা এক নিবন্ধত  'পাইৰোলা' বা বি.এ.২.৮৬ ৰ বিষয়ে উল্লেখ কৰা হৈছে৷ দৰাচলতে ভাৰতত আগষ্ট মাহত ভাইৰাছবিধত আক্ৰান্ত হোৱাৰ এটা ঘটনাধৰা পৰিছিল। অৱশ্যে ভাইৰাছবিধৰ সংক্ৰমণৰ বিষয়ে তেতিয়া মানুহ সিমান জ্ঞাত নাছিল৷  বিজ্ঞানী,সকলে ভাইৰাছ বিধৰ সংক্ৰমণ ৰোধ কৰিবলৈ সক্ষম হোৱা নাই। 

 ভাইৰাছবিধকলৈ  বিশ্ব স্বাস্থ্য সংস্থায়ো গুৰুত্বসহকাৰে সকলো কথা লক্ষ্য কৰি আছে৷ ইয়াৰ মাজতেএক  অধ্যয়নে  দাবী কৰিছে যে ভাইৰাছ বিধে  ৰোগ প্ৰতিৰোধ প্ৰণালী ধ্বংস কৰিব পাৰে। কেৱল সেয়াই নহয় , এতিয়ালৈকে পোৱা ভাইৰাছবোৰৰ ভিতৰত ই ৰোগ প্ৰতিৰোধ প্ৰণালীৰ বাবে আটাইতকৈ মাৰাত্মক ভাইৰাছ ।  

পূৰ্বৱৰ্তী ভাইৰাছৰ বিৰুদ্ধে অনায়াসে কাম কৰা এণ্টিবডীবোৰ এই ক্ষেত্ৰত অকাৰ্যকৰী বুলিও কোৱা হৈছে৷ তৃতীয় পালি ভেকচিন গ্ৰহণ কৰা  লোকসকলৰ পৰা এই  অধ্যয়নৰ বাবে নমুনা সংগ্ৰহ কৰা হৈছিল। অধ্যয়নত  পোৱা গৈছে যে এণ্টিবডীবোৰ ভাইৰাছ বিধৰ ক্ষেত্ৰত একেবাৰে কাৰ্যকৰী নহয়।  

গৱেষকসকলৰ মতে, পাইৰোলাৰ স্পাইক প্ৰ'টিনত ইতিমধ্যে ৩০  টা পৰিৱৰ্তন লক্ষ্য কৰা হৈছে। যিটো আন ভাইৰাছতকৈ বহু বেছি। বিজ্ঞানীসকলে বিশ্বাস কৰে যে ইমানবোৰ পৰিৱৰ্তন বিপদৰ সংকেত। এনে ভাইৰাছে  পোনপটীয়াকৈ ৰোগ প্ৰতিৰোধ প্ৰণালী ধ্বংস কৰিব পাৰে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ