--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এল ২০২২ অন্ত পৰিল।হাৰ্ডিক পাণ্ডিয়াৰ গুজৰাট টাইটানছে  আই পি এল  ২০২২ৰ খিতাপ অৰ্জন কৰিলে। ইমানতে আই পি এল অধ্যায়ৰ অন্ত পৰা নাই। আই পি এলক কেন্দ্ৰ কৰিয়েই  বিচিচিআইয়ে এইবাৰ এক বিশেষ পুৰস্কাৰ প্ৰদানৰ কথা ঘোষণা কৰিছে।পুৰস্কাৰৰ ধনৰাশিৰ পৰিমাণ হৈছে ১.২৫ কোটি টকা। অৱশ্যে এই পুৰস্কাৰ আইপিএলৰ কোনো খেলুৱৈক প্ৰদান কৰা নহয়। এই পুৰস্কাৰ প্ৰদান কৰা হ’ব আই পি এল ২০২২ ৰ 'অখ্যাত নায়ক'ৰ সকলক। 

কিন্তু কোন এই 'অখ্যাত নায়ক'। বিচিচিআইয়ে প্ৰকাশ কৰা মতে  সদ্যসমাপ্ত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ সময়ত দুখ-ভাগৰ পাহৰি   কাম কৰা কিউৰেটৰ আৰু গ্ৰাউণ্ডছমেনসকলক প্ৰদান কৰা হ’ব ১.২৫ কোটি  টকাৰ পুৰস্কাৰ ৷বিচিচিআইৰ সাধাৰণ সম্পাদক তথা দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহে এক টুইটত এই কথা প্ৰকাশ কৰিছে।

 দেওবাৰে নিশা  ৰাজস্থান ৰয়েলছক সাত উইকেটত পৰাস্ত কৰি  গুজৰাট টাইটানছে বিজয়ীৰ ট্ৰফী অৰ্জন কৰিছিল ৷ শ্বাহে লগতে কয় যে  পুনেৰ চিচিআই, ৱানখেডে, ডিৱাই পাটিল আৰু এমচিএৰ বাবে ২৫ লাখকৈ  টকা  বিচিচিআইয়ে প্ৰদান কৰিব।
ইডেন আৰু নৰেন্দ্ৰ মোডী ষ্টেডিয়ামৰ বাবে ১২.৫ লাখ দিয়া হ’ব।
 
উল্লেখ্য দেওবাৰে আইপিএলৰ ফাইনেলত পৰাজিত হৈছিল ৰাজস্থান ৰয়েলছ।  হাৰ্ডিক পাণ্ডিয়াৰ গুজৰাট টাইটানছে প্ৰথমবাৰ অংশ লৈয়েই  আই পি এল  ২০২২ৰ খিতাপ আজুৰি নিছিল।

গুজৰাটৰ আৰম্ভণি ভাল নাছিল। ঋদ্ধিমান সাহা মাত্ৰ ৭ ৰাণতে আউট হৈছিল।  প্ৰথমবাৰৰ বাবে আইপিএলৰ  খেলা গুজৰাট দলটোৱে দৃঢ় মানসিকতাৰে  যুঁজ দি জয়ী হৈছিল। ফাইনেলত হাৰ্দিক, মহম্মদ ছামী, ৰছিদ খানে বলত আধিপত্য বিস্তাৰ কৰিছিল। 

যুৱ সাই কিশোৰে বলিং আৰু দুটা গুৰুত্বপূৰ্ণ কেচৰ সৈতে যোগ্য সহযোগ দিছিল। ফলস্বৰূপে, ৰাজস্থানে প্ৰথমে বেটিং কৰি ৯ উইকেটত ১৩০ ৰাণতে ইনিংছ সামৰিবলগীয়া হয়।  ছামী, ৰছিদ খান আৰু সাই কিশোৰে সুন্দৰ প্ৰদৰ্শনেৰে দলটোক বিজয়ৰ সোৱাদ লভাত সহায় কৰিছিল। ৰছিদে মাত্ৰ ১৮ ৰাণৰ বিনিময়ত ১ টা উইকেট দখল কৰে। সাইয়ে ২০ ৰাণত  দখল কৰে ২ টা উইকেট।





FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ