--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত উচ্চ ৰক্তচাপ ৰোগীৰ সংখ্যা অতি বেছি কাৰণ ইয়াৰ খাদ্যত প্ৰচুৰ পৰিমাণে নিমখ ব্যৱহাৰ কৰা হয় যিটোত ছডিয়াম প্ৰচুৰ পৰিমাণে থাকে। ইয়াৰ উপৰিও দুৰ্বল জীৱনশৈলী, মানসিক চাপ আৰু শাৰীৰিক ক্ৰিয়া-কলাপেও উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰ সৃষ্টি কৰিব পাৰে। যদি আমি নিয়মিতভাৱে জিংক সমৃদ্ধ খাদ্য খাওঁ তেন্তে বিপি সহজে নিয়ন্ত্ৰণ কৰিব পৰা যাব।

জিংক সমৃদ্ধ খাদ্য

১/ বাদামঃ জিংকৰ বাহিৰেও বাদামত প্ৰচুৰ পৰিমাণে বহুতো প্ৰয়োজনীয় পুষ্টিকৰ উপাদান থাকে। জিংক পাবলৈ আপুনি বাদাম, কাজু আৰু আলমণ্ড আদি শুকান ফল সেৱন কৰিব পাৰে। এনে পৰিস্থিতিত আপোনাৰ উচ্চ ৰক্তচাপৰ সম্ভাৱনা বহু পৰিমাণে কমি যাব।

২/ গাখীৰৰ পৰা উৎপাদিত সামগ্ৰীঃ গাখীৰ আৰু ইয়াৰ উৎপাদিত সামগ্ৰীক জিংকৰ ভাল উৎস বুলি গণ্য কৰা হয়, বিশেষকৈ নিৰামিষভোজীৰ প্ৰয়োজনৰ বাবে ই এক নিখুঁত খাদ্য। গাখীৰৰ বাহিৰেও পনীৰ আৰু দৈ সেৱন কৰিব পাৰে, এইবোৰ খালে জিংক লাভ কৰে শৰীৰে। 

৩/ কণীঃ যদিও কণী মূলতঃ প্ৰটিনৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে খোৱা হয়, তথাপিও ইয়াত জিংকৰ লগতে ভিটামিন আৰু চেলেনিয়ামও প্ৰচুৰ পৰিমাণে থাকে। জিংকৰ অভাৱৰ পৰা হাত সাৰিবলৈ দৈনিক ২টাকৈ কণী খাব লাগে।

৪/ অটচঃ আমাৰ বহুতেই দিনটো আৰম্ভ কৰে অটছৰ বাটি এটা খাই। এইটো অতি স্বাস্থ্যসন্মত খাদ্য য’ত জিংক, প্ৰ’টিন আৰু আঁহৰ অভাৱ নহয়। এইখিনি খালে উচ্চ ৰক্তচাপ, বদহজম আৰু মেদবহুলতাৰ পৰা সকাহ পাব পাৰি।

৫/ ডাৰ্ক চকলেটঃ আমাৰ বেছিভাগেই ডাৰ্ক চকলেট খাই ভাল পায়, ইয়াক জিংকৰ চহকী উৎস বুলি গণ্য কৰা হয় আৰু ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ আৰু মেগনেছিয়ামো থাকে। ডাৰ্ক চকলেটে ৰক্তচাপ বজাই ৰাখে আৰু লগতে সঠিকভাৱে কাম কৰাত সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ