--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অলপতে সামৰণি পৰিছে চলিত বৰ্ষৰ আইপিএল৷ মেগা টুৰ্ণামেণ্টত দেখুওৱা প্ৰদৰ্শনৰ ভিত্তিত ভাৰতৰ প্ৰাক্তন অধিনায়ক শচীন তেণ্ডুলকাৰে বাচনি কৰি উলিয়াইছে শ্ৰেষ্ঠ একাদশ। মাষ্টাৰ ব্লাষ্টাৰৰ দলত স্থান নাপালে বিৰাট কোহলী, ৰোহিত শৰ্মাৰ দৰে তাৰকা ক্ৰিকেটাৰে। তেণ্ডুলকাৰে নিজৰ ইউটিউব চেনেলত কয় যে, খেলুৱৈসকলৰ নাম বা বিগত প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি দলটো বাছনি কৰা হোৱা নাই। এই ছিজনৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি দলটো গঠন কৰা হৈছে।’

প্ৰথমবাৰ টুৰ্ণামেণ্টত খেলাৰ পিছত চেম্পিয়ন হয় গুজৰাট টাইটানছ। হাৰ্দিক পাণ্ডিয়াই আৰম্ভণিৰে পৰা দলটোক নেতৃত্ব দিছে-দৃঢ়তাৰে। তেণ্ডুলকাৰে নিজৰ দলৰ অধিনায়ক হিচাপে বাছনি কৰিছে হার্দিক পাণ্ডিয়াক। তেণ্ডুলকাৰে কয়, ‘হাৰ্ডিকৰ নেতৃত্বই দৃষ্টি কাঢ়িছে। তেওঁৰ চিন্তা-ভাৱনা স্পষ্ট। মই সদায় কওঁ অনুশোচনা নকৰিবা, উদযাপন কৰা। উদযাপন কৰিব পাৰিলে প্ৰতিপক্ষক সহজে হাতলৈ আনিব পাৰি। হাৰ্দিকে ঠিক তেনেকুৱাই কৰিলে।’

শচীনৰ দলৰ  অ’পেনাৰ হিচাপে নিৰ্বাচিত কৰিছে জছ বাটলাৰ আৰু শিখৰ ধাৱান। এইবাৰ প্ৰতিযোগিতাখনত বাটলাৰে ৮৬৩ ৰান সংগ্ৰহ কৰিছে। লগত আছে চাৰিটা শতকীয় ইনিংছ। ইফালে, শিখৰ ধাৱনে প্ৰতিযোগিতাখনত ৪৬০ ৰান সংগ্ৰহ কৰিছে। লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক লোকেশ ৰাহুলে তিনি নম্বৰত বেটিং কৰিব। বাটলাৰৰ পিছতে ৰাহুল দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী। ১৫টা ইনিংছত ৬১৬ ৰান সংগ্ৰহ কৰিছে ৰাহুলে।

তেণ্ডুলকাৰে কয়, ‘ৰাহুল এনে এজন বেটছমেন যিয়ে ছিংগল ৰান ল’ব পাৰে আৰু প্ৰয়োজনত অ’ভাৰ বাউণ্ডেৰীও মাৰিব পাৰে। ৪ নম্বৰৰ বাবে তেণ্ডুলকাৰৰ পছন্দৰ খেলুৱৈ হৈছে পাণ্ডিয়া। পাঁচ নম্বৰত ডেভিড মিলাৰ। ৰাইট আৰু লেফ্ট হেণ্ড কম্বিনেশ্যন বজাই ৰাখিবলৈ পঞ্চম স্থানত ৰাখিছে কিলাৰ মিলাৰক। ইয়াৰ পিছতে থাকিব লিয়াম লিভিংষ্টোন আৰু দীনেশ কাৰ্তিক। শচীনৰ একাদশত মূল বলাৰ হিচাপে ৰছিদ খান, মহম্মদ ছামী, যছপ্ৰীত বুমৰাহ আৰু যুজবেন্দ্ৰ চাহাল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ