--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএলত বৃদ্ধি পাইছে মেচৰ সংখ্যা। ফলত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহৰ সময়সূচী ৰক্ষা কৰিবলৈ বিশ্বকাপত দলৰ সংখ্যা বৃদ্ধি কৰাৰ কথা চিন্তা কৰিছে আইচিচি-এ। আইপিএলৰ বাবে বিশ্বকাপত দলৰ সংখ্যা বৃদ্ধি হ’ব পাৰে। এই ইংগিত দিছে আইচিচিৰ অধ্যক্ষ গ্ৰেগ বাৰ্কলেই। আইপিএলৰ প্লে’ অফ চাবলৈ ভাৰতলৈ আহিছে বাৰ্কলেই। আহমেদাবাদত অনুষ্ঠিত দ্বিতীয়খন কোৱালিফায়াৰৰ পিছত এই বিষয়ে সোধাত তেওঁ এই বিষয়ে অৱগত কৰে।

এইবাৰ আইপিএলত দলৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবেই মেচৰ সংখ্যা বৃদ্ধি পাইছে। য’ত পূৰ্বে ৬০ খন মেচ খেলা হৈছিল এতিয়াৰে পৰা  ৭৪ খন মেচ খেলা হয়। বিগত বৰ্ষত ৫৫ দিন ধৰি চলিছিল এই প্ৰতিযোগিতা। এইবাৰ এই সংখ্যা বৃদ্ধি পাই ৬৫ দিন হৈছেগৈ। এনে অৱস্থাত সংস্থাই বিভিন্ন দেশৰ মাজত দ্বি-পাক্ষিক শৃংখলা কেনেদৰে আয়োজন কৰিব তাকে ভাবি পোৱা নাই। সেইবাবে এই বিকল্প উপায় গ্ৰহণ কৰাৰ কথা ভাবিছে আইচিচিয়ে।

দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট ব’ৰ্ড আৰু সংযুক্ত আৰব আমিৰশ্বাহী ক্ৰিকেট ব’ৰ্ডে নিজৰ দেশত নতুন লীগ আৰম্ভ কৰাৰ বিষয়ে ঘোষণা কৰিছে। দুয়োখন দেশৰ মাজত হোৱা দ্বি-পাক্ষিক শৃংখলাত ইয়াৰ প্ৰভাৱ পৰিব নেকি বুলি সোধাত বাৰ্কলেই কয় যে, যদি কোনো দেশে ঘৰুৱা লীগ আৰম্ভ কৰে তেন্তে ইয়াৰ লগত আইচিচিৰ কোনো সম্পৰ্ক নাই। আমি কিছুমান বিকল্প উপায়ৰ কথা ভাবিছো। উদাহৰণস্বৰূপে, দ্বিপাক্ষিক শৃংখলা অবিহনে আইচিচিৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দেশৰ সংখ্যা বৃদ্ধি কৰিব পাৰি।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত