--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এল ২০২২ অন্ত পৰিল।হাৰ্ডিক পাণ্ডিয়াৰ গুজৰাট টাইটানছে  আই পি এল  ২০২২ৰ খিতাপ অৰ্জন কৰিলে। ইমানতে আই পি এল অধ্যায়ৰ অন্ত পৰা নাই। আই পি এলক কেন্দ্ৰ কৰিয়েই  বিচিচিআইয়ে এইবাৰ এক বিশেষ পুৰস্কাৰ প্ৰদানৰ কথা ঘোষণা কৰিছে।পুৰস্কাৰৰ ধনৰাশিৰ পৰিমাণ হৈছে ১.২৫ কোটি টকা। অৱশ্যে এই পুৰস্কাৰ আইপিএলৰ কোনো খেলুৱৈক প্ৰদান কৰা নহয়। এই পুৰস্কাৰ প্ৰদান কৰা হ’ব আই পি এল ২০২২ ৰ 'অখ্যাত নায়ক'ৰ সকলক। 

কিন্তু কোন এই 'অখ্যাত নায়ক'। বিচিচিআইয়ে প্ৰকাশ কৰা মতে  সদ্যসমাপ্ত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ সময়ত দুখ-ভাগৰ পাহৰি   কাম কৰা কিউৰেটৰ আৰু গ্ৰাউণ্ডছমেনসকলক প্ৰদান কৰা হ’ব ১.২৫ কোটি  টকাৰ পুৰস্কাৰ ৷বিচিচিআইৰ সাধাৰণ সম্পাদক তথা দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহে এক টুইটত এই কথা প্ৰকাশ কৰিছে।

 দেওবাৰে নিশা  ৰাজস্থান ৰয়েলছক সাত উইকেটত পৰাস্ত কৰি  গুজৰাট টাইটানছে বিজয়ীৰ ট্ৰফী অৰ্জন কৰিছিল ৷ শ্বাহে লগতে কয় যে  পুনেৰ চিচিআই, ৱানখেডে, ডিৱাই পাটিল আৰু এমচিএৰ বাবে ২৫ লাখকৈ  টকা  বিচিচিআইয়ে প্ৰদান কৰিব।
ইডেন আৰু নৰেন্দ্ৰ মোডী ষ্টেডিয়ামৰ বাবে ১২.৫ লাখ দিয়া হ’ব।
 
উল্লেখ্য দেওবাৰে আইপিএলৰ ফাইনেলত পৰাজিত হৈছিল ৰাজস্থান ৰয়েলছ।  হাৰ্ডিক পাণ্ডিয়াৰ গুজৰাট টাইটানছে প্ৰথমবাৰ অংশ লৈয়েই  আই পি এল  ২০২২ৰ খিতাপ আজুৰি নিছিল।

গুজৰাটৰ আৰম্ভণি ভাল নাছিল। ঋদ্ধিমান সাহা মাত্ৰ ৭ ৰাণতে আউট হৈছিল।  প্ৰথমবাৰৰ বাবে আইপিএলৰ  খেলা গুজৰাট দলটোৱে দৃঢ় মানসিকতাৰে  যুঁজ দি জয়ী হৈছিল। ফাইনেলত হাৰ্দিক, মহম্মদ ছামী, ৰছিদ খানে বলত আধিপত্য বিস্তাৰ কৰিছিল। 

যুৱ সাই কিশোৰে বলিং আৰু দুটা গুৰুত্বপূৰ্ণ কেচৰ সৈতে যোগ্য সহযোগ দিছিল। ফলস্বৰূপে, ৰাজস্থানে প্ৰথমে বেটিং কৰি ৯ উইকেটত ১৩০ ৰাণতে ইনিংছ সামৰিবলগীয়া হয়।  ছামী, ৰছিদ খান আৰু সাই কিশোৰে সুন্দৰ প্ৰদৰ্শনেৰে দলটোক বিজয়ৰ সোৱাদ লভাত সহায় কৰিছিল। ৰছিদে মাত্ৰ ১৮ ৰাণৰ বিনিময়ত ১ টা উইকেট দখল কৰে। সাইয়ে ২০ ৰাণত  দখল কৰে ২ টা উইকেট।





FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত