--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডে বিশ্ববাসীক জ্বলা-কলা খুওৱাৰ পিছতে এইবাৰ আহিছে আন এক ভাইৰাছ ৷ নাম পাইৰোলা৷ এই ভাইৰাছে দেহৰ  ৰোগ প্ৰতিৰোধ ক্ষমতা  ধ্বংস কৰিব পাৰে বুলি  বিজ্ঞানীসকলে সতৰ্ক কৰি দিছে৷ বিজ্ঞানীসকলৰ মতে এয়া কোভিডৰে  নতুন ৰূপ৷   জাপানত চলোৱা  শেহতীয়া অধ্যয়নত পাইৰোলাৰ কথা পোহৰলৈ আহিছে৷ 

শেহতীয়াকৈ, লেঞ্চেট আলোচনীত প্ৰকাশ পোৱা এক নিবন্ধত  'পাইৰোলা' বা বি.এ.২.৮৬ ৰ বিষয়ে উল্লেখ কৰা হৈছে৷ দৰাচলতে ভাৰতত আগষ্ট মাহত ভাইৰাছবিধত আক্ৰান্ত হোৱাৰ এটা ঘটনাধৰা পৰিছিল। অৱশ্যে ভাইৰাছবিধৰ সংক্ৰমণৰ বিষয়ে তেতিয়া মানুহ সিমান জ্ঞাত নাছিল৷  বিজ্ঞানী,সকলে ভাইৰাছ বিধৰ সংক্ৰমণ ৰোধ কৰিবলৈ সক্ষম হোৱা নাই। 

 ভাইৰাছবিধকলৈ  বিশ্ব স্বাস্থ্য সংস্থায়ো গুৰুত্বসহকাৰে সকলো কথা লক্ষ্য কৰি আছে৷ ইয়াৰ মাজতেএক  অধ্যয়নে  দাবী কৰিছে যে ভাইৰাছ বিধে  ৰোগ প্ৰতিৰোধ প্ৰণালী ধ্বংস কৰিব পাৰে। কেৱল সেয়াই নহয় , এতিয়ালৈকে পোৱা ভাইৰাছবোৰৰ ভিতৰত ই ৰোগ প্ৰতিৰোধ প্ৰণালীৰ বাবে আটাইতকৈ মাৰাত্মক ভাইৰাছ ।  

পূৰ্বৱৰ্তী ভাইৰাছৰ বিৰুদ্ধে অনায়াসে কাম কৰা এণ্টিবডীবোৰ এই ক্ষেত্ৰত অকাৰ্যকৰী বুলিও কোৱা হৈছে৷ তৃতীয় পালি ভেকচিন গ্ৰহণ কৰা  লোকসকলৰ পৰা এই  অধ্যয়নৰ বাবে নমুনা সংগ্ৰহ কৰা হৈছিল। অধ্যয়নত  পোৱা গৈছে যে এণ্টিবডীবোৰ ভাইৰাছ বিধৰ ক্ষেত্ৰত একেবাৰে কাৰ্যকৰী নহয়।  

গৱেষকসকলৰ মতে, পাইৰোলাৰ স্পাইক প্ৰ'টিনত ইতিমধ্যে ৩০  টা পৰিৱৰ্তন লক্ষ্য কৰা হৈছে। যিটো আন ভাইৰাছতকৈ বহু বেছি। বিজ্ঞানীসকলে বিশ্বাস কৰে যে ইমানবোৰ পৰিৱৰ্তন বিপদৰ সংকেত। এনে ভাইৰাছে  পোনপটীয়াকৈ ৰোগ প্ৰতিৰোধ প্ৰণালী ধ্বংস কৰিব পাৰে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ